header ads

ৰামদিয়াৰ ঐতিহ্য l Assamese Article by Mahendra Nath Deka

 ৰামদিয়াৰ ঐতিহ্য


         ' ৰামদিয়া ’-- নামেই যাৰ পৰিচয় ! এক বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰাৰে ভৰপূৰ ৰামদিয়া বিভিন্ন দিশত সমৃদ্ধ । সামাজিক , সাংস্কৃতিক , সাহিত্যিক , শৈক্ষিক , ধৰ্ম , উৎসৱ , ক্ৰীড়া আদি সকলো দিশতে কামৰূপ জিলাৰ এখন বিশাল আৰু ঐতিহ্যশালী গাঁও হ'ল ৰামদিয়া । ৰামদিয়াই‌ অতীতৰ পৰাই এক গৌৰৱময় স্থান দখল কৰি আহিছে ৷

         মহাপুৰুষ সকলৰ স্মৃতি বিজড়িত হৈ থকা অসমৰ ঐতিহ্যমণ্ডিত পুণ্যভূমি সমূহৰ ভিতৰত ৰামদিয়া অন্যতম । মহাপুৰুষ শঙ্কৰদেৱ , মাধৱদেৱ আৰু হৰিদেৱ – এই তিনিজনা‌ গুৰুৰ পদধূলিৰে আশীষপূৰ্ণ ৰামদিয়া । চৰিত পুথিসমূহত বৰ্ণিত তথ্য অনুসৰিও‌ এই তিনিজনা গুৰুৰ পদধূলিয়ে ৰামদিয়াক‌ মহীয়ান কৰি থৈ গৈছে । অৱশ্যে মহাপুৰুষ শঙ্কৰদেৱ তথা হৰিদেৱে নৌকা যাত্ৰাৰ পথত ৰামদিয়াত পদাৰ্পণ কৰিছিল যদিও মহাপুৰুষ মাধৱদেৱে কোঁচ ৰজা ৰঘুদেৱৰ আজ্ঞা অনুসৰি ৰামদিয়াত আহি ছমাহ কাল বসতি কৰি এই ঠাইখনিক পুণ্যভূমিৰ মৰ্যদা প্ৰদান কৰিছিল । তিনিজনা ‌মহাপুৰুষৰ পদৰেণুৰ আধ্যাত্মিক ‌প্ৰভাৱে ৰামদিয়াক পুণ্যভূমিয়ে নহয় , দ্বিতীয় বৈকণ্ঠপুৰীত পৰিণত কৰিছিল ।

       ৰামদিয়া হৈছে নদীৰ বুকুৰ পৰা সৃষ্টি হোৱা এটি ডাঙৰ  'দিয়া' বা 'চৰ-চাপৰি ' । এসময়ত ৰামদিয়াৰ মাজেৰে 'ৰামসোঁতা' বা  'ৰামসুঁতি' নামৰ নদী এখন বৈ গৈছিল । ১৮৯৭ চনৰ বৰ ভূমিকম্পত উক্ত নদীখন নিশ্চিহ্ন হয় । এই ৰামসোঁতাৰ পৰা সৃষ্টি হোৱা 'দিয়া' ই‌ হ'ল ৰামদিয়া । মাত্ৰ দুটা শব্দৰ সংযোজন হ'ল ৰামদিয়া ৷ শব্দ দুটাৰ এটা হ'ল 'ৰাম' আৰু আনটো হ'ল 'দিয়া' ৷ উল্লেখযোগ্য যে ৰাম শব্দই দুটা অৰ্থ প্ৰকাশ কৰে । প্ৰথম 'ৰাম' শব্দৰ অৰ্থ হল বিষ্ণুৰ এটা অৱতাৰ অৰ্থাৎ দশৰথৰ পুত্ৰ ৰাম ; দ্বিতীয় অৰ্থটো হ'ল ডাঙৰ বা বৃহৎ বা প্ৰকাণ্ড । গতিকে দুয়োটা শব্দৰ অৰ্থৰ পিছত ‘ দিয়া ‘ শব্দটো সংযোজন ঘটি ৰামদিয়া নাম হোৱাটো অনুমেয় । এই নামটোৰ এক সুকীয়া সৌন্দৰ্য আৰু পবিত্ৰতা আছে । বহুতে বিশ্বাস কৰে ৰাম নাম উচ্চাৰণ কৰিলে পুণ্য লাভ কৰিব পাৰি ৷

