বন্যাৰ্তৰ আৰ্তনাদৰ অতীত জীৱন লেখা
এইবাৰৰ ২০২২ চনৰ জুন মাহত হোৱা প্রলয়ঙ্কাৰী বিধ্বংসী বানপানীয়ে অসমৰ ৩৫ খন জিলাত এক অবৰ্ণনীয় তাণ্ডৱ চলাই বহু মানুহক গৃহহাৰা কৰি মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিলে । এই দৃশ্যই মোৰ গাৰ নোম শিয়ঁৰি তুলিলে ।
২০০৮ চনৰ ৩১ আগষ্টৰ দেওবাৰৰ সেই অভিশপ্ত দিনটোৰ কথা মনত পৰি গ'ল ; যিয়ে আজিও মোৰ মন-মগজু ব্যথিত কৰি তোলে । পূৰ্বৰ এগৰাকী ভুক্তভোগী হিচাপে আমি মৰ্মে মৰ্মে সেই কথা উপলব্ধি কৰিব পাৰিছোঁ । লুইতেহে জানে বঠাৰ কোবৰ মৰ্মবেদনা ।
ঘাত-প্ৰতিঘাতৰ মাজেৰে পুঠিমাৰী নৈৰ দাঁতি -কাষৰৰ কেন্দুকোনাৰ নতুন বজাৰৰ আৱাসিক অঞ্চলত সজাই তুলিছিলোঁ নিজৰ সোণোৱালী সংসাৰখনৰ ভৱিষ্যত । ল'ৰা- তিৰোতাৰে সৈতে গঢ়ি উঠিছিল এখন সুখময় সংসাৰ । “ আইৰ ঘৰলৈ যাম দুয়ো হাতে খাম, বিধাতাই বোলে ময়ো লগে লগে যাম”। মোৰো দশা সেয়ে হ'ল । মুহূৰ্তৰ ভিতৰতে সকলো শেষ হৈ গ'ল । সকলো সা-সম্পত্তি, পৰিপাটিকৈ সজাই তোলা চেনেহৰ ঘৰখন ৩১ আগষ্টত অভিশপ্ত পুঠিমাৰী নদীৰ প্ৰৱল বানে উটুৱাই লৈ গ'ল । পঁয়ত্ৰিশ বছৰৰ আৰ্জিত পুজিঁৰে সজাই তোলা হেঁপাহৰ ঘৰটি বিস্মৃতিৰ অটল গৰ্ভত লীন গ'ল। উগ্ৰমূৰ্তি ধাৰণ কৰি নৈখনে মথাউৰি ওফোৰাই পেলোৱাৰ পিছত আৱদ্ধ হৈ এটি পকীঘৰৰ চাঁদত আশ্ৰয় লৈ নিজৰ প্ৰাণটো বচাই প্ৰত্যক্ষ কৰি আছিলোঁ নিজে গঢ়া ঘৰৰ ধ্বংসলীলা । কাহিলিপুৱাতে নিজৰ ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত থকা নদীৰ মথাউৰিটোলৈ দৌৰি গৈছিলোঁ মানুহৰ কোলাহল শুনি । তেতিয়া মথাউৰিটোৰ তলেৰে নৈৰ পানী হলক-হলককৈ নিষ্কাশিত হৈ আছিল । গঞা ৰাইজে উঠি পৰি লাগিছিল মথাউৰিটো ৰক্ষা কৰিবলৈ। আপ্ৰাণ চেষ্টা কৰিও ৰক্ষা কৰিব নোৱাৰিলে । প্ৰায় ছয় বজাত সংহাৰী ৰূপ লৈ নৈখনৰ পানীয়ে মথাউৰিটোৰ প্ৰায় ১০০ মিটাৰতকৈ অধিক অংশ ভাঙি পেলালে । ভঙা মথাউৰিৰে কোবাল সোঁতৰ পানী কাষৰীয়া ঘৰবিলাকৰ চোতাল আহি পোৱাত মানুহবিলাকে প্ৰাণৰ মমতাত যি যেনেকৈ আছিল তেনেকৈ দৌৰি দৌৰি নিৰাপদ ঠাইত আশ্ৰয় ল'বলৈ ঢাপলি মেলিছিল । আমাৰ পৰিয়ালৰো আটাইকেইজনে দৌৰি গৈ ৰাষ্ট্ৰীয় ঘাই পথত উঠিছিল । সেই মুহূৰ্তত গোহালিত বান্ধি থোৱা গাই-দামুৰি হাললৈ মনত পৰিল । ততাতৈয়াকৈ গাই-দামুৰি হাল গোহালিৰ পৰা উলিয়াই আনিলোঁ যদিও চকুৰ আগতে দামুৰি পোৱালিটো বলিয়া বানে উটুৱাই লৈ গ'ল । ভয়-বিহবল মনেৰে সেই নিদাৰুণ দৃশ্য চাই থাকোতে পানী যেতিয়া কঁকাল পালেহি তেতিয়াহে চেতনা ঘূৰাই পাই নিজৰ প্ৰাণটো বচোৱাৰ চিন্তা মনলৈ আহিছিল । বানৰ কোৱাল সোঁতে মোক ওফোৰাই পেলালে। জুৰুলি- জুপুৰি হৈ কথমপি ওচৰতে থকা গছ এডালত সাৱটি ধৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ। সেই সময়ত ভয়াৰ্তমনে মাত্ৰ দুশ মিটাৰ দূৰত থকা ৰাষ্ট্ৰীয় ঘাই পথলৈ সাঁতুৰি যোৱাৰ শক্তি হেৰুৱাই পেলাইছিলোঁ । প্ৰাণৰ মমতাৰ কাৰণে সাঁতুৰি ৰাষ্ট্ৰীয় পথলৈ যাবলৈ ভাবিও থমকি ৰ'লো । অসহায় মনেৰে মৃত্যুৰ বিভীষিকা উপত্যকাত থিয় হৈ সজল নয়নৰে চাই আছিলোঁ বানৰ তাণ্ডৱ । চকুত পৰিল মোৰ ওচৰতে থকা এমহলীয়া ঘৰটোৰ চাঁদখনলৈ । মৰসাহ কৰি পকী বেৰখন পাৰ হৈ চাঁদৰ ওপৰত উঠিলোঁ । জেপৰ ভিতৰত তিতি যোৱা ম'বাইল ফোনটো উলিয়াই নিজৰ স্থিতিৰ বিষয়ে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গক জনাই দিলোঁ ৷ অতি শীঘ্ৰে মোক সংকটাৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকক আকুল আহ্বান জনালোঁ ৷ মই বানত অকলে আৱদ্ধ হৈ ৰোৱাৰ বিষয়ে বিয়পি পৰাত মোৰ আত্মীয় তথা বন্ধুবৰ্গই ফোনৰ জৰিয়তে সাহস দি আছিল ৷ সেই সময়ত মই এমহলীয়া পকী ঘৰটোৰ চাঁদৰ ওপৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ হেঁপাহেৰে নিৰ্মাণ কৰি সজাই তোলা প্ৰকাণ্ড ঘৰটো চকুৰ পচাৰতে চাৰি—পাঁচফুট তললৈ সোমাই যোৱাৰ বিধ্বংসী দৃশ্য ৷ তেতিয়া মই খুবেই ভয়াৰ্ত হৈ পৰিছিলোঁ ৷ ভাবিছিলোঁ আশ্ৰয় লৈ থকা এই এক মহলীয়া পকী ঘৰটো যদি নিজৰ ঘৰটোৰ দৰে তললৈ বহি যায় তেতিয়া নিজৰ প্ৰাণটো বচাব পৰা যাব নে নাযায় সন্দিহান হৈ পৰিছিলোঁ ৷ এনে এক ভয় বিহ্বল উৎকন্ঠাৰে বাট চাই আছিলোঁ উদ্ধাৰৰ বাবে ৷ বন্ধুবৰ্গৰ ফোন কলৰ যোগসূত্ৰৰ বাবে মই ভয়াৰ্ত আৰু অকলশৰে মৃত্যু বিভীষিকাৰ মাজত থাকিও সাহস হেৰুৱাই পেলোৱা নাছিলোঁ ৷ সেই সময়ত মোৰ মনলৈ বাৰে বাৰে আহিছিল—গিৰিজানন্দ চৌধুৰী বাণিজ্যিক প্ৰতিষ্ঠানত এম.বি.এ অধ্যয়নৰত বৰপুত্ৰৰ কথা, বাইহাটা চাৰিআলি বি.এড. কলেজত অধ্যয়নৰত একমাত্ৰ কন্যাৰ কথা আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ চেনেহৰ সৰু ল'ৰাটিৰ কথা ৷ আনহাতে যন্ত্ৰচালিত নাওঁৰে বাৰম্বাৰ সেনাৰ জোৱানসকলে আশ্ৰয় লৈ থকা ঘৰটোলৈ যাবলৈ চেষ্টা কৰিও বিফল হোৱাত মই মানুহজন আৰু ভাগি পৰিছিলোঁ ৷ সেই মুহূৰ্তত চাৰিওফালে চকুৰে অন্ধকাৰ দেখিছিলোঁ ৷ লগে লগে মনত পৰিছিল মোৰ সহ-ধৰ্মিনীৰ কৰুণ মুখখনলৈ ৷ অৱশেষত নানা উৎকণ্ঠাৰ অন্ত পৰিল ৷ প্রায় ৭ ঘন্টা অতিবাহিত হোৱাৰ পিছত এখন সেনাবাহিনীৰ হেলিকপ্তাৰ মোৰ মূৰৰ ওপৰত উৰি থকা দেখিলোঁ ৷ প্ৰায় ৪০ ফুটমান ওপৰত একে ঠাইতে স্থিতিস্থাপক অৱস্থাত থাকি মোৰ ওচৰলৈ পেৰাচুট জাতীয় এবিধ বস্তু পেলাই দিলে ৷ মই চাই-মেলি সেইটোত উঠি তেওঁলোকক সাজু বুলি ইঙ্গিত দিলোঁ , একে কোবে মোক ওপৰলৈ তুলি লৈ গ'ল ৷ হেলিকপ্তাৰেৰে মোক উদ্ধাৰ কৰা হ'ল ৷ মোক পোনে পোনে বৰঝাৰ বিমান কোঠলৈ লৈ গ'ল ৷ তাৰ পিছত বিধিগত ভাবে মোক কামৰূপ জিলাৰ উপায়ুক্তৰ হাতত গতাই দিলে ৷
কোনোমতে প্ৰাণ ৰক্ষা হ'ল ৷ কিন্তু ৰুদ্ধ গতি পথেৰে আগুৱাই যোৱাৰ চিন্তাই মনটোক বাৰুকৈ জুমুৰি ধৰিলে ৷ এফালে ঘৰখন নকৈ সজাই তোলাৰ চিন্তা , আনফালে ল'ৰা-ছোৱালীক মানুহ কৰাৰ চিন্তা ৷ জীৱনৰ বিয়লি বেলাত আগৰ স্থিতিলৈ ঘূৰি অহাৰ সমলবোৰ হেৰাই গ'ল ৷ তেতিয়াই ১০ লাখ টকাৰে নিৰ্মাণ কৰা ঘৰটোৰ ক্ষতি পূৰণৰ বাবদ চৰকাৰৰ পৰা পোৱা মাত্ৰ পয়এিশ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য 'এপাচি শাকত এটা জালুক' ৰ লেখীয়া আছিল ৷
বান শেষ হোৱাৰ পিছত বানাক্ৰান্তৰ আৰ্তনাদ শুনিবলৈ তেতিয়া কাৰো আঁহৰি নাছিল ৷ ঘৰ-বস্তি ,বাঁহ-বেত, গছ-গছনি সকলোবোৰ মৰি ছাৰখাৰ হ'ল ৷ খেতিপথাৰ মৰুভূমিত পৰিণত হ'ল ৷ সৰ্ব-সাধাৰণ ৰাইজে অনাহাৰে অনিদ্ৰাই জীৱন কটাব লগা হ'ল ৷ চৰকাৰী আশ্বাস আৰু মানুহৰ প্রতিশ্রুতিবোৰ পাহৰণিৰ গৰ্ভত লীন গ'ল ৷
ঘৰ-দুৱাৰ,বয়-বস্তু ধ্বংস হৈ মনত পোৱা আঘাততকৈ চৰকাৰী কিছুসংখ্যক বিষয়া আৰু সমাজৰ মানুহৰ পৰা পোৱা তিক্ততা আৰু ভেঙুচালিবোৰেহে বান আক্ৰান্তক বাৰুকৈ আঘাত দিছিল ৷ বিশেষকৈ সেইসময়ৰ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াগৰাকীৰ বন্যাৰ্তৰ প্ৰতি কৰা আচৰণে বাৰুকৈ ক্ষুব্ধ কৰি তুলিছিল।
আনহাতে অইন এটা কথা আজিও মোৰ মনৰ মাজৰ পৰা মচি পেলাব পৰা নাই। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক ড° সমুজ্জল কুমাৰ ভট্টাচার্যই বান সাহায্যৰ নামত উজানবজাৰৰ শ্বহীদ ন্যাসলৈ মাতি নি কৰা ভেঙুচালিয়ে মোৰ সন্মানত আঘাত সানিছিল । তেওঁৰ কথা আৰু কামৰ মাজত যে পাৰ্থক্য আছে , তেতিয়াই মই বুজি পাইছিলোঁ । তাৰোপৰি বানৰ কবলত পৰি বাইহাটা চাৰিআলিলৈ আহিব লগা হোৱা জন্মস্থান ত্যাগৰ মৰ্মবেদনা কাহানিও মোৰ মনৰ মাজৰ পৰা মচা নাযায় । এই বেদনা কোনে বুজিব, কোনে পতিয়াব ? পুঠিমাৰী নদীয়ে এদিন আমাক চিনাকি কৰি দিছিল আৰু এদিন আমাক আঁতৰাই লৈ গ'ল । এই ৰহস্য কোনেও কোনোদিনে বুজি নোপোৱা সাঁথৰৰ দৰে হৈ ৰ'ল -------।
লেখকৰ ঠিকনা:
শ্ৰীকমলেশ্বৰ ডেকা।
প্ৰাক্তন অধ্যক্ষ,
জৱাহৰজ্যোতি উঃ মাঃ বিদ্যালয় , পুঠিমাৰী।
0 Comments