header ads

বিদ্যালয়, সাধুকথা, নীতি শিক্ষা ইত্যাদি l Assamese Article by Mousumi Roychoudhury

 বিদ্যালয়, সাধুকথা, নীতি শিক্ষা ইত্যাদি



Once upon a time..........

"Stories create community enable us to see

through the other people and open us to the

claims of others."___Peter Forbes

                  

          সময় সলনি হ'ল আৰু সময়ৰ লগে লগে বহু কথাই সলনি হ'ল । একো একোটা দশকৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱন শৈলী তথা ব্যৱস্থাসমূহৰো পৰিবৰ্তন হৈ আহিছে । আধুনিকীকৰণৰ এই দৌৰত প্ৰায়ভাগ লোকেই মানৱীয় মূল্যবোধ হেৰুৱাই পেলোৱা যেন অনুভৱ হয় । সমাজৰ কথা নকলোৱেই যেনিবা, আত্মস্বাৰ্থ সিদ্ধিৰ বাবে ঘৰখনতেই  নিজৰ পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীকো  তুচ্ছ জ্ঞান কৰা দেখা যায় । জীৱন শৈলীৰ পৰিবৰ্তনৰ সমান্তৰালকৈ  আমাৰবোৰৰ যেন ধৈৰ্য আৰু সহনশক্তিও লাহে লাহে লোপ পাবলৈ ধৰিছে । বহু মানুহে সৰু সৰু কথাতে উত্তেজিত হৈ হিংসাত্মক ঘটনাও সংঘটিত কৰিছে । কেতিয়াবা আকৌ খঙৰ ৰাগিত মত্ত হৈ কটুক্তিৰে থকাসৰকা কৰিছে আপোনজনক । দৰাচলতে ঘৰ এখনত ইজনে সিজনক দিবলগীয়া মূল্যবান সময়খিনি নিদি বেলেগ ধৰণে উদযাপন কৰি পাছত সেই প্ৰয়োজন কিবা উপহাৰৰ বিনিময়ত পূৰণ কৰাৰ মানসিকতাই  এজনৰ পৰা আন জনক ক্ৰমান্বয়ে দূৰলৈ লৈ গৈছে ।

           অমানৱীয়তা আৰু অত্যাধুনিকতাৰ এই জটিল সন্ধিক্ষণত তাহানিৰে পৰা নিষ্ঠাৰে সমাজক প্ৰতিনিধিত্ব কৰি অহা শিক্ষকসমাজৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হোৱা উচিত যেন বোধ হয় । কাৰণ শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ পথ প্ৰদৰ্শক । সমাজৰ নৱাগত সকলক তেওঁলোকে  নীতিশিক্ষাৰ প্ৰধান মহৌষধ সাধুকথাৰ ভোক লগোৱাৰ সময় আহি পৰিছে । আজিকালি উঠি অহা প্ৰজন্মৰ প্ৰায়ভাগৰে হয়তো মুকলি আকাশৰ তলত বহি তৰা গণিবলৈ অথবা জোনাক চাবলৈ এখন চোতালৰ অভাৱ বা চোতাল থাকিলেও বিজুলী বাতিৰ আড়ম্বৰতাত সিঁহতবোৰে টি.ভি , মোবাইল আদিত ব্যস্ত থকাটোকে প্ৰাধান্য দিব । ইয়াৰ বাবে উত্তৰদায়ী কম-বেছি পৰিমাণে অভিভাৱকবোৰ । কাৰণ শিশুক আমি যি পৰিবেশত ডাঙৰ কৰিম তেনেদৰেই সিহঁতে গঢ় লৈ উঠিব । ধৰি লওক, কৰ্মসূত্ৰে আমি দেৰিকৈ ঘৰ সোমাওঁ । দিনজোৰা ব্যস্ততাৰ ফলত ভাগৰে হেঁচুকি ধৰে । তেনেস্থলত  শিশুটিৰ লগত লুডু খেলা , লুকাভাকু খেলা , সাধুকোৱা আৰু অন্য খেল খেলিবলৈ সি বিচৰা ধৰণে সময়কণ দিবলৈ আমি অপাৰগ হওঁ । শিশুক টি.ভি অথবা মোবাইলত ব্যস্ত ৰাখি টেনশ্বন ফ্ৰী হোৱাৰ যি সুখ , সেই সুখকণে পিছলৈ জীৱনজোৰা দুখৰ কাৰণ হৈ পৰিছে । ল'ৰা- ছোৱালীৰ পিতৃ-মাতৃৰ লগত থাকিবলগা বান্ধোন , আত্মীয়তা লাহে লাহে কমি আহিছে । সামাজিক মূল্যবোধৰ অবক্ষয় ঘটিছে । বৰ্তমান সময়ত নৱাগত সকলক সঠিক সময়ত সঠিক উপায়েৰে সামাজিক মূল্যবোধৰ ধাৰণা আৰু নীতিশিক্ষামূলক জ্ঞান দিয়াটো অতি জৰুৰী হৈ পৰিছে ।

