header ads

অম্বুবাচীৰ পৰম্পৰা আৰু মা কামাখ্যা | Assamese Article by Kalindra Kumar Das

 অম্বুবাচীৰ পৰম্পৰা আৰু মা কামাখ্যা


          অম্বুবাচী বা আমতি মূলতঃ এক কৃষিভিত্তিক লৌকিক উৎসৱ । লোকবিশ্বাসেই ইয়াৰ মূল ভেঁ‌টি । ই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰচলিত এক বছৰেকীয়া উৎসৱ । এই উৎসৱ প্ৰধানকৈ উত্তৰ-পূৰ্বাঞ্চলত বিশেষভাবে পালন কৰা হয় ৷ ইয়াক অঞ্চল বিশেষে আমতি বা ষাঁঠ বুলিও কোৱা হয় । সংস্কৃত অম্বু আৰু বাচী শব্দ দুটাৰ পৰা এই শব্দটো অহা বুলি পণ্ডিতসকলে ক'ব খোজে । ইয়াত অম্বু মানে পানী আৰু বাচী মানে প্ৰকাশিত বা পুষ্পিতা হোৱা বুজায় ।

           জনবিশ্বাস মতে অম্বুবাচীত পৃথিৱী ঋতুমতী হয় । আহাৰ মাহৰ ৭ তাৰিখে অম্বুবাচীৰ আৰম্ভণি হয় বাবে ইয়াক ষাঁঠ বুলিও কোৱা হয় । জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপদ শেষ হ'লে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী ঋতুমতী হয় । অম্বুবাচীৰ আৰম্ভণিৰ দিনাখনক প্ৰবৃত্তি আৰু শেষৰ দিনাখনক নিবৃত্তি বোলা হয় ৷ স্থানভেদে অম্বুবাচী পালনৰ নিয়মবোৰ কিছু বেলেগ বেলেগ যদিও মূল ভিত্তি কিন্তু একেই ।

            সাধাৰণতে আই বসুমতীক সমগ্ৰ জীৱজগত আৰু উদ্ভিদ জগতৰ মাতৃস্বৰূপা নাৰীৰূপে গণ্য কৰা হয় ৷ সেয়েহে এগৰাকী সাধাৰণ নাৰীৰ দৰেই আই বসুমতীও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় ৷ পাৰ্থক্য এয়েই যে সাধাৰণ নাৰী এগৰাকী প্ৰত্যেক মাহতেই ঋতুমতী হয় আৰু বসুমতী বছৰত মাত্ৰ এবাৰ ঋতুমতী হয় ।

অম্বুবাচীৰ কিছু প্ৰচলিত নিয়মঃ

           অম্বুবাচীৰ চাৰিদিন কোনো মাংগলিক কাৰ্য কৰা নহয় আৰু সকলো মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় । নিজৰ ঘৰ বা গোসাঁইৰ থাপনাৰ আগত বন্তি জ্বলোৱা নহয় । ঋতুমতী মহিলা আৰু ব্ৰাহ্মণ বিধৱা মহিলাসকলে এই চাৰিদিন অকল ফলাহাৰ কৰি ব্ৰতত থাকে । সদ্য স্বামীহাৰা হিন্দু বিধৱাসকলে প্ৰথম বছৰ এই অম্বুবাচী পালন কৰে । অম্বুবাচীৰ সময়ছোৱাত আনকি নতুন বস্ত্ৰও পিন্ধা নহয় ।

          লোকবিশ্বাস মতে অম্বুবাচীৰ সময়ছোৱাত উঁই পৰুৱা , গুৰি পৰুৱা , কেঁ‌চু আদিয়েও হেনো মাটি নাখান্দে । আমাৰ শৈশৱ-কালত পালন কৰা অম্বুবাচীৰ কঠোৰ নীতি-নিয়ম বাৰুকৈয়ে মনত আছে । সেইকেইদিন মাটি খন্দা , কোৰমৰা , হালবোৱা , গছপুলি ৰোপণ কৰা , ফল-মূল চিঙা , শাক-পাচলি তোলা আদি কামবোৰৰ পৰা সকলোৱে নিলগত থাকে । জনবিশ্বাস মতে সেই সময়ত ফল চিঙিলে গছে কষ্ট পোৱাৰ লগতে ফলমূল তথা শাক-পাচলি বিষাক্ত হয় । অম্বুবাচীৰ চতুৰ্থ দিনা অৰ্থাৎ প্ৰবৃত্তিৰ পাছত প্ৰত্যেক ঘৰ মানুহেই ঋতুমতী নাৰী শুচি হোৱাৰ দৰেই ঘৰৰ কোঠালী , কাপোৰ-কানি , বাচন-বৰ্তন , কেৰাহী আদি ধুই , সাৰি-মচি পৰিষ্কাৰ হৈ শুচি হয় আৰু ফলমূল , পিঠাপনা , পায়স , ছাগলীৰ মাংস আদি বনোৱাৰ ৰীতি-নীতি প্ৰচলিত হৈ আহিছে । অম্বুবাচী দৰাচলতে ব্ৰত তথা উপবাসৰ আধ্যাত্মিক অনুষ্ঠান যদিও বৰ্তমান ই এক উৎসৱলৈ পৰিণত হৈছে । 

