বিজ্ঞানৰ ইটো-সিটো
আজিৰ বিশেষ- আমাৰ সৌৰজগত
ক) কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বোলা হয় ?
উ:- শুক্ৰ গ্ৰহক ।
খ) ধুমকেতুৰ নেজডাল কোন দিশে গতি কৰে ?
উ:- সূৰ্যৰ বিপৰীত দিশে ।
গ) পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো ?
উ:- ইউৰেনাছ ।
ঘ) সন্ধ্যা তৰা বুলি কোনটো গ্ৰহক জনা যায় ?
উ:- শুক্ৰ গ্ৰহক ।
ঙ) সৌৰজগতৰ ৰঙা গ্ৰহ কোনটো ?
উ:- মংগল গ্ৰহ ।
চ) সৌৰজগতৰ নীলা গ্ৰহ কোনটো ?
উ:- পৃথিৱী ।
ছ) কোনটো গ্ৰহক পানীত পেলাই দিলে উপঙি থাকিব বুলি বিজ্ঞানীসকলে ভাৱে আৰু কিয় ভাৱে ?
উ:- শনি গ্ৰহটো পানীত উপঙি থাকিব বুলি বিজ্ঞানীসকলে ভাৱে । কিয়নো, গ্ৰহটো কেৱল গেছেৰে গঠিত ।
জ ) সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো ?
উ:- বুধ গ্ৰহ। কাৰণ এইটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ।
ঝ) সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া ?
উ:- ইউৰেনাছ।
ঞ ) পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ ?
উ:- তেৰ লাখ গুণ ডাঙৰ।
সংগ্ৰাহক-- পল্লবী পাঠক।পল্লবী পাঠক
সহকাৰী শিক্ষয়িত্ৰী,
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়।
ছয়গাঁও শিক্ষাখণ্ড।
0 Comments