header ads

অসমীয়া ভাষালৈ নাথান ব্ৰাউনৰ অৱদান | Assamese Article by Hemen Chandra Hazarika

অসমীয়া ভাষালৈ নাথান ব্ৰাউনৰ অৱদান

  


                 আনক কেনেকৈ ভাল পাব লাগে , আনৰ ভাষাক কেনেকৈ শ্ৰদ্ধা জনাব লাগে সেয়া আমি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউনৰ পৰা শিকিব লাগে । মৰোঁ মৰোঁ হোৱা এটা ভাষাক জীৱন দান দি তেওঁ নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ গৈছিল । সুদূৰ আমেৰিকাৰ পৰা সাত সাগৰ তেৰ নদী পাৰ হৈ মিছনেৰীৰ কামত অসমলৈ অহা নাথান ব্ৰাউন চাহাবে বুজিছিল যে তেতিয়া অসমীয়া ভাষাটো এই নুমাও এই নুমাও অৱস্থাত ঢিমিক ঢামাককৈ জ্বলি থকা চাকিটোৰ দৰে কোনো মতে চলি আছে ।

              এটা সময়ত আমাৰ ভাষাৰ স্বৰূপটো বেলেগ হোৱাৰ উপক্ৰম হৈছিল । সেই সময়তে ব্যাপ্তিষ্ট মিছনেৰীসকলে আগবঢ়োৱা অলেখ অৱদানৰ লগতে অসমীয়া ভাষাৰ ভেটি ৰক্ষা কৰাটোও উল্লেখযোগ্য ।

               নাথান ব্ৰাউন চাহাবে অসমীয়া ভাষালৈ যি অৱদান আগবঢ়াই থৈ গ'ল , সেয়া ইতিহাসে সদায় মনত ৰাখিব আৰু অসমীয়া জাতি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰব । অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰা এইগৰাকী ব্যক্তিৰ ওচৰত আমি সদায়ে ঋণী হৈ থাকিম ।    যি কেইগৰাকী খ্ৰীষ্টিয়ান মিচনেৰী সাহিত্যিকে অৰুণোদয় যুগৰ অসমীয়া সাহিত্যৰ ভেটি গঢ়ি থৈ গ'ল  , তাৰ ভিতৰত অন্যতম  খ্ৰীষ্টিয়ান মিচনেৰী সাহিত্যিক ৰেভাৰেণ্ড নাথান ব্ৰাউন ।

             ব্ৰাউন চাহাবে প্ৰায় ২০ বছৰ কাল অসমভূমিত থাকি আধুনিক ভাষা সাহিত্যৰ ভেটি মজবুত কৰি থৈ গ'ল । অৰুণোদয় কাকতৰ প্ৰথম গৰাকী সম্পাদক আছিল তেওঁ । এই কাকতেই অসমীয়া সংবাদ সাহিত্যৰ সূচনা কৰিছিল । ১৮০৭ চনৰ ২২ জুনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰিছিল । খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে  তেওঁ মিছনেৰীত নিযুক্ত হয় আৰু নিজৰ পৰিয়ালসহ ১৮৩০ চনত  ব্ৰহ্মদেশলৈ আহে । সেই সময়ত কমিছনাৰ আছিল মেজৰ জেনেৰেল জেনকিন্স চাহাব । তেওঁ অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে মিছনেৰী সকলক আমন্ত্ৰণ জনায় । এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই ব্ৰহ্মদেশৰ পৰা নাথান  ব্ৰাউনে নিজ পৰিয়ালৰ লগতে আৰু এটা পৰিয়াল লৈ অসমলৈ আহে । তেওঁলোকে লগত এটা ছপাকল লৈ আহিছিল । বিভিন্ন ঠাইত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ পিছত ১৮৪৩ চনত এই দুই পৰিয়াল শিৱসাগৰলৈ যায় আৰু তাতেই ছপাশাল বহুৱাই ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া ভাষাত পুথি-পত্ৰও ছপা কৰিবলৈ ধৰে । শিৱসাগৰত প্ৰতিষ্ঠা কৰা মিছনেৰী প্ৰেছৰ পৰাই ১৮৪৬ চনত অসমৰ পোন প্ৰথম অসমীয়া আলোচনী 'অৰুণোদয়' সম্পাদনা কৰি প্ৰকাশ কৰে । ব্ৰাউনৰ অৱদান সমূহৰ ভিতৰত উল্লেখযোগ্য হল তেওঁ ১৮৪৮ চনত ' বাইবেলৰ নিউ টেষ্টামেন্ট 'খন অসমীয়ালৈ অনুবাদ কৰে । ১৮৫৪ চনত ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাৰ্তা’ অসমীয়ালৈ অনুবাদ  কৰে । কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জীসাৰ , বকুল কায়স্থৰ পাটীগণিত , চুটীয়া বুৰঞ্জী আদিও উল্লেখযোগ্য । ইয়াৰ উপৰি নাথান ব্ৰাউনৰ অন্যতম কীৰ্তিস্তম্ভ হ'ল তেখেতে ইংৰাজীত লিখা Grammatical Notes on the Assamese Language ( ১৯৪৮) । এই পুথিৰ যোগেদি  তেওঁ অসমীয়া ভাষাৰ ব্যাকৰণ তত্বৰ পাতনি মেলে । এইজন পণ্ডিত গৱেষকে  অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় দুকুৰি মান হাতেলিখা পুথি সংগ্ৰহ কৰে ।

