header ads

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান প্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে ই-আলোচনী জ্ঞানমৰ সাক্ষাৎকাৰ

 উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান প্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে ই-আলোচনী জ্ঞানমৰ সাক্ষাৎকাৰ




       মানসিক উৎকৰ্ষ সাধনৰ স্পষ্ট চিন বিৰাজমান কম বয়সীয়া ল'ৰাজনৰ কথা-কামে সমগ্ৰ অসমবাসীকে ইতিমধ্যে মোহিত কৰিছে । ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তব কলিতাৰ সৈতে জ্ঞানম্ ৰ এক আছুতীয়া সাক্ষাৎকাৰ :-

■ জ্ঞানম্ :- বিজ্ঞজনে কয় কৃতকাৰ্যতা এক অবিৰত যাত্ৰা । জীৱনৰ প্ৰথম দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰথম স্থান লাভ - তোমাৰ এই সফলতাৰ আঁৰৰ মূল কাহিনী কি ? তুমি আত্মতৃপ্ত নে ?

★ ধৃতিৰাজ :- মোৰ যি প্ৰাৰম্ভিক সফলতা তাত মই আত্মতৃপ্ত , কিন্তু মোতকৈ বেছি আনন্দিত মোৰ হিতাকাংক্ষী ।

সফলতাৰ আঁৰৰ কাহিনী ইমান জটিল নহয় , লাগিব মাথোঁ আত্মসংযম , অধ্যাৱসায় আৰু নিৰহংকাৰী মনোবৃত্তি ।

■ জ্ঞানম্ :- পৰীক্ষাৰ তাৰিখ ওচৰ চাপি আহিলে বা পৰীক্ষাৰ সময়ত সাধাৰণতে বহুতো ছাত্ৰ-ছাত্ৰীক মানসিক চাপত থকা দেখা যায় । তুমি সেই চাপ কেনেদৰে নিয়ন্ত্ৰণ কৰিছিলা ?

★ ধৃতিৰাজ :- মই পৰীক্ষা আহিলে কোনোদিন ভয়াৰ্ত হোৱা নাছিলোঁ , বৰঞ্চ আনন্দহে লাগিছিল যে মই যিখিনি পঢ়িলোঁ তাক প্ৰকাশ কৰাৰ সময় আহিল । গতিকে তেনে কোনো মানসিক চাপ ইতিবাচক নহয় ।

■ জ্ঞানম্ :- পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তুমি কেনেদৰে বাহিৰা জ্ঞান আহৰণ কৰিছিলা ? নে কেৱল পাঠ্যপুথিৰ মাজতে নিজক ব্যস্ত ৰাখিছিলা ?

★ ধৃতিৰাজ :- পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত মই বাহিৰা প্ৰয়োজনীয় ৰেফাৰেঞ্চ বুকবোৰ (reference books) পঢ়িছিলোঁ , কেৱল পাঠ্যপুথিয়েই নহয় , আচাৰ-ব্যৱহাৰৰ ওপৰতো চকু ৰাখিছিলোঁ ।

■ জ্ঞানম্ :- তোমাৰ দৃষ্টিত বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ সমস্যা কি আৰু তাৰ কিবা সমাধানৰ উপায় তোমাৰ মনলৈ আহে নে ?

★ ধৃতিৰাজ :- মোৰ দৰে কম বয়সীয়া ল'ৰা এটাৰ দৃষ্টিত অসমৰ সাম্প্ৰতিক সমস্যা হ'ল অসমীয়াৰ স্বাভিমানৰ অভাৱ । ইয়াৰ সমাধানৰ বাবে আমি আমাৰ অস্তিত্বক লৈ সজাগ হোৱা আৱশ্যক ।

■ জ্ঞানম্ :- প্ৰতিটো বিষয়ক সমান গুৰুত্ব দিব পৰাকৈ কিদৰে সময়খিনি ভগাই লৈছিলা ?

★ ধৃতিৰাজ :- প্ৰতিটো বিষয়ে নিজাববীয়াকৈ মোক ৰস দিছিল আৰু সেয়ে মই দিনটোৰ যি সময়ত যি বিষয় পঢ়ি ভাল লাগে তাকেই পঢ়িছিলোঁ ।

জ্ঞানম্--- তুমি আগুৱাই যোৱা । জ্ঞানম্ ৰ ফালৰপৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।


সাক্ষাৎ গ্ৰহণকাৰী:

মনবিনী দাস।

সদস্য, শৈক্ষিক গোট জ্ঞানম্, কামৰূপ l

Post a Comment

0 Comments