header ads

ড° দিগন্ত দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ

 ড° দিগন্ত দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ  



        চিংগাপুৰত Early Childhood Education ৰ গুৰুত্ব কিমান ? কেনেকৈ চিংগাপুৰৰ দৰে দেশসমূহ আমাৰ দেশতকৈ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়া ?

নীতিশিক্ষাৰ জ্ঞান কেৱল কিতাপৰ পৰাই পাব পাৰিনে ? চিংগাপুৰৰ শিক্ষা ব্যৱস্থাত 'Art Education' বা Art Integrated Learning ক গুৰুত্ব দিয়া হয়নে ?

          এই কথাবোৰ জানিবলৈয়ে আমি লগ ধৰিছিলোঁ অসমৰ সু-সন্তান ড° দিগন্ত দাসক ।

ড° দিগন্ত দাস, জন্মসূত্ৰে অসমৰ সন্তান যদিও বৰ্তমান তেওঁ চিংগাপুৰৰ নানিয়াং উদ্যোগিক বিশ্ববিদ্যালয় ( Nanyang Technological University)ৰ Geography at Humanities and Social Studies Education Academic Group, National Institute of Educationৰ সহযোগী প্ৰবক্তা হিচাপে কৰ্মৰত । আজি তেখেতৰ সৈতে 'শৈক্ষিক গোট জ্ঞানম্'ৰ তৰফৰ পৰা হোৱা এটি বাৰ্তালাপ এনে ধৰণৰ আছিল --

১) ছাৰ, শিক্ষাৰ ক্ষেত্ৰখনত Early childhood Education ৰ গুৰুত্ব কিমান বুলি আপুনি ভাবে ? এইক্ষেত্ৰত চিংগাপুৰৰ যি শিক্ষাব্যৱস্থা, তাৰ অভিজ্ঞতাৰে জনাবচোন আমি আৰু কি কি কৰিব পাৰোঁ ?

দিগন্ত দাসঃ এই ক্ষেত্ৰত চিংগাপুৰৰ যি শিক্ষাব্যৱস্থা , তাৰ অভিজ্ঞতাৰ ভিত্তিত জনাব খুজিছোঁ যে শিক্ষাত Early Childhood Education অত্যন্ত দৰকাৰী ৷ আমাক সৰুতে কোৱা হৈছিল, 'যি মূলা বাঢ়ে তাৰ দুপাততে চিন' ৷ আচলতে শিশুৰ Foundational Education টো অত্যন্ত দৰকাৰী আৰু প্ৰাক-শৈশৱ কালছোৱাই হ’ল Foundational Education বা Foundational Grounding ৰ সময় ৷ মই ভাবোঁ যে প্ৰাথমিক শিক্ষাৰ আগতে যি প্ৰাক-শৈশৱকালীন শিক্ষা দিয়া হয় , সেই শিক্ষা Enquary based learning হ’লে যথেষ্ট ভাল হয় ৷ আচলতে পাঠ্যপুথিৰ পৰা আহৰণ কৰা জ্ঞানতকৈ পাঠ্যক্ৰম বা শ্ৰেণীকোঠাৰ বাহিৰত সৰুৰে পৰা ল’ৰা ছোৱালীয়ে যি শিক্ষা লয় বা তেওঁলোকৰ নতুন কথা বা বিষয় জানিবলৈ যি আগ্ৰহ থাকে তাক সঠিক দিশত গঠনাত্মকভাৱে আগবঢ়াই নিবলৈ early childhood education য়েই সৰ্বোৎকৃষ্ট ৷ চিংগাপুৰতো এই বিষয়টোৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছে ৷ কেৱল চিংগাপুৰেই নহয় , নৰৱে , ফিনলেণ্ড আদি উন্নত দেশবোৰতো Early Childhood Education ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷ সাধাৰণতে Early Childhood Education ত ছাত্ৰ-শিক্ষকৰ অনুপাতটো তুলনামূলকভাৱে কম হয় ৷ যি কি নহওক , Early Childhood Education ত জ্ঞানৰ ভেটি মজবুতকৰণ ( grounding of knowledge ) আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ৷ চিংগাপুৰত মই দেখিছোঁ যে early childhood education বিশেষকৈ কিণ্ডাৰগাৰ্টেন স্তৰত শিশুৰ শিক্ষাত যথেষ্ট গুৰুত্ব দিয়া দেখা যায় ৷ গল্প বা সাধুৰ জৰিয়তে শিক্ষণ , ভাৱ বিনিময় ( interaction ) , বাস্তৱ অভিজ্ঞতা আদিৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াত ৷ তাৰোপৰি social IQ বা emotional IQ ৰ বিকাশ অৰ্থাৎ ল’ৰা-ছোৱালীয়ে সমাজৰ আন মানুহ বা সমনীয়াৰ লগত কিদৰে আচৰণ কৰিছে সেই বিষয়টোৰ ওপৰতো গুৰুত্ব দিয়া উচিত ৷ এই গোটেইবোৰ কথা চালিজাৰি চাই মই ভাৱোঁ , শিশুৰ Early Childhood Education অত্যন্ত দৰকাৰী আৰু সেয়ে এই বিষয়টোত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় ৷

