ত্ৰিভুজ গণনাৰ সহজ উপায়
চিত্ৰ নং ১:
ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰা হৈছে । যাক ক্ৰমে ১ আৰু ২ ৰে চিনাক্ত কৰা হৈছে । চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ’ব ১+২ = ৩
চিত্ৰ নং ২:
ইয়াত ত্ৰিভুজটোক ৫টা ভাগত ভগাই ক্ৰমে ১,২,৩,৪ আৰু ৫ ৰে চিনাক্ত কৰা হৈছে । অৰ্থাৎ চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ’ব ১+২+৩+৪+৫ = ১৫
চিত্ৰ নং ৩:
ইয়াত ত্ৰিভুজটোক মুঠ ৮টা ভাগত ভগোৱা হ'ল আৰু ইয়াত ত্ৰিভুজৰ সংখ্যা হ’ব ১+২+৩+৪+৫+৬+৭+৮ = ৩৬
চিত্ৰ নং ৪:
চতুৰ্ভুজটোক চাৰিভাগ কৰা হৈছে যাক ১,২,৩,৪ ৰে চিনাক্ত কৰা হৈছে । এতিয়া ৪ ক ২ ৰে পূৰণ কৰি আমি মুঠ ত্ৰিভুজৰ সংখ্যা পাম ৷
অৰ্থাৎ মুঠ ত্ৰিভুজ হ’ব ৪×২ = ৮
চিত্ৰ নং ৫:
চিত্ৰটোত চতুৰ্ভুজটোক ৮ ভাগ কৰা হৈছে । অৰ্থাৎ মুঠ ত্ৰিভুজৰ সংখ্যা হ’ব ৮×২ = ১৬
চিত্ৰ নং ৬:
চিত্ৰটোক ১ম আৰু ২য় ভাগত ভাগ কৰি ৪ নং চিত্ৰৰ সমাধানত দেখুওৱাৰ দৰে প্ৰতিটো ভাগত ৮ টাকৈ ত্ৰিভুজ পোৱা যাব। লগতে দুয়োটা ভাগৰ মাজত থকা সাধাৰণ শীৰ্ষবিন্দুৰ সংখ্যা হ’ল ২। এতেকে উক্ত চিত্ৰটোত থকা মুঠ ত্ৰিভুজৰ সংখ্যা হ’ব ৮+২+৮ = ১৮
চিত্ৰ নং ৭:
চিত্ৰটোত ১ম ,২য়,৩য় আৰু ৪ৰ্থ - প্ৰতিটো ভাগত থকা ত্ৰিভুজৰ সংখ্যা ৮ । অৰ্থাৎ ৮+৮+৮+৮ = ৩২
১ম আৰু ২য় ভাগ,২য় আৰু ৩য় ভাগ ,৩য় আৰু ৪ৰ্থ ভাগৰ মাজত থকা সাধাৰণ শীৰ্ষবিন্দু ক্ৰমে ২+২+২= ৬
এতেকে মুঠ ত্ৰিভুজৰ সংখ্যা ৩২+৬=৩৮ ।
প্ৰস্তুতকৰ্তা:
গিৰিণ দাস।
সদস্য, শৈক্ষিক গোট, জ্ঞানম্, কামৰূপ।
0 Comments