       তিনিজনা মহাপুৰুষ আৰু অন্যান্য সন্ত–মহন্ত , আতা পুৰুষসকলৰ পদৰেণুৰে ৰঞ্জিত ৰামদিয়া নৈমিষাৰণ্যত পৰিণত হৈছিল । বিশেষকৈ মহাপুৰুষ মাধৱদেৱে ইয়াৰ বালিত ছমাহ কাল বসতি কৰি ধৰ্মৰ বীজ ৰোপণ কৰিছিল । সেয়ে পৰৱৰ্তী সময়ত ৰামদিয়া ধৰ্মৰ ক্ষেত্ৰত এখন অগ্ৰণী তথা গুৰুত্বপূৰ্ণ ঠাইত পৰিণত হয় । গুৰুসকলৰ প্ৰভাৱত অসমৰ আন ঠাইত গঢ়ি উঠাৰ দৰে ইয়াতো গঢ়ি উঠে ২৭ খনকৈ পৱিত্ৰ সত্ৰানুষ্ঠান । ২৭ খন সত্ৰৰ বাপু , ভকতসকলৰ নিত্য–নৈমিত্তিক হৰিনাম ৰসৰ সুললিত কণ্ঠ আৰু খোল , তাল , ডবা , কাঁহ আৰু শংখৰ হৃদয়স্পৰ্শী‌ ধ্বনিৰে গাঁঁওবাসীৰ মনত ভক্তিভাৱৰ সৃষ্টি কৰে । সত্ৰীয়া সংস্কৃতিৰ উপাদানেৰে পৰিপূৰ্ণ ৰামদিয়া এক পৱিত্ৰ ভূমি । ৰামদিয়া সত্ৰ সংস্কৃতিৰ যাদুঘৰ স্বৰূপ । মহাপুৰুষীয়া , দামোদৰীয়া , হৰিদেৱী‌ আৰু চৈতন্য পন্থাৰ ২৭ খন সত্ৰৰ মিলনভূমি । ঐতিহ্যমণ্ডিত এই সত্ৰসমূহে আজিও জনসাধাৰণৰ শ্ৰদ্ধা আৰু ভক্তি আকৰ্ষণ কৰি আছে ।

        ৰামদিয়াৰ সত্ৰসমূহে নৱবৈষ্ণৱ ধৰ্মৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ধ্বজা বহন কৰি আহিছে । সত্ৰ - নামঘৰত গুৰুসকলৰ তিথি -পাৰ্বণ , নাট-ভাওনা , নৃত্য–গীতৰ মাজেৰে ৰামদিয়াৰ সাংস্কৃতিক ভেটি সুদৃৃঢ় কৰি তোলাৰ লগতে অসমৰ সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ।

       ৰামদিয়াৰ লোকসকলে অতীজৰ পৰা লোক–সংস্কৃতিৰ পূৰ্বপৰ পৰম্পৰাৰে বিকাশ আৰু বিস্তাৰ ঘটাই আহিছে । পুতলানাচ , ওজাপালি , অংকীয়া ভাওনা , ঢুলীয়া ভাওনা , খুলীয়া পাৰ্টী , নাগাৰা নাম, যাত্ৰাপাৰ্টী আদিয়ে এক অনন্য মাত্ৰা দি আহিছে ইয়াৰ প্ৰাচীন সাংস্কৃতিক পথাৰখনত ।