(২) কোনো এটা বিষয়ৰ শিক্ষা দিওঁতে ছাত্ৰ ছাত্ৰীৰ মাজত বিষয়টোৰ প্ৰতি এটা প্ৰাথমিক ধাৰণা থকাৰ বা গঢ় লোৱাৰ প্ৰয়োজন থাকে । এইক্ষেত্ৰত Enquary based learning /Observation learning ৰ গুৰুত্ব কিমান বুলি আপুনি ভাৱে ?

দিগন্ত দাসঃ অনুসন্ধানমূলক শিক্ষা (Enquary based learning ) , পৰ্যবেক্ষণৰ পৰা আহৰণ কৰা শিক্ষা ( learning from observation ) ও ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত দৰকাৰী ৷ এনে শিক্ষাত সাধাৰণতে শ্ৰেণীকোঠাৰ বাহিৰৰ শিক্ষাত বেছি গুৰুত্ব দিয়া হয় ৷ ইয়ে শিক্ষাৰ লগত সম্পৰ্কিত বিভিন্ন perspective ৰ ওপৰত গুৰুত্ব দিয়ে ৷ সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰতো Enquary Based Learning অথবা Observational Learning য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ মই ভাবোঁ Enquary Based Learning শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷

(৩) বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা বস্তুৰ অভাৱ বেছিকৈ দেখা যায় । প্ৰথমটো হ'ল ― তেওঁলোকৰ আত্মবিশ্বাস আৰু দ্বিতীয়টো হ'ল ― নৈতিকতাৰ জ্ঞান । এই দুয়োটা ক্ষেত্ৰতে আমাৰ শিক্ষকসকলৰ লগতে অভিভাৱক সকলৰ কৰণীয় কি হ'ব ?

দিগন্ত দাসঃ হয় , শিশুৰ শিক্ষাত আত্মবিশ্বাস এটা অতি গুৰুত্বপূৰ্ণ কাৰক ৷ দ্বিতীয়তে , শিশুৰ শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আন এটা উপাদান হ’ল, নৈতিকতাৰ শিক্ষা ৷ আমি নৈতিকতাৰ ওপৰত কিতাপে-পত্ৰই যথেষ্ট পঢ়িবলৈ পাওঁ ৷ আচলতে , শিশুক নৈতিকতাৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত কেৱল বিদ্যালয়খনৰে নহয় , ঘৰখনৰো যথেষ্ট দায়িত্ব থাকে ৷ শিক্ষকসকলৰ উপৰিও অভিভাৱকসকলেও এই ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াব পাৰে ৷ নৈতিকতাৰ জ্ঞান দিব পৰা কিছুমান কাহিনী বা সাধুকথা কথন , মহৎলোকৰ জীৱনী বৰ্ণনা আদিৰ জৰিয়তে শিশুক নৈতিক শিক্ষা দিব পৰা যায় ৷ তাৰোপৰি বিভিন্ন সভা-সমিতি আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী , অভিভাৱক আৰু শিক্ষকৰ ভাৱ বিনিময়ৰ জৰিয়তে এই ব্যৱস্থাটোক অধিক ফলৱতী কৰিব পৰা যাব বুলি মই ভাবোঁ ৷

(৪) আমাৰ মাজত এতিয়া NEP আহি আছে । আমি সকলোৱে আশাবাদী NEPক লৈ । আপোনাৰ মতামত কি NEP সন্দৰ্ভত ? এই NEP ত সংযোজিত হোৱা আমি বেছিকৈ গুৰুত্ব দিব লগীয়া দিশ কোনটো বুলি আপুনি ভাবে ?

