header ads

সম্পাদকীয় l ২য় বছৰ ৪ৰ্থ সংখ্যা

 সম্পাদকীয়

        " Tell me and I forget , teach me and I may remember , involve me and I learn "....Benjamin Franklin .

Get them involved.

            The most important thing to create a healthy learning environment is getting a student involved in classroom situation . It gives them an opportunity for critical thinking , problem solving , brain storming and so on- a way to learning for life .

         শ্ৰেণীকোঠা এটাৰ ভিতৰত শিক্ষকৰ ব্যক্তিত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এটা সম্পূৰ্ণ বন্ধুত্বসুলভ পৰিবেশ গঢ়ি তুলি কোনকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত মনোনিবেশ কৰিব পৰা নাই , তাৰ কাৰণ বিচাৰি উলিয়াই তেওঁলোকক সকলো ধৰণে সহায় সহযোগ কৰিব লাগিব । তেওঁলোকৰ মনৰ ভিতৰৰ ভয়-সংকোচ আঁতৰাই এক মুকলিমুৰীয়া পৰিবেশ গঢ়ি তুলিব পৰাটো শিক্ষক জনৰ কৃতিত্ব । বন্ধুত্বসুলভ ব্যৱহাৰেৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মিলি , তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে এগৰাকী পথপ্ৰদর্শক হিচাপে শিক্ষকসকলে দায়িত্ব লোৱা উচিত । এইক্ষেত্ৰত বহুতো মহান শিক্ষাগুৰু আমি জীৱনৰ বাটত লগ পাওঁ ।

        তাৰোপৰি শ্ৰেণীকোঠাৰ শিক্ষা আৰু ব্যৱহাৰিক জ্ঞানৰ মাজত যোগসুত্ৰ স্থাপন আন এক গুৰুত্বপূৰ্ণ দিশ । তথ্যৰ জ্ঞান আৰু তথ্যৰ ব্যৱহাৰিক জ্ঞান সম্পূৰ্ণ পৃথক বিষয় । ছাত্ৰ-ছাত্ৰীসকল এই দুয়ো বিষয়তে পাকৈত হোৱা প্ৰয়োজন । যেতিয়া ছাত্ৰ-শিক্ষকৰ মাজত এক সন্মানীয় , মাৰ্জিত , বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠিব ; তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনত উদয় হোৱা সকলো জিজ্ঞাসাৰ উত্তৰ বিচাৰি লব পাৰিব । তাতোকৈ গুৰুত্বপূৰ্ণ কথা তেওঁলোকে নিজৰ দক্ষতাৰ ক্ষেত্ৰ বিচাৰি পাব । তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে মুখস্থ বিদ্যাৰে জ্ঞান অৰ্জনৰ সলনি শিক্ষাৰ প্ৰয়োগ কৰিব শিকিব । শিক্ষাৰ প্ৰকৃত উদ্দেশ্য এইখিনিতে , যাতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দক্ষতা অনুসৰি শিক্ষাৰ প্ৰয়োগ কৰি জীৱনৰ বাটত সফল হয় ।

       বৰ্তমান সময়ৰ এক বৃহৎ প্ৰত্যাহ্বান শিক্ষিত নিবনুৱাৰ সলনি সফল , উদ্যোগী নাগৰিকৰ সৃষ্টি কৰা ; যিয়ে আনুষ্ঠানিক শিক্ষাৰ ব্যৱহাৰিক জ্ঞানেৰে দেশ আৰু দহৰ উপকাৰ সাধিব পাৰে।




Post a Comment

0 Comments