বিদ্যালয়ত নীতিশিক্ষাৰ প্ৰয়োজনীয়তা
নীতিশিক্ষা হ'ল মূল্যবোধৰ শিক্ষা । যি শিক্ষাৰ ভেটিত মানুহে সততা , ন্যায়পৰায়ণতা , ভাতৃত্ব , প্ৰেম , কৰুণা , আনুগত্য আদি উচ্চস্তৰীয় মানৱীয় গুণসমূহ আহৰণ কৰিব পাৰে , সেই শিক্ষাই হৈছে প্ৰকৃততে নৈতিক শিক্ষা বা নীতিশিক্ষা । নৈতিক শিক্ষা সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ । এটা ভাল পৰিৱেশত বসবাস কৰি ব্যক্তি এজনে যিবোৰ ভাল বা শুৱলা মাত-কথা , আচাৰ-ব্যৱহাৰ আহৰণ কৰে সেয়াই হ'ল নৈতিক শিক্ষা ।
নৈতিক শিক্ষা জন্মগত গুণ নহয় বুলি কোৱা হয় যদিও চিন্তাবিদ তথা দাৰ্শনিক ৰুছোৱে এই সম্পৰ্কত ওলোটা মন্তব্য আগবঢ়াইছে । ৰুছোৰ মতে জন্মতে শিশু এজন সম্পূৰ্ণ পৱিত্ৰ, নিষ্কলুষ আৰু সুন্দৰ হৈ ধৰালৈ আহে । সেয়েহে স্বাভাৱিকতেই সিহঁত নৈতিক গুণেৰে সমৃৃদ্ধ ৷ সমাজৰ নানা অবাঞ্চিত ঘটনা আৰু অনৈতিক ব্যক্তিৰ সংস্পৰ্শইহে সিহঁতক অনৈতিক আৰু কলুষতাপূৰ্ণ কৰি তোলে । কিন্তু এই মতৰ বিপক্ষে বহু চিন্তাবিদে মতপোষণ কৰিছে । যি কি নহওঁক , যিহেতু শিশু এজন সম্পূৰ্ণ জ্ঞানশূন্য হৈ থাকে , গতিকে জ্ঞানশূন্য অৱস্থাত নৈতিকতা বা অনৈতিকতা কথাষাৰৰ কোনো অৰ্থ নাই । শিশু এজনে তেওঁৰ পিতৃ-মাতৃৰ পৰাই প্রথম নৈতিক শিক্ষা লাভ কৰে ৷ পিতৃ-মাতৃয়ে ভাল কথা শিকালে , মূল্যবোধৰ জ্ঞান দিলে তেওঁলোক নৈতিকতাপূৰ্ণ হোৱা দেখা যায় । সেয়েহে শিশুৰ প্ৰাথমিক শিক্ষক হিচাপে চিহ্নিত কৰা হয় অভিভাৱকক ৷ এজন শিশুৰ জীৱনৰ প্ৰাথমিক ভেটি সুন্দৰভাৱে গঢ় দিয়াত অভিভাৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।
বিদ্যালয়ত নৈতিক শিক্ষাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে । কাৰণ নীতি-জ্ঞান আহৰণৰ উপযুক্ত সময় হৈছে ছাত্র-জীৱন । এই কালছোৱাত আয়ত্ত কৰা বহুতো কথাই মানুহৰ ব্যক্তিত্ব বিকাশত যথেষ্ট প্ৰভাৱ পেলায় । ছাত্র জীৱনত আয়ত্ত কৰা নৈতিক শিক্ষাই গোটেই জীৱনৰ বাবে সুন্দৰৰ পথ মুকলি কৰি দিয়ে । নৈতিক শিক্ষাই ছাত্র-ছাত্ৰীক চাৰিত্ৰিক স্খলনৰ পৰাও ৰক্ষা কৰে ৷ নীতিশিক্ষাই ছাত্র-ছাত্ৰীৰ বুদ্ধি-বৃত্তিৰ বিকাশ ঘটায় আৰু জীৱন ধাৰণৰ শুদ্ধ প্ৰণালী আয়ত্ব কৰাত সহায় কৰে । ' পঞ্চতন্ত্ৰ 'ৰ দৰে বিশ্ববিখ্যাত প্ৰাচীন ভাৰতীয় গ্ৰন্থৰ সাধুবোৰত থকা নীতি-জ্ঞানে ছাত্ৰ-ছাত্ৰীৰ মনত চিন্তাৰ বিকাশ ঘটায় , বুদ্ধি বঢ়ায় ।