      ৰামদিয়াত অংকীয়া নাট-ভাওনাৰ এক সুকীয়া ঐতিহ্য আছে । ৰামদিয়াৰ ভাওনাৰ ঐতিহ্য প্ৰায় চাৰিশ বছৰীয়া । ইয়াত সত্ৰ প্ৰতিষ্ঠাকালৰে পৰা সত্ৰসমূহৰ অংকীয়া নাট ভাওনা আৰু দধিমথন ব্যাপক ভাবে প্ৰচলন আছিল । মহাপুৰুষ দুজনাৰ সৃষ্টি ভাওনাসমূহে ৰামদিয়াৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলক অনাবিল আনন্দ দিয়াৰ উপৰিও ভক্তি ৰসেৰে মন জীপাল কৰিছিল । সেই অনাখৰী সমাজখন আছিল বৰ সুন্দৰ আৰু সংস্কৃতিবান ।

         ৰামদিয়াত খুলীয়া পাৰ্টী বা বায়ন পাৰ্টিৰ এক গৌৰৱোজ্জল ঐতিহ্য আছিল । এসময়ত সত্ৰসমূহত অংকীয়া ভাওনাৰ দৰে খুলীয়া পাৰ্টিয়ে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । কলা-সংস্কৃতিৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ পৰম্পৰাগত প্ৰীতিৰ বাবেই যাত্ৰাপাৰ্টী বা যাত্ৰা আন্দোলনটোৱে ৰামদিয়া অঞ্চলত সহজে প্ৰৱেশ কৰি জনগণক আকৰ্ষিত কৰিছিল । যাত্ৰাপাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ ৰামদিয়াৰ অঞ্চলে অঞ্চলে অনেক যাত্ৰাদল সংগঠিত হৈছিল । সেই বাবেই ৰামদিয়াৰ সাংস্কৃতিক ইতিহাসত যাত্ৰাভিনয়ৰ এক সুকীয়া ঐতিহ্য আছে ।

        পোৰাভিঠা সত্ৰ , ধূলাৰ সত্ৰ, বগৰিবাৰী সত্ৰ , বংশী গোপাল ধাকুৰাপাৰা সত্ৰ , ৰাম-লক্ষ্মণ সত্ৰ , শিশুৰ সত্ৰ প্ৰভৃতি সত্ৰৰ ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যৰ লগতে ভাস্কৰ্য শিল্পৰ বিবিধ সম্ভাৰেও গৱেষক তথা দৰ্শনাৰ্থীক মুগ্ধ কৰে । সত্ৰসমূহৰ বেৰ , সিংহ দুৱাৰত ধৰ্ম শাস্ত্ৰৰ আধাৰত অংকিত চিত্ৰৰ ফলকসমূহে ভাস্কৰ্য কলাৰ এক গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আছে । তদুপৰি কাঠৰ কাৰুকাৰ্য শোভিত ‌তিনিখলপীয়া , পাঁচখলপীয়া আৰু সাতখলপীয়া ' গুৰু আসন 'ৰ লগতে সংৰক্ষিত আপুৰুগীয়া সা-সম্পদ বিলাকেও সত্ৰীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আছে ।

       সংগীত চৰ্চাৰ ক্ষেত্ৰত ৰামদিয়াৰ অতীত আৰু বৰ্তমানৰ এক গৌৰৱোজ্জল ইতিহাস আছে । ৰামদিয়া লোক–সংগীতৰ এক কেন্দ্ৰস্থল । দেহবিচাৰৰ গীত , টোকাৰীগীত , আইনাম , ধাইনাম , বিয়াগীত , নিচুকণি গীত , গৰখীয়া ল’ৰা গীত , মহ'হো গীত আদিৰ ব্যাপক প্ৰচলন আছিল । ইয়াত নৃত্য চৰ্চাৰ এক সমৃদ্ধ পৰম্পৰা আছে । ৰামদিয়াক‌ কলা-সাংস্কৃতিৰ ক্ষেত্ৰত সমৃদ্ধ কৰাত সত্ৰসমূহত প্ৰচলিত নৃত্যসমূহে বিশেষ অৰিহণা যোগাইছিল । চালিনৃত্য , নটুৱানাচ নৃত্য , গোপীনৃত্য , গোঁসাই প্ৰৱেশ নাচ , ৰজা–ৰাণীৰ নাচ , ঋষি–মুনিৰ নাচ, বীৰপুৰুষৰ নাচ , নাৰদ নৃত্য , সত্ৰধাৰী নৃত্য , নিত্য নৈমিতিক প্ৰসঙ্গৰ লগত জড়িত বিভিন্ন নৃত্য এটা সময়ত ৰামদিয়াৰ সত্ৰসমূহত নিয়মিত ভাৱে চৰ্চা হৈছিল । বাদ্যযন্ত্ৰৰ শিল্পীৰ ক্ষেত্ৰত অতীতৰে পৰা এটা সুনাম আছে ৰামদিয়াৰ ৷

