header ads

তুমি কলাগুৰু,তুমি বিপ্লবী | Assamese Poem by Anju Roy Baishya

 তুমি কলাগুৰু,তুমি বিপ্লবী


ধন্য হ'ল অসমী আই

তোমাৰ দৰে সু-পুত্রৰ পৰশত

প্ৰজ্ঞাৰ সাধক তুমি

সত্য-সুন্দৰৰ পূজাৰী ;

তুমি বিপ্লৱী কৃষক ৰণুৱা

তুমিয়েই চিত্রশিল্পী 

অংকন কৰি গ'লা

মহাপুৰুষ দুজনাৰ প্ৰতিচ্ছবি ।


শিৱৰ তাণ্ডৱ নৃত্যৰে

মোহিত কৰিলা সৰ্বজনক,

ভূষিত হ'লা কলাগুৰু উপাধিৰে

জিলিকিল অসম মাতৃভূমি

তোমাৰ উজ্জ্বল গৰিমাৰে ।


তোমাৰ হুংকাৰ প্ৰতিধ্বনিত  আজি, 

সকলো অসমীয়াৰ বুকুত                         

ভাঙিব দিছিলা লোহাৰ শিকলি

ছিঙিব দিছিলা দাসত্বৰ বান্ধোন

বিপ্লৱী অধিনায়কত্বৰে কঁপাই

তুলিছিলা লুইতৰ বুকু ।


বিচাৰিছিলা তুমি শ্ৰেণীহীন সমাজ

যুঁজ দিছিলা কৃষকৰ হ'কে

নিৰ্যাতিত হ'লা , নিপীড়িত হ'লা

নাঙলৰ মুঠিত হাত দিলা

বিধানসভাতো মাত মাতিলা

"নাঙল যাৰ মাটি তাৰ" ।


মনতে পণ বান্ধিছিলা তুমি

অসমী আইক মৰিবলৈ নিদিয়াৰ

অসমীয়া সংস্কৃতি লুপ্ত হ'বলৈ নিদিয়াৰ,

সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচাৰ ।


তোমাৰ সত্ত্বা  বিশাল বৰ্ণময় 

সহস্ৰ গুণ গৰিমাৰে বিভূষিত তুমি,

তুমি আকাশৰ উজ্জ্বল নক্ষত্ৰ 

আৱৰি ধৰিলা তোমাৰ

অৱধাৰিত জ্যোতিৰে  

অসম জননীক , 

কৰিলা চিৰকাল মহিমামণ্ডিত ।

লেখকৰ ঠিকনা:

অঞ্জু ৰয় বৈশ্য।

সহ-শিক্ষয়িত্রী,

ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়।

ছমৰীয়া শিক্ষাখণ্ড।

ফোন নং : ৮৬৩৮০৬৫৯১৪

Post a Comment

0 Comments