          প্ৰাৰম্ভিক স্তৰৰে পৰা বিদ্যালয়ত শিশুসকলক সাধুকথাৰ অনুৰাগী কৰি তুলি প্ৰতিজন অভিভাৱককো এই বিষয়ত সচেতন কৰিলে নিশ্চিত ৰূপে ফলপ্ৰসূ হ'ব। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰ কীৰ্তি 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা' আৰু 'জুনুকা'ৰ সাধু সমূহত সৰুৰে পৰা ডাঙৰলৈ সততা। , নিষ্ঠা , পবিত্ৰতাৰ জয় ; অন্যায় ,অত্যাচাৰ, হিংসা-বিদ্বেষৰ পৰাজয় আদি নীতি আৰু আদৰ্শেৰে অনুপ্ৰাণিত কৰি আহিছে । উদাহৰণ স্বৰূপে, 'জুনুকা'ৰ সাধু 'বৰাগী মেকুৰী' আৰু  'হাতী আৰু সাপ' সাধু দুটাৰ শেষত থকা দুফাঁকি নীতি শিক্ষাৰ পদ্য এনেধৰণৰ :

" শঠ দুৰ্জনত জানা পতিয়ন নাই ,

পতিয়ালে বিপদত পদে পদে পাই ।"

" ডাঙৰেই হোৱা সৰুৱেই হোৱা গৰ্ব নকৰিবা,

গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা । "

         এতিয়া কথা আহিব ওপৰৰ স্তৰৰ ল'ৰা-ছোৱালীখিনিক অকল সাধুকথাৰে Motivate কৰিব পৰা যাবনে ?? নিশ্চয়কৈ অলপ কঠিন হ'ব ।  তেওঁলোকক অন্যধৰণেৰে motivate কৰিব পৰা যায় । যেনে :

# তেওঁলোকক সামূহিক কাম-কাজত জড়িত কৰাই নিৰীক্ষণৰ জৰিয়তে সামাজিক মূল্যবোধ ও নীতিশিক্ষাসমূহৰ গুৰুত্বৰ বিষয়ে অৱগত কৰাব পাৰি ।

# কিছুমান নিৰ্বাচিত গ্ৰন্থ যেনে,  মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে', ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে',নিশি বৰকটকীৰ অনুবাদ 'শ্বিচকিন, মই আৰু বহুতো' আদি বিভিন্ন প্ৰেৰণাদায়ক গ্ৰন্থ পঢ়িবলৈ উৎসাহিত কৰিব পাৰি ।

# কেতিয়াবা কিছুমান  ধনাত্মক বাৰ্তাৰ ওপৰত আধাৰিত নিৰ্বাচিত  ভিডিঅ' ক্লিপ বা চুটি ছবিও  নীতি শিক্ষাৰ মাধ্যম হ'ব পাৰে ।

           কিন্তু সকলোতকৈ আগত শিক্ষকেই হওক বা অভিভাৱকেই হওক ল'ৰা-ছোৱালীৰ সন্মুখত নিজে নীতিশিক্ষা আৰু মূল্যবোধৰ আদৰ্শস্বৰূপ হৈ থিয় দিয়াটো অত্যন্ত প্ৰয়োজনীয় । কিয়নো শৈশৱৰ পৰাই ল'ৰা-ছোৱালীয়ে ডাঙৰক অনুসৰণ কৰি প্ৰায়ভাগ কথা শিকি পেলায় । তেওঁলোকৰ পৈণত অৱস্থাটোত আদৰ্শ ব্যক্তি বা পথ প্ৰদৰ্শক জনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয় ।

          মূল্যবোধৰ অবক্ষয়ে  হিংসা , অসন্মান ,অসভ্য ব্যৱহাৰ ,দয়াহীন,বিবেকহীন আৰু আত্মকেন্দ্ৰিক কৰি তোলা সমাজখনক নীতিশিক্ষাৰ বাস্তৱ তথা ব্যৱহাৰিক প্ৰয়োগে নিশ্চয়কৈ ভাতৃত্ববোধ , সদ্ ব্যৱহাৰ , দয়া , শ্ৰদ্ধা ,ক্ষমা আদি গুণেৰে পৰিপূৰ্ণ কৰি তুলিব । শেষত, আইতাৰ চোতালৰ সাধুবোৰ মনত পেলাই গাওঁ আহকচোন একেলগে.......

               সাধু সাধু সাধু

               খাই কঠালৰ বাদু ,

               তামোলে পেলালে ডাবি

               কোন ক'লৈ যাবি ?

                                                                     

লেখকৰ ঠিকনা:

মৌচুমী ৰায়চৌধুৰী।

সহ: শিক্ষয়িত্ৰী,

শনিয়াদী কাছুমাৰা প্ৰাথমিক বিদ্যালয় l

হাজো শিক্ষাখণ্ড।

Post a Comment

0 Comments