header ads

তত্বাৱধায়িকাৰ একলম l দ্বিতীয় বছৰ, ৩য় সংখ্যা

তত্বাৱধায়িকাৰ একলম 

 


" এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ " ------ৰাজা ৰামমোহন ৰায় 


           পোনতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে সমূহ পঢ়ুৱৈ সমাজ , লেখক ,শুভাকাংক্ষী তথা বিষয়া-কৰ্মচাৰীলৈ শৈক্ষিক গোট জ্ঞানম্, কামৰূপৰ তৰফৰ পৰা আন্তৰিক শুভকামনা আৰু শ্ৰদ্ধা নিবেদিছোঁ ।

                তত্বাৱধায়িকাৰ কলমৰ আৰম্ভণীতে জ্ঞানম-ই আলোচনীখনলৈ লেখা, ছবি, সাঁথৰ,কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । আপোনালোকে আলোচনীখনক আদৰি লোৱা আৰু আমাক সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত এক পৰিৱেশ সৃষ্টিত আগবঢ়োৱা সহায়ৰ বাবে শৈক্ষিক গোট,জ্ঞানম্, কামৰূপৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । 

            আলোচনীখনৰ দ্বিতীয় বৰ্ষৰ ৩য় সংখ্যাৰ 'তত্বাৱধায়কৰ একলম'ত শিক্ষানুষ্ঠানৰ শৈক্ষিক উত্তৰণত ছাত্ৰ সংসদৰ ভূমিকাৰ বিষয়ে চমুকৈ এটি আলোচনা আগবঢ়াব বিচাৰিছোঁ । 

           কথাতে আছে ' আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক ' – এগৰাকী শিশুৰ ওপৰত গম নোপোৱাকৈয়ে সমাজে বহু দায়িত্ব অৰ্পণ কৰে ।কাৰণ প্ৰতিগৰাকী শিশুকেই লাহে লাহে জীৱনত নিজৰ তথা পৰিয়ালৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে ক্ৰমান্বয়ে সাজু কৰি তোলা হয় আৰু এয়া যেন এক মানবীয় দায়বদ্ধতা । সেয়েহে ,শিশুৰ সামাজিক চেতনাবোধৰ প্ৰতিফলনৰ প্ৰথম আৰু প্ৰধান ক্ষেত্ৰ হিচাপে শিক্ষানুষ্ঠানৰ কথাই উনুকিয়াব পাৰি । শিক্ষানুষ্ঠান এখনৰ উন্নয়নত ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ অংশগ্ৰহণ নিশ্চিতকৰণাৰ্থে প্ৰতিখন বিদ্যালয়তে অতীজৰে পৰা এখন মন্ত্ৰী সভা, এতিয়া ছাত্ৰ সংসদ ব্যৱস্থাৰ প্ৰচলন হৈ আছে । এই ব্যৱস্থাৰ জৰিয়তে অকল বিদ্যালয়খনৰ উন্নয়নে সম্ভৱ হয় তেনে নহয়, শিশুসকলে এগৰাকী নাগৰিক হিচাপে সমাজ উন্নয়নত অংশগ্ৰহণ তথা নিজকে নিয়োজিত কৰিবলৈ জ্ঞান লাভ কৰাৰ লগতে সুযোগ লাভ কৰিবলৈ সক্ষম হয় । শিশুৰ মাজত লুকাই থকা অযুত প্ৰতিভা , নেতৃত্ব গুণৰ অধিকাৰী হোৱাত আত্মবিশ্বাসৰ বৃদ্ধি ইত্যাদি দিশত পাৰ্গত হয় । সমাজত সকলোৰে সন্মুখত ভাষণ দিয়া কাৰ্য আৰু নিজৰ অধিকাৰৰ ক্ষেত্ৰত মাত মাতিব পৰাৰ অধিকাৰী হয় । সমনীয়াৰ লগত মিলা-প্ৰীতি আৰু দলগতভাৱে কাম কৰাৰ মানসিকতাও বৃদ্ধি পায় ।

            তাৰোপৰি সমজুৱা আলোচনাৰ মাধ্যমেৰে শিশুসকলে সিদ্ধান্ত ল'বলৈ শিকিব পাৰে আৰু সমাজৰ মাজত বিভিন্ন ধৰণৰ সচেতনতা বৃদ্ধি আদি কাৰ্যত অংশগ্ৰহণৰ জৰিয়তে স্থানীয় ৰাইজক বিদ্যালয়ৰ লগত জড়িতকৰণত সহায়ক হয় । 

            ছাত্ৰ- সংসদে শিক্ষক আৰু অভিভাৱকৰ মাজত যোগসূত্ৰ স্থাপনত মুখ্য ভুমিকা লোৱাৰ লগতে বিদ্যালয়ত অভিভাৱকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব পাৰে । এনেবোৰ ধাৰণাৰ এক সুপৰিকল্পিত ৰূপ দিবলৈ হ'লে প্ৰতিখন বিদ্যালয়তে ছাত্ৰ সংসদ খন শ্ৰেণীত পাঠদান আৰম্ভ হোৱাৰ পিছতে গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰিব লাগে যাতে শিশুসকলে নিজৰ পচন্দৰ তথা নেতৃত্ব ল'ব পৰা শিশুক বাচনি/নিৰ্বাচিত কৰিব পাৰে আৰু দায়িত্ববোধ বুজি পাব পাৰে । 

             প্ৰতি বছৰে শৈক্ষিক বৰ্ষৰ আৰম্ভণীৰ লগে লগে বিদ্যালয়ত নতুন শ্ৰেণীত বৰ্গ মন্ত্ৰী বাছনি কৰা হয় আৰু ছাত্ৰ সংসদখনো গঠন কৰি লোৱা পৰম্পৰা চলি আহিছে। ই এনে এক মঞ্চ য’ত শিক্ষক- অভিভাৱকৰ যৌথ প্ৰচেষ্টাত শিশুৰ সৰ্বাংগীন বিকাশ সম্ভৱ হয় , শিশুৰ অধিকাৰসমূহেও স্বীকৃতি পায় আৰু শিশুসকলে স্বাধীনভাৱে কাম আৰু চিন্তা কৰাৰ সুযোগ পায় । 

            মুঠতে বিদ্যালয়খনত ছাত্ৰ সংসদ সক্ৰিয় হ’লেহে বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হয় । সেয়েহে এখন ভাল ছাত্ৰ-সংসদত অন্তৰ্ভুক্ত বিভিন্ন বিভাগ সমূহে বিদ্যালয় পৰ্যায়ত শৈক্ষিক উত্তৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা মূল দিশ সমূহৰ আভাষ জানোঁ আহক------ 

১। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিয়মীয়াকৰণৰ বাবে ছাত্ৰ সংসদে বিশেষ কাৰ্য পৰিকল্পনা যুগুত কৰিব পাৰে। 

২। চৌহদ পৰিষ্কাৰ-পৰিছন্নকৈ ৰখা আৰু শ্ৰেণীকোঠা সমূহ পাঠদানৰ উপযোগীকৈ সজাই তোলাত আগভাগ ল'ব পাৰে । 

৩। কাৰ্যভিত্তিক পাঠদান, শিকন -শিক্ষণ সামগ্ৰী/আঁহিলা প্ৰস্তুতকৰণ, শিকন কোণ সজ্জিতকৰণ,দলগত শিক্ষা প্ৰদান,শিক্ষামূলক সজাগতা/ আলোচনা সভা পতা ইত্যাদি কাৰ্যত শিক্ষাগুৰুক সহায় কৰা। 

৪। অভিভাৱকৰ লগত সু-সম্পৰ্ক গঢ়ি তোলা আৰু বিদ্যালয়ৰ বিভিন্ন কাম-কাজত অভিভাৱকৰ অংশগ্ৰহণ সহজ কৰা । 

৫। শিশুসকল নিজৰ দায়িত্ববোধ সম্পৰ্কে বুজি পাই বিদ্যালয়ৰ কাম-কাজ সমূহ নিখুঁতভাৱে সম্পাদন কৰিবলৈ সক্ষম হয় । 