        ৰামদিয়া অতীতৰ পৰা এখন শিল্প সমৃদ্ধ ঠাই হিচাপে প্ৰসিদ্ধি লাভ কৰি আহিছে । ৰামদিয়াৰ উল্লেখযোগ্য হস্তশিল্পসমূহ হল – বস্ত্ৰশিল্প , মৃৎ শিল্প , কমাৰ শিল্প , বাঁহ–বেতৰ শিল্প , স্বৰ্ণশিল্প , কাঁহশিল্প , তেলৰ ঘানি শিল্প ৷ আতচবাজী শিল্পটো সম্পূৰ্ণ ৰূপে বিলুপ্ত হৈছে । মৃৎশিল্প আৰু স্বৰ্ণশিল্পও সীমিত ৰূপতহে বৰ্তি আছে ।

        লোক-উৎসৱৰ ক্ষেত্ৰতো ৰামদিয়াৰ সুনাম আছে । ৰামদিয়াৰ ভঠেলি নামনি অসমৰ এটি জনপ্ৰিয় লোক-উৎসৱ । ৰামদিয়াৰ ভঠেলিৰ লগত মহাপুৰুষ মাধৱদেৱৰ ৰামদিয়াৰ বিদায়ৰ স্মৃতি বিজড়িত । গুৰুজনাই ইয়ালৈ আঘোণ মাহত আহি বহাগ মাহত ৰামদিয়া এৰি গৈছিল । জনশ্ৰুতি অনুসৰি গুৰুজনাই ৰামদিয়া এৰাৰ দিনটো আছিল ৬ বহাগ অৰ্থাৎ সাত বিহু । সিদিনাই আছিল পৰম্পৰাগতভাৱে চলি অহা ৰামদিয়াৰ ভঠেলি উৎসৱ । সেয়ে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে ভঠেলি উৎসৱৰ লগতে নাম-সংকীৰ্তন কৰি গাম্ভীৰ্যপূৰ্ণ ভাৱে বিদায় সম্ভাষণ জনাই গুৰুজনাৰ বিদায়ৰ ঐতিহ্যপূৰ্ণ স্মৃতি সজীৱ কৰি ৰখাৰ পোষকতা কৰিলে । সম্ভৱতঃ তেতিয়াৰ পৰা ৰামদিয়াৰ ভঠেলি উৎসৱৰ প্ৰচলিত ঐতিহ্য আৰু পৰম্পৰাৰ সলনি হৈ এক নব্য ৰূপ ল'বলৈ ধৰে । সেয়ে ৰামদিয়াৰ ভঠেলি উৎসৱ স্বকীয় ঐতিহ্য আৰু বৈশিষ্ট্যৰে পৰিপূৰ্ণ ।

       গৌৰৱময় সাহিত্যিক‌ ঐতিহ্যৰে মহীয়ান ৰামদিয়াৰ অতীতৰ পৰা সাম্প্ৰতিক সময়লৈ ভালেমান সাহিত্যৰ পূজাৰীয়ে ভাষা জননীৰ পূজা বেদীত মূল্যবান অৰিহণা যোগাই আহিছে । ৰামদিয়াৰ আধুনিক সাহিত্য চৰ্চাৰ ইতিহাস প্ৰায় ডেৰশ বছৰীয়া বৰ্ণিল ইতিহাস । যি গৰাকী বৰেণ্য ব্যক্তিয়ে ৰামদিয়াত আধুনিক অসমীয়া সাহিত্য চৰ্চাৰ প্ৰথম ধ্বজা উৰুৱাইছিল , তেওঁ হ'ল অসম সাহিত্য সভাৰ তৃতীয় বৰপেটা অধিবেশনৰ (১৯২৯) সভাপতি ভাষাবিদ কালিৰাম মেধি l অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ৰামদিয়াৰ সু–সাহিত্যিক সকল হ’ল – সাহিত্য একাডেমী বঁটা প্ৰাপক গল্পকাৰ সৌৰভ কুমাৰ চলিহা , ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যক অনন্ত দেৱ শৰ্মা , বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰ , শিশু সাহিত্যত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ড° পবিত্ৰ কুমাৰ পাটোৱাৰী । এই সকল বৰেণ্য সাহিত্যিকৰ লগতে আৰু বহুতো সাহিত্যিকে ৰামদিয়াৰ সাহিত্যৰ ঐতিহ্য বা পৰম্পৰা বৃদ্ধিত উল্লেখনীয় অৰিহণা যোগাইছে ।

