অসমৰ আলোকময় সংস্কৃতি সাগৰত ৰাভা---
" মাজতে এটা সপ্তাহ তোমালোকৰ লগত কটাব পৰা নাই । জানা তৰুণ , দেহাটো একেবাৰে বেয়া আছিল । তোমালোকক লগ নোপোৱা বেদনাত দেহাটোৰ লগতে মনটোও বেয়া কৰিছিল । যি নহওঁক যোৱাটো ক্লাছতে তোমালোকক কৈছিলোঁ অহা ক্লাচত ৰাভাদেৱৰ আলোকময় সাংস্কতিক পৰিক্ৰমাৰ কথা পাতিম । বৰপেটাৰ ৰসাল আৰু জ্ঞানগৰ্ভ কথা ভালেখিনি আমি আগতেই পাতিছোঁ ।"
" বাৰু নৱনীতা , তুমি অসমীয়া ভাষাৰ বাহিৰেও আৰু কি ভাষা ক'ব জানা বুলি কৈছিলা ? অ’ বড়ো ভাষা নহয় ? আৰু কোনোবাই কিবা বেলেগ ভাষা ক'ব জানা নেকি ? ৰহিমা কি ক'লা ? গোৱালপৰীয়া ভাষা ? বাহঃ ধুনীয়া । ৰাভা , গাৰো , কাৰ্বী আদি ভাষা কোনোবাই জানা নেকি ? তলমূৰ কৰিব নালাগে । একো নাই , ময়ো নাজানো । কিন্তু তোমালোকে জানি ভাল পাবা বিষ্ণুৰাভাই ১৬ টা ভাষা জানিছিল । সেয়ে তেওঁ প্ৰায় সমূহ জনগোষ্ঠীৰে সাংস্কৃতিক উপাদান সমূহৰ সৈতে পৰিচিত আছিল । সকলো ভাষাতে কেৱল কথা পতাই নহয় , প্ৰায়বোৰ ভাষাতেই গানো গাব পাৰিছিল । পাহাৰ- ভৈয়ামৰ যোগসূত্ৰ হৈ পৰিছিল ।
মানৱ জাতিৰ ইতিহাস বিচাৰি ৰাভাই ভ্ৰমিছিল গ্ৰন্থ সাগৰত। ‘ মানুষ কেমন কৰে বড়ো হলোঁ ’, ' মানৱ জাতিৰ ইতিহাস 'আদি গ্ৰন্থৰ মাজত নিজকে বিলীন কৰিলে। উপলব্ধি কৰিলে আদিম সমাজৰ সত্য। সেয়ে লিখিলে আদিম সমাজৰ বিচিত্ৰহীনতাৰ কথা। কৃষি, কুমাৰ কৰ্ম আদিৰ আৰম্ভনিৰ ইতিহাস। সেই সময়চোৱাত নাছিল ধৰ্ম, নাছিল জাতি। নাছিল উচ্চ-নীচ, ধনী-দুখীয়া। গুহাত বাস কৰা মানৱে শিলে শিলে খুণ্ডা খাই উৎপন্ন হোৱা ' টিঙৰি ' (শিলে শিলে খুণ্ডা খাই উঠা জুইক টিঙৰি কোৱা হয়)ৰে জুই জ্বলাই পুৰি খাইছিল মাছ, মাংসকে ধৰি সকলো। ক্ৰমান্বয়ে গছৰ ফেৰেঙণিত ঘৰ সাজি বন্যজন্তুৰ পৰা নিজক ৰক্ষা কৰিবলৈ ললে। দলগত চিকাৰলৈ যোৱা সময়ত খাই পেলাই দিয়া গুটিৰ পৰা গজালি মেলা দেখিয়েই নাৰীয়ে আৱিস্কাৰ কৰিলে কৃষিৰ । কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বনোৱা, মাটিৰে চৰু বনাই তাত খাদ্য সিজাই খোৱা আদি ভিন্ন আৱিস্কাৰৰ সত্য অথচ ৰসাল কাহিনী ৰাভাৰ কলমত । তোমালোকে কিন্তু এই কথাবোৰ নপঢ়াকৈ নাথাকিবা। ৰাভাৰ মতে অসমৰ কলম্বাচ কোন ? ব্ৰহ্মপুত্ৰ নাম কেনেকৈ হ’ল ?এইবোৰ জানিবলৈয়ে পঢ়িবা । অসমৰ নদ-নদী সমূহৰ অলেখ কাহিনী ৰাভাৰ লেখাত পাবা। "