এইবোৰৰ উপৰিও নৈতিক শিক্ষাই ছাত্র-ছাত্ৰীক স্পষ্টবাদী হ'বলৈ শিকোৱাৰ লগতে অপ্ৰিয় কথা নক'বলৈকো শিক্ষা দিয়ে । ই তেওঁলোকৰ বাকপটুতা বৃদ্ধি কৰে আৰু তেওঁলোকৰ কথাত ভাৰসাম্য আনি দিয়ে । নীতিশিক্ষাৰে শিক্ষিত ছাত্র-ছাত্ৰীয়ে দুৰ্নীতিৰ প্ৰতিবাদ কৰে , একতা-সংহতি ৰক্ষা কৰে আৰু নিজকে ভৱিষ্যতে দুৰ্নীতিমুক্ত সুস্থ জীৱন-যাপন কৰাৰ বাবে প্ৰস্তুত কৰি তোলে ।
নীতিশিক্ষাই যিদৰে আনৰ প্ৰতি ব্যক্তি এগৰাকীৰ সন্মান আৰু মৰম বৃদ্ধি কৰে , তেনেদৰে নীতি-জ্ঞানেৰে শিক্ষিতসকলেও আনৰ পৰা মৰম আৰু সন্মান লাভ কৰে । আনৰ পৰা মৰম আৰু সন্মান লাভ কৰিলে আত্মবিশ্বাস বাঢ়ে । আত্মবিশ্বাস থাকিলেহে সকলো সজ কামত আগবাঢ়ি জীৱনত সফলতা অর্জন কৰিব পাৰি । নৈতিক শিক্ষাই আনৰ প্ৰতি সদয় হ'বলৈ শিকায় আৰু নিষ্ঠুৰতা বা আনৰ ক্ষতি হ'ব পৰা কামৰ প্ৰতি বিৰক্তি জন্মায় । পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই যদি নীতিশিক্ষাৰে শিক্ষিত হ'লহেঁতেন , তেন্তে প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি সদয় হ'লহেঁতেন । তেতিয়া পৃথিৱীত ইমানবোৰ হিংসাত্মক ঘটনা আৰু যুদ্ধৰ সূচনাও হয়তো কেতিয়াও নহ'লহেঁতেন ।
জীৱ-শ্ৰেষ্ঠ মানুহ হিচাপে যেনেদৰে চিন্তা-চৰ্চা , যুক্তি আৰু সুন্দৰ কৰ্মই মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰিব লাগিছিল , সেয়া কিন্তু হোৱা নাই । আজিৰ মানৱ-জাতি কেৱল বৈষয়িক জীৱনৰ ভোগ-বিলাস , লালসা , অৰ্থলিপ্সা আদিৰ পিছত দৌৰিব লাগিছে । দেশে দেশে হত্যা , লুণ্ঠন , অপহৰণ , ধৰ্ষণ আদিৰ দৰে অমানৱীয় কাৰ্যকলাপ সংঘটিত হ'ব ধৰিছে । ইয়াৰ মূলতে হ'ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ । আজিৰ মানুহৰ ভাল কথা , ভাল উপদেশ শুনাৰ ধৈৰ্য নাই । আমাৰ সভ্যতা আৰু সংস্কৃতিৰ যি সনাতন মূল্যবোধ , চিন্তা-ধাৰণা ; তাক সজীৱ কৰি ৰাখিবলৈ নৈতিক শিক্ষাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।
নতুন প্ৰজন্মৰ চিন্তা ধাৰণা সঠিক পথেৰে আগবঢ়াবৰ বাবে শিশু অৱস্থাৰ পৰাই নৈতিক শিক্ষাৰ বীজ ৰোপণ কৰাটো একান্তই প্ৰয়োজন । ভাল-বেয়াৰ বিচাৰ কৰিবলৈ সক্ষম নহ'লে শিশু এটাই সঠিকভাৱে আগুৱাব নোৱাৰে । সেয়েহে সৰুকালৰ পৰাই শিশুসকলক সংযমী আৰু ধৈৰ্যশীল হোৱাৰ লগতে ভাল কাম কৰিবলৈ শিক্ষা দিয়াটো অতি প্ৰয়োজন ।
