Labels

অম্বুবাচী মেলাৰ তাৎপৰ্য | Assamese Article by Bhaskar jyoti Talukdar

 অম্বুবাচী মেলাৰ তাৎপৰ্য 


                 অম্বুবাচী হ’ল অসমৰ এক ঋতুকালীন কৃষি উৎসৱ । প্ৰত্যেক বছৰে আহাৰ মাহত শাক্তধৰ্মীয় কঠোৰ ৰীতি-নীতিৰ মাজেৰে অম্বুবাচী উৎসৱ পালন কৰা হয় । অম্বুবাচী শব্দটো সংস্কৃত ভাষাৰ ‘অম্বু’ আৰু ‘বাচী’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে । অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে প্ৰকাশিত বা পুষ্পিত হোৱা । অৰ্থাৎ অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা । ই পৃথিৱীত হ’বলগা বৰষুণৰ সম্ভাৱনীয়তাক বুজায় । ইয়াৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি হয় আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে । প্ৰকৃতাৰ্থত ক’বলৈ গ’লে প্ৰকৃতিৰ উৰ্বৰতা তথা উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱটি উদযাপন কৰি অহা হৈছে । অম্বুবাচীক নামনি অসমত 'আমতি' আৰু উজনি অসমত 'ষাঁঠ লগা' বুলিও কয় ।

             হিন্দু লোকবিশ্বাস মতে , আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ ( পঞ্চম নক্ষত্ৰ )ত তিনিপাদ শেষ হ’লে চতুৰ্থপাদৰ আদ্য নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত বিশ্বজননী ঋতুমতী বা ৰজস্বলা হয় । সেই সময়তে অম্বুবাচী উৎসৱ পালন কৰা হয় । অম্বুবাচী আৰম্ভ হোৱাৰ দিনটোক প্ৰবৃত্তি আৰু শেষ হোৱাৰ দিনটোক নিবৃত্তি বুলি জনা যায় । এই উৎসৱ এতিয়া মেলাত পৰিণত হৈছে। 

           পৌৰাণিক কাহিনী অনুসৰি শিৱই তেওঁৰ মৃত পত্নী সতীদেৱীৰ শৱদেহটো কান্ধত লৈ স্বৰ্গ-মৰ্ত্য চলাথ কৰাৰ সময়ত শিৱক শান্ত কৰাবলৈ বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীদেৱীৰ দেহটো টুকুৰা- টুকুৰ কৰিছিল আৰু দেৱীৰ দেহৰ ভাগসমূহ য’ত য’ত পৰিছিল তাতে একোখনকৈ শক্তিপীঠ স্থাপন হৈছিল । বিশ্বাস কৰা হয় যে সতীদেৱীৰ দেহৰ যোনিভাগ গৈ নীলাচল পাহাৰৰ কামাখ্যাধামত পৰিছিল । সেয়েহে ভাৰতৰ ৫১খন জাগ্ৰত শক্তিপীঠৰ ভিতৰত অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ জগত বিখ্যাত । 

           অম্বুবাচী কামাখ্যা মন্দিৰত পালন কৰা এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ । আহাৰ মাহৰ ৭ তাৰিখে অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয় । আহাৰ মাহৰ ১০ তাৰিখে অম্বুবাচীৰ নিবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ খুলি নীতি-নিয়ম অনুসৰি কামাখ্যা দেৱীক স্নান আৰু পূজা-অৰ্চনা আদি কৰাৰ পিছত দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয় । ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ ভিতৰলৈ গৈ দেৱী দৰ্শন কৰি পুষ্পমাল্য অৰ্পণ কৰে আৰু দেৱীৰ আশীৰ্বাদ লয় । মন্দিৰৰ পুৰোহিতে ভক্তসকলক দেৱীৰ গাত অম্বুবাচীৰ সময়ত মেৰিয়াই থোৱা ৰঙা বৰণৰ বস্ত্ৰ প্ৰদান কৰে । এই ৰঙা বস্ত্ৰ পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় আৰু মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয় । 