" জানা তৰুণ, ৰাভাৰ মতে কাৰ্বি সকলেই অসমত প্ৰথমে বাস কৰা জনগোষ্ঠী । সেয়ে তেওঁ কাৰ্বি সকলক অসমৰ কলম্বাচ বুলি কৈছে। প্ৰায় আঢ়ৈ লাখ বছৰ আগতেই হেনো কাৰ্বিসকল অসমলৈ আহিছিল । যি সময়চোৱাক প্ৰস্তৰ আৰু নৱপ্ৰস্ত যুগৰ সন্ধিক্ষণ বোলা হয় সেই সময়তে হেনো কুকী, লুচাই, নগা আদি জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল । "
" চোৱাচোন কিমান জানিব লগা কথা । বাৰু অনিৰ্বাণ, তোমালোকে নিশ্চয় বুজিছা যে, ৰাভাই কোৱা অসম মানে আজিৰ অসম নহয় । সাতো ভনী (অৰুণাচল,মিজোৰাম, মণিপুৰ, মেঘালয় নাগালেণ্ড, ত্ৰিপুৰা)ৰ সন্মিলিত অসম । কাৰ্বিসকল অষ্ট্ৰিক জাতিৰ লোক । তেওঁলোকৰ পাছত খেতি কামত আগবঢ়া মঙ্গোলীয় সকল অসমলৈ আহিছিল । এওঁলোকৰ লগতেই ব্ৰহ্মপুত্ৰ নামৰ হেনো আত্মিক সম্পৰ্ক । তেওঁলোকে হেনো বহল ঠাই জুৰি থকা নদীবোৰক ‘ ডিলাও ’বুলি কয় । অতি আচৰিত কথা কি জানা ? ৰাভাই তেখেতৰ লেখাৰ এঠাইত কৈছে --ডিলাওৰ পৰা টিলাও, অপভ্ৰংশ হৈ লাওটি আৰু শেষত হেনো লুইত শব্দৰ উৎপত্তি হৈছিল । আন এক ভিন্ন বৰ্ণনা কৰি তেওঁ লিখিছে মঙ্গোলীয়া গোষ্ঠীৰ অৰ্থাৎ বড়ো, ৰাভা, সোণোৱাল, বৰ্মণ, মৰাণ, তিৱা, কোঁচ, ৰামচা, মিচিং,চুটীয়া, অঁকা আৰু মণিপুৰী আদি লোকসকলে কলকলাই বৈ যোৱা বাবেই নদীক হেনো ভুল্লুং বুথুৰ বুলি কৈছিল । এই ভুল্লুং বুথুৰৰ পৰাই ব্ৰহ্মপুত্ৰ নাম হোৱা বুলি ৰাভাই নিজৰ লেখাত উল্লেখ কৰিছে । ৰাভাদেৱৰ লিখনিত উল্লেখ কৰা অনুসৰি টাই মঙ্গোলীয় গোষ্ঠীৰ আহোমসকল অসমলৈ সকলোতকৈ শেষত আহে । আহোমসকলে ছশ বছৰ অসমত ৰাজত্ব কৰে । পিছত অসমক মান সকলে আক্ৰমণ কৰে আৰু অৱৰ্ণনীয় অত্যাচাৰ কৰে । ইয়াৰ পাছতে মানৰ সৈতে ইংৰাজৰ সন্ধি হয় । ইয়াৰ বাবেই স্বাধীনমনা অসমবাসীৰ মুক্তচিন্তাৰ যতি পৰে । "
" আজিলৈ এৰোঁ দিয়া । তোমালোকে ৰাভা ৰচনাৱলীখন যেনে তেনে পঢ়িবা দেই। অহা সপ্তাহত তোমালোকক ৰাভাদেৱৰ দ্বাৰা সৃষ্ট সাহিত্যৰ কিছু আভাষ দিম।। আজিলৈ এৰিছোঁ দেই । "
ৰাতুল গোস্বামী ।
প্ৰধান সম্পাদক,
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী l
0 Comments