header ads

সাঁথৰ | সংগ্ৰহ: মিছ ফাৰহিনা আখতাৰ

 সাঁথৰ


১) দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে ।

উঃ চাবি দিয়া ঘড়ী ।

২) এযোৰ পক্ষী আছে কাকো কোনেও নেদেখে ।

উঃ চকু ।

৩) এডাল মাৰলি দুখন চাল ,

নবন্ধাকৈ থাকে সৰ্বতিকাল ।

উঃ কলপাত l

৪) দুই গছৰ দুই ঠাল ,

কাজিয়া কৰি হয় লাল ।

উঃ তামোল-পান ।

৫) কেঁচাতে  কোমল , পকিলে টান

বছৰে কাটে তাৰ দুখন কান ।

উঃ পথাৰৰ আলি ।


সংগ্ৰহ:

মিছ ফাৰহিনা আখতাৰ।

শ্ৰেণী - পঞ্চমমান,

১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয়।

শিক্ষাখণ্ড - ছমৰীয়া।

Post a Comment

0 Comments