           অম্বুবাচীৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত সকলো কাৰ্য ; যেনে: হাল বোৱা, মাটি চহোৱা, গছৰপৰা ফল-ফুল চিঙা, ঘাঁহ-বন চাফা কৰা আদি নিষিদ্ধ থাকে । এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে । হিন্দু ধৰ্মাৱলম্বী লোকসকলে কোনোধৰণৰ মাংগলিক কাৰ্য , বিবাহ , চূড়াকৰণ আদি সম্পন্ন কৰিব নোৱাৰে । ব্ৰহ্মচাৰী আৰু বিধৱাসকলে প্ৰবৃত্তিৰপৰা নিবৃত্তিলৈকে ৰন্ধা বস্তু গ্ৰহণ নকৰে। তেওঁলোকে ফলাহাৰ গ্ৰহণ কৰিব লাগে । অম্বুবাচীৰ নিবৃত্তিৰ দিনা হিন্দু লোকসকলে ঘৰ-দুৱাৰ , মঠ-মন্দিৰ , বাচন-বৰ্তন , কাপোৰ-কানি আদি ধুই শান্তি পানী চটিয়াই সকলো শুদ্ধি কৰে । 

           অম্বুবাচী উৎসৱৰ সময়তেই কামাখ্যা মন্দিৰৰ প্ৰাংগণত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অম্বুবাচী মেলা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এক উল্লেখনীয় ধৰ্মীয় মেলা । এই মেলাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে । এই অম্বুবাচী মেলা প্ৰায় চাৰিদিন ধৰি চলে । এই মেলাত নানা সামগ্ৰীৰ অসংখ্য দোকান-পোহাৰ বহে । ইয়াত অসমৰ থলুৱা সামগ্ৰীৰ লগতে ভালেমান বহিৰাগত সামগ্ৰীৰো আদান- প্ৰদান হয়। সাম্প্ৰতিক সময়ত অম্বুবাচী মেলা কেৱল ধৰ্মীয় উদ্দেশ্যৰ হৈ থকা নাই । ইয়াৰ লগত অৰ্থনৈতিক উদ্দেশ্যও যোগ হৈছে । ই অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলাইছে । কামাখ্যাধামত অনুষ্ঠিত অম্বুবাচী মেলাই অসমৰ পৰ্যটন ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাই আহিছে । অম্বুবাচী মেলাৰ সময়ত পৰিবহণ নিগমৰ বাছসেৱাৰ সক্ৰিয়তা অধিক বৃদ্ধি পায় । অসংখ্য ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ ৰেলৱেই প্ৰত্যেক বছৰ বিশেষ ৰেল সেৱাৰ ব্যৱস্থা কৰি আহিছে । ইয়াৰোপৰি উত্তৰ-পূৱ ৰেলৱেই ধৰ্মপ্ৰাণ ৰাইজক আশ্ৰয়ৰো ব্যৱস্থা প্ৰদান কৰি আহিছে । 

              কামাখ্যাধামত অনুষ্ঠিত অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাই আহিছে । চৰকাৰে সুস্থিৰ পৰিকল্পনাৰে অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামাখ্যাক পৰ্যটনৰ এক সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰিলে কামাখ্যাত প্ৰতিবছৰে উদ্‌যাপিত এই অম্বুবাচী মেলাই আমালৈ বহু ন-ন আশা-প্ৰত্যাশা কঢ়িয়াই আনিব বুলি আমাৰ বিশ্বাস ।


উৎসসমূহ : (১) দেওবৰীয়া বাঁহী : ৰিংকুমণি পাঠক ।

                    (২) ৰচনা প্ৰৱাহ : প্ৰসন্ন কুমাৰ ডেকা আৰু ৰত্নেশ্বৰ ডেকা ।

                    (৩) ইতিহাসপ্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা : গৌতম শৰ্মা ।

                    (৪) সংবাদ পত্ৰ : অসমীয়া খবৰ ।


 লেখক:-

 শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ।

মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮

তৃতীয় বৰ্গৰ কৰ্মচাৰী।

বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়।

কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও ।

Post a Comment

0 Comments