header ads

তুমি অক্লান্ত যোদ্ধা | Assamese Poem by Pradip Kalita

  তুমি অক্লান্ত যোদ্ধা 

( শ্ৰদ্ধাৰ অপূৰ্ব ঠাকুৰীয়া ছাৰলৈ আন্তৰিক কৃতজ্ঞতাৰে )

    


জ্ঞানৰ মন্দিৰত প্ৰজ্ঞাৰ জেউতি বিলাই

অজ্ঞানতাৰ তিমিৰ ফালি

সুন্দৰৰ পৰা সুন্দৰলৈ

দেশ-জাতি গঢ়াৰ সপোন লৈ

 তুমি আহিছিলা এইখন ধৰালৈ 

 শিক্ষা,সাহিত্য,সংস্কৃতিক প্ৰস্ফুটিত কৰা

 এক জাগতিক সত্তা হৈ ।


  তোমাৰ সাধনা অব্যৰ্থ     

  বিভূষিত তুমি স্ব-মহিমাৰে

 তোমাৰ উমাল সান্নিধ্যতে 

  জ্ঞান পিপাসুসকলে জয়গান গায়

  ছটিয়াই ৰামধেনুৰ ৰঙবোৰ প্ৰান্তে প্ৰান্তে ।


 বৌদ্ধিক চিন্তাশীলতাতে জন্ম হয় নৈতিকতা

 নৱ উন্মেষৰ সৃষ্টিশীলতাৰ সৌধ

 সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি

 সুখৰ এচেৰেঙা ৰ'দালি তুমি

 তোমাৰ থাপনাত উজলি থাকক

 আলোকৰ ফুল চন্দন ।


  হে মহানুভৱ !   

        তুমি আদৰ্শ আৰু ত্যাগৰ প্ৰতীক

        তুমি জানা যুদ্ধ আৰু শান্তিৰ কথা

        সেইবাবেই গোৱা তুমি

        পাহাৰ-ভৈয়াম একাকাৰে

        সম্প্ৰীতিৰ গান

        ন-সুৰুযৰ প্ৰভাতী পখীৰ গান

        জীৱন আৰু মানৱতাৰ জয়গান ।


        তৰোৱালতকৈ শ্ৰেষ্ঠ কলম

        তুমি অক্লান্ত যোদ্ধা

        স্তব্ধ নহয় অশ্বমেধৰ ৰণুৱা ঘোঁৰা   

         তুমি হোৱা বিশ্বমুখী  আৰু

         হোৱা আকাশৰ দৰে সুবিশাল

         হিমালয়ৰ দৰে সুউচ্চ 

         সূৰ্যৰ দৰে উদ্দীপ্ত

        বাঘৰ দৰে দুৰ্জেয়

       তোমাৰ বুকুতে জন্ম হওঁক

        শত শত বন্তিৰ পোহৰ

        সৰ্বত্ৰে উৰক জয়ৰ নিচান

       তোমাৰ যাত্ৰা হওঁক

       জ্ঞান আৰু পোহৰৰ দিশে

       দূৰ দিগন্ত বিশ্বব্যাপী--

লেখকৰ ঠিকনা:

প্ৰদীপ কলিতা ।

 সহ: শিক্ষক,       

 হাজো এছ. চি. এছ. কে. আৰ.  উচ্চতৰ মাধ্যমিক বিদ্যালয়।

 হাজো  শিক্ষাখণ্ড।

Post a Comment

0 Comments