দিগন্ত দাসঃ NEP বা 'নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি'ৰ বিষয়ে মই বহুত বেছি ভালকৈ ক’ব নোৱাৰিবও পাৰোঁ ৷ তথাপি মই দেখিছোঁ যে ইতিমধ্যেই NEP ক লৈ যথেষ্টখিনি আলোচনা হৈছে ৷ মই ভাবোঁ , NEP ত enquiry based learning আৰু Observation based learning ৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে ৷ ইতিমধ্যেই আমি কৈ আহিছোঁ যে Early Childhood Education ত শ্ৰেণীকোঠাৰ বাহিৰৰ শিক্ষা আৰু অভিজ্ঞতাৰ ভিত্তিত আহৰণ কৰা শিক্ষা , Sensory (স্পৰ্শজ্ঞান ) Education অত্যন্ত দৰকাৰী ৷ মই ভাবোঁ , NEP ত এই বিষয়বোৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ৷ তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰা বিষয়টোৰ ওপৰতো গুৰুত্ব দিয়া প্ৰয়োজন বুলি মই ভাবোঁ ৷ উচ্চশিক্ষাৰ ক্ষেত্ৰতো NEP য়ে যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷

(৫) আমাৰ শিক্ষা ব্যৱস্থাত Art Education ৰ গুৰুত্ব কিমান আছে বুলি আপুনি ভাবে ?

দিগন্ত দাসঃ শিশুৰ শিক্ষাত কলাশিক্ষা বা Art Education অতি প্ৰয়োজনীয় ৷ মই দেখিছোঁ যে চিংগাপুৰৰ শিক্ষা ব্যৱস্থাতো কলাশিক্ষাৰ লগতে সহ-পাঠ্যক্ৰমিক বিষয় যেনে : খেল-ধেমালি , শাৰীৰিক শিক্ষা আদিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে ৷ কলাশিক্ষাই শিশুৰ সৃষ্টিশীলতা বৃদ্ধি কৰাৰ লগতে ভাৱ প্ৰকাশৰ মাধ্যম হিচাপেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ সেয়ে মই ভাবোঁ কলাশিক্ষাৰ লগতে শাৰীৰিক শিক্ষা ( অনুশীলন ) আৰু অন্যান্য সহঃপাঠ্যক্ৰমিক শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়া উচিত ৷ NEP তো নিশ্চয় এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ সেয়ে শিক্ষাৰ উদ্দেশ্যসমূহৰ ব্যাপক ফল পাবলৈ হ’লে পাঠ্যক্ৰমৰ শিক্ষাৰ বাহিৰেও কলাশিক্ষা আৰু অন্যান্য সহঃপাঠ্যক্ৰমিক শিক্ষাৰ লগতে কম্পিউটাৰ বিজ্ঞানৰ শিক্ষাও অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবোঁ ৷

(৬) বৰ্তমান সময়ত আমাৰ চৰকাৰী স্কুলবোৰে শিক্ষাদান প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । এই বিষয়টো বিশ্লেষণ কৰিলে তাৰ কাৰণ কেইবাটাও পোৱা যায় । কেতিয়াবা দুৰ্বল শিক্ষা ব্যৱস্থা, কেতিয়াবা শিক্ষকৰ অবহেলা, কেতিয়াবা আকৌ অসচেতন অভিভাৱকো তাৰ কাৰণ হিচাপে থিয় দিয়ে । এই ক্ষেত্ৰত শিক্ষক হিচাপে আমাৰ কৰণীয় আৰু বৰ্তমান শিক্ষা ব্যৱস্থাৰ কিছু সাল-সলনিৰ কিবা প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবে নে ?