                ব্ৰাউন চাহাবে অসমীয়া ভাষা যে বঙালী ভাষাৰ পৰা উদ্ভৱ হোৱা নহয় আৰু ই যে এটা সুকীয়া ভাষা তাক  প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল । পুৰণি কামৰূপৰ বুৰঞ্জী খনৰ ১২টা অধ্যায়ৰ ভিতৰত ৭টা অধ্যায়েই ব্ৰাউন চাহাবে সংগ্ৰহ কৰিছিল । ব্ৰাউন চাহাবে খাটি অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল । তেওঁৰ গদ্যশৈলী নিভাঁজ আৰু সহজ-সৰল আছিল । নাথান ব্ৰাউনক অসমৰ প্ৰথমজন সাংবাদিক বুলিও ক'ব পাৰি । শিক্ষা বিস্তাৰ , ধৰ্ম প্ৰচাৰৰ উপৰিও  অসমীয়া ভাষা সাহিত্যলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । ১৮৭২ চনত তেওঁ নিজৰ দেশলৈ উভতি যায় আৰু ১৮৮৬ চনৰ ১ জানুৱাৰীত ৭৯ বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰে ।    ‌‌    

             এটা পৰিতাপৰ কথা যে শিৱসাগৰ জিলাৰ দিচাংমুখ নগৰৰ দৰবাৰ ৰোডৰ কাষত থকা পৌৰসভাৰ ৩ নং ৱাৰ্ডত আছে বৃটিছৰ দিনৰ খ্ৰীষ্টানসকলৰ সমাধিস্থল । এই সমাধিস্থলত আছে নাথান  ব্ৰাউন , প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা নিধিদেৱী ফাৰৱেল প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সমাধি  । এনে এখন সমাধিস্থলৰ প্ৰতি আমাৰ সমাজৰ যি শ্ৰদ্ধা থাকিব লাগিছিল, সেয়া যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে । কাৰণ একাংশ প্ৰতিবেশী আৰু আন একাংশ স্বাৰ্থান্বেষী লোকৰ বাবেই সমাধিস্থলৰ সন্মুখত ডাষ্টবিন গঢ়ি উঠিছে । এই ডাষ্টবিনৰ পৰা ওলোৱা দুৰ্গন্ধই পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে ঐতিহ্যপূৰ্ণ সমাধিস্থলখনৰো গৰিমা যথেষ্ট লাঘৱ কৰিছে  ।   


লেখকৰ ঠিকনা:

হেমেন চন্দ্ৰ হাজৰিকা ।                 

সহ : শিক্ষক,          

বিৰোগাঁও মজলীয়া বিদ্যালয় ।             

ৰামপুৰ শিক্ষাখণ্ড  ।          

মোবাইল নং - ৯৮৬৪৪৪০২২১

Post a Comment

0 Comments