সাম্প্ৰতিক সময়ত ভালদৰে লক্ষ্য কৰিলে সমাজৰ নৈতিকতাৰ অৱক্ষয়ৰ দিশটোৰ কথা জল-জল , পট-পটকৈ ওলাই পৰে । সমাজত এনে এচাম মানুহো আছে , যি জ্যেষ্ঠজনক মুকলিকৈ অপমান কৰিবলৈ , জ্যেষ্ঠজনৰ আগতে চিগাৰেট-বিড়ি হুপিবলৈ , অবাইচ মাত-কথাৰে পৰিৱেশ কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰে । এয়া নিশ্চয় নৈতিকতাৰে অৱক্ষয় ।
মানুহৰ মনত নৈতিকতাৰ মনোভাৱ জগাই তোলাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে শিশুৰ কুমলীয়া মনত নৈতিক চেতনা গঢ় দিবলৈ হ'লে সুচিন্তিতভাৱে উপযুক্ত শিক্ষা ব্যৱস্থা যুগুত কৰা উচিত । ছাত্ৰাৱস্থাৰ পৰাই সিহঁতক জীৱন আৰু জগত সম্পৰ্কে উচ্চ মূল্যবোধ , নৈতিক আদৰ্শ আৰু আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞানৰ সুদৃঢ় বুনিয়াদ গঢ়ি তোলাৰ বাবে অভিভাৱক , শিক্ষক আৰু জ্যেষ্ঠজনে প্ৰয়াস কৰিব লাগিব ।
শিশুৱে ছাত্ৰাৱস্থাৰ পৰাই কৰ্তব্যৰ জ্ঞান , বাধ্যবাধকতাৰ জ্ঞান , উচিত-অনুচিত , আত্মসংযম , ন্যায়-অন্যায় , চৰিত্ৰগত দোষ-গুণ আদিৰ জ্ঞান অৰ্জন কৰিব লাগে । ইয়াৰ বাবে নীতি-শিক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থকাটো অত্যন্ত জৰুৰী । অসমীয়াত এষাৰ কথা আছে যে কুমলীয়া বাঁহ যেনেকৈ মন যায় তেনেকৈ ভাঁজ দিব পাৰি । অৰ্থাৎ কুমলীয়া বাঁহ কোমল আৰু সহজে ঘূৰাব পাৰি । ঘূৰাওঁতে ভাগি-ছিগি নাযায় । সেয়ে এনে বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায় । একেদৰে শিশু অৱস্থাত ল'ৰা ছোৱালীৰ মনবোৰ পবিত্ৰ হৈ থাকে আৰু যিকোনো কথা সহজে মনত ৰৈ যায় । এনে স্তৰত যদি নৈতিক শিক্ষাৰ সৈতে শিশুৰ পৰিচয় ঘটে তেন্তে নিশ্চয় এই শিক্ষাও স্থায়ী হ'ব আৰু চৰিত্ৰ গঠনত সহায়ক হ'ব । সেয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত পাাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও নৈতিক শিক্ষাৰ বিস্তাৰ ঘটোৱাটোও অত্যন্ত জৰুৰী ।
লেখকৰ ঠিকনা:
বিনীতা নাথ ,
সহঃ শিক্ষয়িত্ৰী ,
ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়।
ছয়গাঁও শিক্ষাখণ্ড।
0 Comments