৬। বিদ্যালয়ত পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে সময়ে সময়ে বৃক্ষৰোপণ,ফুলনি বাগিছা পতা আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু পাৰিপাৰ্শ্বিক সংঘ গঠনৰ লগতে জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন বহী প্ৰস্তুতকৰণত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰোৱা। 

৭। প্ৰাচীৰ পত্ৰিকা, হাতেলিখা আলোচনী প্ৰকাশ কৰা, পুথিভঁৰালৰ সঠিক ব্যৱহাৰ আৰু শিশুসকলক কিতাপ পঢ়াৰ অভ্যাস গঠনৰ জৰিয়তে বিদ্যালয়খনত সাহিত্য চৰ্চাৰ এক মঞ্চ তৈয়াৰ কৰিব পাৰে । 

৮। প্ৰাত:সভা পৰিচালনা কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ তদাৰক কৰা । 

৯। বিদ্যালয়ত শৌচাগৰ/প্ৰস্বাৱগাৰ ব্যৱহাৰযোগ্য কৰি ৰখাত আগভাগ লোৱা । স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত স্থানীয় স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ ৰাখি সঘনাই শিশুসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা কাৰ্যত শিক্ষকক সহায় কৰিব পাৰে । তাৰোপৰি প্ৰাথমিক চিকিৎসাৰ বাবে FA Box ব্যৱস্থা গ্ৰহণ আৰু প্ৰয়োজনীয় সামগ্ৰী সমূহৰ পৰ্যাপ্ততা সম্পৰ্কে গুৰুত্ব প্ৰদান কৰা । 

১০। বিদ্যালয়ত বিভিন্নধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে শনিবৰীয়া সংঘৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিব পাৰে । 

১১। বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতা শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাত তদাৰক কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিশ্চিত কৰা তথা পৰম্পৰাগত খেল প্ৰদৰ্শন কৰোৱা । ফিট ইণ্ডিয়াৰ নিৰ্ধাৰিত কাৰ্যসূচী সমূহ ৰূপায়নত গুৰুত্ব প্ৰদান কৰা। 

১২। মধ্যাহ্ন ভোজনৰ সময়ত তদাৰক কৰা আৰু চাবোনেৰে হাতধোৱা, বিশুদ্ধ খোৱা-পানীৰ সু-ব্যৱস্থা কৰা । 

১৩। শাক- পাচলিৰ বাগিছা পতা আৰু ইয়াৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা । 

১৪। বিদ্যালয় পৰিচালনা 

সমিতি,মাতৃগোট,শনিবৰীয়া সংঘকে আদি কৰি বিদ্যালয়ত থকা বিভিন্ন সংঘৰ লগত সু-সম্পৰ্ক বজাই ৰাখি উন্নয়নমূলক কাৰ্য সম্পাদন কৰা ইত্যাদি । 