        ৰামদিয়াৰ সমাজ জীৱনৰ স্বকীয় বৈশিষ্ট্যময় ঐতিহ্য আছে । শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো ৰামদিয়াৰ গৌৰৱোজ্জল ইতিহাস আছে । অসমৰ তৃতীয়জন এম.এ. কালিৰাম মেধি , স্নাতকোত্তৰ পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হৈছিল।বিশ্ববিখ্যাত পৰিসংখ্যা বিদ -গণিতজ্ঞ , প্ৰফেছাৰ এমিৰেটাছ ড° জ্যোতিপ্ৰসাদ মেধি ,‌ বিশিষ্ট বিজ্ঞান লিখক , গল্পকাৰ সুৰেন্দ্ৰ নাথ মেধি ( সৌৰভ কুমাৰ চলিহা ) , ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস প্ৰমুখ্যে আন বহুতো কৃতী ছাত্ৰই বিভিন্ন সময়ত বিভিন্ন বিৰল খ্যাতি অৰ্জন কৰি ৰামদিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

      শস্য , মৎস্য , দুগ্ধৰে ৰামদিয়া এসময়ত ভোগৰ ঠাই আছিল । ৰামদিয়া বুলি কʼলেই অসমৰ মানুহৰ মনত মাছ–গাখীৰেৰে সমৃদ্ধ সত্ৰ সংস্কৃতিৰে জীপাল এক পৰিবেশৰ কথা মনলৈ আহিছিল । ৰামদিয়াৰ দৈ ৰামদিয়াৰ পৰিচয় । ৰামদিয়াৰ দৈ গোটেই অসমতে বিখ্যাত । পৰিবৰ্তিত সময়ত অসমৰ ভূমিলৈ হোৱা অবাধ প্ৰব্ৰজনৰ হেতু ৰামদিয়াৰ দৈ উদ্যোগ এটা সময়ত গভীৰ সংকটৰ সন্মুখীন হ'ল আৰু একালত মাছ , গাখীৰেৰে উভৈনদী ভোগৰ ঠাই ৰামদিয়াৰ ভোগালী দিনৰ কথা আজিৰ প্ৰজন্মৰ বাবে সাধু কথা হ’ল ।

        এয়ে হল সংক্ষিপ্তভাৱে পুণ্যভূমি ৰামদিয়াৰ বিভিন্ন ঐতিহ্য সম্পৰ্কে এক আভাষ । উল্লেখযোগ্য যে গৌৰৱময় ঐতিহ্য আৰু পৰম্পৰাৰ পৰা প্ৰেৰণা লৈ বৰ্তমানৰ নৱপ্ৰজন্মই‌ আধুনিক চিন্তা-চৰ্চা , কাৰ্যৰ লগত নিজকে খাপ খুৱাই‌ আগবাঢ়ি গ'লে ৰামদিয়াৰ যি গৰিমা আৰু পৰম্পৰা , সি সুদীৰ্ঘ কাললৈ বৰ্তি থাকিব ।


লেখকৰ ঠিকনা:

মহেন্দ্ৰ নাথ ডেকা ,

অৱসৰপ্ৰাপ্ত মুখ্য বাণিজ্যিক পৰিদৰ্শক ,

উত্তৰ-পূৱ সীমান্ত ৰেলৱে , মালিগাঁও।

Post a Comment

0 Comments