সেউজীয়া পাতৰ কাহিনী
মই সেউজীয়া
মোৰ দুবাহুত বিশাল আকাশ ;
মোৰ জৰিয়তে পাবা
প্ৰকৃতিৰ বিশালতা ।
মোৰ বাবে তুমি জী আছা
বিৰিঙিছে আকাশত হাঁহি ;
মোৰ ছাঁয়াতে তুমি পাবা হিম-শীতল বতাহ
মই দিম তোমাক ফল-ফুল আৰু বৰষুণ ।
মই বতাহ , সৌন্দৰ্য , উদ্ভিদ ,অৰণ্য –
মোক হাত মেলিলেই পাবা
মই আছোঁ বাবেই সেউজীয়া আছে
ধৰাত জীৱ আছে ।
মোক তুলি ধৰা , মৰম কৰা
মোক নামাৰিবা ; মাৰি নেপেলাবা
মোক বচোৱা ―
বচোৱা ধৰণীখনৰ বাবে
নহ'লে যে গোলকীয় উষ্ণতা বাঢ়িব ;
তোমাৰ ভুলৰ বাবে ভুগিব কোনে ?
ভাবি চোৱা ,
নবপ্ৰজন্ম ধ্বংসৰ বাবে দায়ী কোন ?
মানৱীয়তা বিনষ্ট নকৰিবা ।
আহাঁ ,সকলোৱে এজোপা গছ ৰোৱা
আই মাতৃক জীয়াই ৰাখা ।
সুখৰ সেউজীয়া নৈখন বʼবলৈ দিয়া
দায়িত্ব তোমাৰো – ভৱিষ্যতৰ বাবে ।
আজিৰ বিশ্ব পৰিবেশ দিৱসৰ দিনা
তুমিও লিখা সেউজীয়া পাতৰ কাহিনী------
লেখকৰ ঠিকনা:
পুষ্পাঞ্জলি পাংগিং গাম।
সহ: শিক্ষয়িত্ৰী,
বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়।
চমৰীয়া শিক্ষাখণ্ড , কামৰূপ ।
0 Comments