            মন্ত্ৰী সভা বা ছাত্ৰ সংসদৰ ধাৰণাটো তাহানিতে হয়তো বিভাগীয় কোনো নিৰ্দেশনা নোহোৱাকৈ অলিখিত ৰূপত বিদ্যালয়সমূহত প্ৰচলিত হৈ আছিল যদিও শেহতীয়াকৈ সম্ভৱত ২০০১ চন মানত জিলা প্ৰাথমিক শিক্ষা আঁচনি (DPEP) ৰ অধীনত অসম প্ৰাথমিক শিক্ষা আঁচনি পৰিষদ, গুৱাহাটীৰ ৰুক্মিনীগাঁৱস্থিত কাৰ্যালয়ৰ তৰফৰ পৰা এখন নিৰ্দেশনা সম্বলিত ‘শিশু সদন - শিশুৰ অংশগ্ৰহণৰ প্ৰচেষ্টা’ শীৰ্ষক পুস্তিকা প্ৰস্তুত কৰি উলিৱাইছিল আৰু উক্ত পুস্তিকাখনৰ আলমতে অসম সৰ্বশিক্ষা অভিযান মিছনে পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়সমূহলৈ ছাত্ৰ সংসদখনক প্ৰতিখন বিদ্যালয়তে এক প্ৰণালীবদ্ধ ৰূপত গঠন তথা কাৰ্যক্ষম কৰাৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে । অৱশ্যে বিদ্যালয়ভেদে ছাত্ৰ সংসদৰ গঠন প্ৰণালী আৰু বিভাগ অনুযায়ী কামৰ বিভাজন আৰু নিয়মাৱলী ভিন্ন হ’ব পাৰে। সেইটো নিৰ্ধাৰণ কৰিব বিদ্যালয়খনৰ প্ৰয়োজনীয়তা আৰু শিক্ষক অভিভাৱকৰ আলোচনাৰ ওপৰত । প্ৰতিখন বিদ্যালয়তে ছাত্ৰ সংসদ গঠনৰ জড়িয়তে শিশুসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাটো আমাৰ সকলোৰে এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে বিবেচিত হ’লেহে বিদ্যালয়ৰ অগ্ৰগতি সম্ভৱ হ’ব। 

           এখন সক্ৰিয় ছাত্ৰ সংসদে বিদ্যালয়ত এক পুৰ্ণাংগ শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব পাৰে ।

          এখন সৰ্বাংগ সুন্দৰ বিদ্যালয়ে এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি তোলাটো আমাৰ কাম্য ।

           শৈক্ষিক বৰ্ষৰ আৰম্ভ আৰু বিদ্যালয়ত পাঠদান কাৰ্যসমূহ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই আলোচনাৰ সময়োপযোগী হোৱাৰ লগতে যৎকিঞ্চিত হ’লেও কাৰোবাৰ সহায়ক হ’ব বুলিয়ে ছাত্ৰ সংসদৰ বিষয়ে অলপ চমু আভাষ দিয়াৰ প্ৰয়াস কৰিলোঁ । লিখনীত অজ্ঞাতে হোৱা ভুল-ক্ৰটিৰ বাবে ক্ষমা বিচাৰিছোঁ । 

          এতিয়া আহোঁ কামৰূপ জিলাৰ শৈক্ষিক ক্ষেত্ৰখনত সাহিত্য আৰু ভাষা চৰ্চাৰ এক মঞ্চ - ‘জ্ঞানম্’ –ই আলোচনীখনৰ এই সংখ্যাৰ মূল বিষয় সমূহলৈ । সেইকেইটা হ’ল- বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞান প্ৰসংগত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ , ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশত ক্ৰীড়া ,ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, বিশ্ব ৰেডিঅʼ দিৱস, ব'হাগ বিহু, বিশ্ব বন্য প্ৰাণী দিৱস,বিশ্ব ধৰিত্ৰী দিৱস,মাতৃভাষাৰ গুৰুত্ব,সঙ্গীত সম্ৰাঙ্গী লতা মঙ্গেস্কাৰ ইত্যাদি ।

          শৈক্ষিক গোট,জ্ঞানম,কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত হৈ থকা জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী, সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা- চৰ্চা, মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । আলোচনীখনে সাহিত্য-চৰ্চাৰ এক মঞ্চ তৈয়াৰ কৰাত অৰিহণা যোগাব বুলি আমি আশাবাদী। 

          দ্বিতীয়বৰ্ষৰ তৃতীয় সংখ্যা প্ৰকাশৰ বাবে যথাসময়ত প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা, উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

          আলোচনীখন প্ৰকাশ কৰোঁতে অজ্ঞাতে ৰৈ যোৱা তথ্যগত ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ ।

আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।

         আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……

ফুলপাহি নাথ
শ্ৰদ্ধাৰে-

ফুলপাহি নাথ,

জিলা আঁচনি বিষয়া, সমগ্ৰ শিক্ষা,কামৰূপ ।

তত্বাবধায়ক,

জ্ঞানম্-ই আলোচনী,কামৰূপ ।

Post a Comment

0 Comments