দিগন্ত দাসঃ শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা যথেষ্ট বেছি। প্ৰত্যাহ্বান সদায় থাকিব। প্ৰত্যাহ্বান আগতেও আছিল, এতিয়াও আছে বা ভৱিষ্যতেও থাকিব । শিক্ষক হিচাপে আমি প্ৰত্যাহ্বানবিলাকক শিক্ষাদান প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে গ্ৰহণ কৰিব লাগিব । অকল শিক্ষা দান বুলিয়েই নহয় অন্যান্য ক্ষেত্ৰতো প্ৰত্যাহ্বানবোৰ থাকিব । কিন্তু আমি জানিব লাগিব কেনেদৰে এই প্ৰত্যাহ্বানসমূহক এটা গঠনমূলক দিশ দিব পাৰি আৰু ল'ৰাছোৱালীবোৰৰ কাৰণে কিছুমান সুযোগ সৃষ্টি কৰিব পাৰি । এইক্ষেত্ৰত শিক্ষক সকলৰ যথেষ্ট কৰণীয় আছে । ইয়াৰ বাবে অভিভাৱক, পৰিচালনা সমিতি সকলোকে একত্ৰিত কৰি সমস্যাসমূহৰ সমাধান বিচৰাৰ লগতে কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা গ্ৰহণৰ এটা উপযুক্ত পৰিবেশৰ সৃষ্টি কৰিব পাৰি সেইটো বিচাৰি উলিয়াব লাগিব । আৰু এইক্ষেত্ৰত শিক্ষকসকলেই অভিভাৱক আৰু ছাত্র-ছাত্ৰীসকলক একত্ৰিত কৰি শিক্ষাদানৰ এটা সুন্দৰ পৰিবেশ গঢ়াৰ বাবে চেষ্টা কৰিব পাৰে ।

(৭) প্ৰাথমিক পৰ্যায়ত শিকন পদ্ধতি কেনেকুৱা হোৱা উচিত বুলি আপুনি ভাবে ? যিহেতু আজিকালি ল'ৰা-ছোৱালীয়ে ইতিমধ্যে বিভিন্ন মাধ্যমযোগে বহুখিনি কথা আয়ত্ত কৰি লোৱা দেখা যায় । তেনেক্ষেত্ৰত শিকন পদ্ধতি সলনি কৰাৰ প্ৰয়োজন আছে নেকি ?

দিগন্ত দাসঃ আজিকালি সৰু ল'ৰাছোৱালীবোৰে বিভিন্ন মাধ্যমৰ যোগেদি বহু খিনি কথা আয়ত্ব কৰি লয় । সেইবাবে প্ৰাথমিক পৰ্যায়ৰ শিকন পদ্ধতি আগৰ দৰে হ'লে নহ'ব । এইবিষয়ে নতুন শিক্ষা নীতিতো যথেষ্ট খিনি গৱেষণা কৰা দেখা গৈছে । মই ভাৱো, অভিজ্ঞতাপূৰ্ণ শিক্ষাদান, learning through observation, learning through enquiry ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। স্কুল পৰ্যায়ত বিভিন্ন ধৰণৰ ভিডিঅ', অডিঅ'ৰ সংযোজন কৰাটো উচিত । তাৰোপৰি , অভিজ্ঞতাপূৰ্ণ শিক্ষাদান বা অনুসন্ধান মূলক শিক্ষাদানৰ বাবে ল'ৰা-ছোৱালীবোৰক ক্ষেত্ৰভিত্তিক শিক্ষাদান কৰোৱাটো উচিত। ইয়াত ক্ষেত্ৰভিত্তিক বুলি ক'লে স্কুলৰ বাগিচাখনো এখন ক্ষেত্ৰ হ'ব পাৰে বা স্কুলৰ ওচৰে পাজৰে থকা গছ-গছনিবোৰো ক্ষেত্ৰভিত্তিক অধ্যয়নৰ উৎস হ'ব পাৰে। তাৰবাবে শিক্ষকসকলো যথেষ্ট সৃষ্টিশীল মনৰ তথা তথ্যসমৃদ্ধ হ'ব লাগিব ।

      শেষত 'জ্ঞানম'ক এই সময়খিনি দিয়াৰ বাবে, দিগন্ত দাস ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ । অনাগত দিনবোৰত ছাৰৰ পৰা আমাৰ জিলাখনৰ শৈক্ষিক দিশত উত্তৰণৰ ক্ষেত্ৰত আৰু কিছু দিহা-পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখি পুনৰবাৰ 'শৈক্ষিক গোট জ্ঞানম্'ৰ তৰফৰ পৰা ছাৰলৈ ধন্যবাদ জনাই আজিৰ বাৰ্তালাপ সামৰিলোঁ ।


সাক্ষাৎকাৰ গ্ৰহণ: পল্লৱী পাঠক

সদস্য, জ্ঞানম্ ।

Post a Comment

0 Comments