অম্বুবাচী আৰু মা কামাখ্যাঃ

          শক্তিপীঠ কামাখ্যা হিন্দু ধৰ্মৰ এক পৱিত্ৰ স্থান । ভাৰতবৰ্ষৰ পৌৰাণিক ৫২ খন বিখ্যাত শক্তিপীঠৰ ভিতৰত কামাখ্যাও অন্যতম । নীলাচল পাহাৰত অৱস্থিত এই মা-কামাখ্যা ধাম । অম্বুবাচীৰ সৈতে মা-কামাখ্যাৰ সস্পৰ্ক অতি নিবিড় ৷ কামাখ্যাত কোনো প্ৰতিমূৰ্তি নাই যদিও শিলৰ ভাস্কৰ্যৰে নিৰ্মিত যোনীপীঠত পূজা কৰা হয় । অহৰহ বৈ থকা প্ৰাকৃতিক নিজৰা এধাৰিয়ে যোনীপীঠটো সকলো সময়তে সিক্ত কৰি ৰাখে ৷ কালিকা পুৰাণ মতে অম্বুবাচীৰ দিনকেইটাত কামাখ্যা ধামৰ মাটি আৰু আকাশ-বতাহ সকলো ভক্তি ৰসেৰে মুখৰিত হৈ থাকে । জনবিশ্বাস মতে এই অম্বুবাচীৰ সময়চোৱাত মা-কামাখ্যা ৰজস্বলা হয় ৷ সেইবাবে আহাৰ মাহৰ ৭ তাৰিখৰ পৰা মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় আৰু নিবৃত্তি নোহোৱা পৰ্যন্ত দেৱী মাৰ দৰ্শন নিষিদ্ধ হৈ পৰে । মন্দিৰত এই কেইদিন কোনো ধৰণৰ পূজা-পাতল বা ধৰ্মীয় গ্ৰন্থ পাঠ কৰা নহয় । শক্তিপীঠ ৰঙা ৰঙেৰে আৱিষ্ট হৈ পৰে । সকলো ভক্তই ' পৃথিৱী ৰজস্বলা হ'ল ' ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে । আহাৰৰ ১১ তাৰিখ অৰ্থাৎ নিবৃত্তিৰ দিনা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে দেৱী স্থান শুচি কৰি ছাগলী , ম'হ আদি বলি দি পূজা সম্পন্ন কৰাৰ পাছতহে দৰ্শনাৰ্থীয়ে দেৱী ' মা ' ৰ দৰ্শন লাভ কৰিব পাৰে ।

           ভাৰতৰ ভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তৰ উপৰি বিদেশৰ ভক্তও এই সময়ছোৱাত মন্দিৰৰ চৌপাশত ভিৰ কৰে । সাধু , সন্ন্যাসী আদিয়ে মন্দিৰৰ বাহিৰতে ধূপ-দ্বীপ জ্বলাই , নাম-কীৰ্তন কৰি দেৱী আৰাধনা কৰে । নিবৃত্তিৰ দিনা মন্দিৰৰ পাণ্ডাসকলে দেৱীৰ ৰঙা বস্ত্ৰ ভক্তসকললৈ আগবঢ়ায় আৰু এই বস্ত্ৰ পৰিধান কৰিলে মনৰ অভীষ্ট সিদ্ধি হয় বুলি লোকবিশ্বাস আছে ।

          এই মেলাক উত্তৰ-পূৰ্বাঞ্চলত ' মহাকুণ্ড মেলা ' বুলিও কোৱা হয় । লাখ লাখ দেশী-বিদেশী ভক্ত , সাধু , সন্ন্যাসী , তান্ত্ৰিক আদিৰ সমাগমে মন্দিৰৰ চৌহদ ভক্তি ৰসেৰে উদ্ভাসিত কৰে ৷ পৰম্পৰাগতভাৱে পালিত এই উৎসৱৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকিলেও এই উৎসৱে আন্তজাৰ্তিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষাৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা যোগাই আহিছে । পৃথিৱীৰ মংগল কামনাৰে পালন কৰা অম্বুব্যাচী বা আমতি উৎসৱ আমাৰ বাবে এক গৌৰৱৰ বিষয় ।

লেখকৰ ঠিকনা:

কালীন্দ্ৰ কুমাৰ দাস । 

MA , B.Ed , D.Tech ( Tex ) LLB , PGDHRM 

বিষয় শিক্ষক ,

বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

কৰৰা শিক্ষাখণ্ড।

Post a Comment

0 Comments