header ads

ৰাভাৰ কাপ - জনতাৰ কণ্ঠ (চতুৰ্থ খণ্ড)

 চতুৰ্থ খণ্ড

ৰাভাৰ কাপ - জনতাৰ কণ্ঠ


তৰুণ আহা গীত গাঁও। আজি আমি এটা গীত গাঁও ।


" ব’ল ব’ল ব’ল

কৃষক শক্তি দল

অ বনুৱা সমনীয়া আগবাঢ়ি যাও ব’ল l ........."

শুনিছানে গীতটো ? অ’ শুনিবা । অসমৰ গাঁৱে-ভূঞেঁ এই গানটো জনতাৰ কণ্ঠৰূপে প্ৰচাৰিত হৈছিল ।

‘'গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বলি

ধনীয়ে পাতে দীপালি ---"।

এই গীতটো শুনিছা নেকি ?

         নাই । বাৰু নুশুনিবাই । তোমালোকেটো বেলেগ কথা , বহু ডাঙৰ মানুহেও এই গীতটো শুনা নাই । ইয়াৰ কাৰণো আছে বহুত ।

        কম বাৰু ! সময়ে আৱৰিলে আজিয়েই , নহ'লে অহা ক্লাচত । বাৰু, তোমালোকে বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়াৰ নাম শুনিছা নেকি ? নাই ! স্বাভাৱিক । তোমালোকে জানি ভাল পাবা ‘ বিষ্ণুৰাভা ’ তেওঁৰ ছদ্ম নাম আছিল।

       সংগ্ৰামৰ ক্ষেত্ৰখনত যেনেকৈ বিষ্ণুৰাভা ভোটাতৰা আছিল , তেনেদৰে গীত , নাট , নৃত্যৰ ক্ষেত্ৰখনতো ৰাভাদেৱ আছিল অগতানুগতিক শক্তিধাৰী । একেদৰে সাহিত্যক্ষেত্ৰখনতো আছিল চিৰ জ্যোতিষ্মান । দুৰ্গম নদ , পাহাৰ , গিৰি ভেদি গণ মুকুতিৰ সংগ্ৰামত তেজাল বদনৰ ডেকা - ডেকেৰীৰ প্ৰেৰণাৰ উৎস আছিল তেওঁ । বিশাল তথ্য ভাণ্ডাৰ , জ্ঞানৰ গভীৰতাই ৰাভাদেৱৰ সৃষ্টিৰাজী কৰি তুলিছিল জাতীয় জীৱনৰ দলিল ।

        আগতেই কৈছিলোঁ - ৰাভাদেৱে বহু ভাষা ক'ব আৰু লিখিব পাৰিছিল । দুই-এক লেখা ৰাভা ভাষাতো আছে যদিও তেওৰ লিখনিবোৰ মূলতঃ অসমীয়া আৰু বড়ো ভাষাতেই পোৱা যায় । তেখেতৰ লেখাসমূহ মূলতঃ সমাজবোধৰ চিত্ৰশিল্প । ওখ-চাপৰ সমাজখন সমান কৰাৰ বাবে দুৰ্বাৰ আকাঙ্খাত লেখাসমূহত প্ৰকাশিত হৈছিল । ভাঙ্ ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ, চিঙ্ চিঙ্ চিঙ্ দাসৰ বান্ধোন চিঙ , খোল খোল খোল কাৰাগাৰৰ ফাটেক খোল বুলি দেশৰ তেজাল ডেকাক স্ব-শকতি সোঁৱৰাই দিছিল । ইতিহাস অধ্যয়নেৰে ৰাভাদেৱে নিজক চহকী কৰি তুলিছিল । সেয়ে তেওঁৰ কাপেৰে নিৰ্গত কৰিব পাৰিছিল ‘ অসমীয়া কৃষ্টি ’, ‘ অসমীয়া কৃষ্টিৰ চমু আভাষ ’, ‘ মটক সম্প্ৰদায়ৰ ইতিহাস ’, ‘ ৰাভা জাতিৰ ইতিহাস ’, ‘বড়ো জাতিৰ ইতিহাস’, ‘ ডিমাছা - কছাৰীৰ বুৰঞ্জী ’, ‘ মিচিং কনেং ’, ‘ বড়ো কৃষ্টি ’ আদি লেখা । নাট্য সাহিত্যলৈ আগবঢ়াইছিল ‘ মোহ ’, ‘ জীৱন নদীৰ সিপাৰে ’ , ‘ চিঠি ’ আদি একাঙ্কিকা নাট । ৰাভাদেৱৰ একমাত্ৰ নৃত্য নাটিকাখনৰ নাম হ’ল ‘ মুক্তিৰ দেউল ’। জানা তৰুণ, তেওঁ ভালেমান গল্পও লিখিছিল। ‘ মামীৰ হাৰ ’, ‘ সোণপাহী ’ আদি গল্প মৰ্মস্পৰ্শী । ‘ বানে কেবাং ’, ‘ জীৱন লালসা ’ তেওঁ লিখা উপন্যাস । কত কিমান প্ৰৱন্ধ লিখিছিল হিচাপ নাই । জনজাতীয় সংস্কৃতিত শিৱ , আলি-আই-লৃগাং , সুৰৰ দেউল , চিফুং বাঁহীৰ সুৰ , বৃহত্তৰ অসমৰ পৰিকল্পনা , শ্ৰী মন্ত শংকৰদেৱ , গায়ন আদি প্ৰৱন্ধ অসমৰ জন জীৱনৰ একো একোখন দলিল । জানা তৰুণ , তেওঁ যেতিয়া অজ্ঞাত বাসত আছিল তেতিয়া তেওঁঁ লিখা বহু লেখা হেৰাই থাকিল। ৰাভাদেৱৰ জীৱনটো বৰ বিশৃঙ্খল আছিল যে, সেয়ে সৰহ ভাগ লেখাই অসমৰ গাৱেঁ - ভূঞে মানুহৰ ঘৰে ঘৰে সিচঁৰতি হৈ ৰৈছিল । তেওঁৰ কবিতা আৰু গীত ৰূপান্তৰৰ আমোঘ অস্ত্ৰ ।

        ৰাভাদেৱৰ মৃত্যুৰ পাচত বিষ্ণুৰাভা গৱেষণা সমিতিয়ে লেখাবোৰ সংগ্ৰহ কৰি বিষ্ণুৰাভা ৰচনাৱলী প্ৰকাশ কৰিছে যদিও বহু লেখা বিচাৰি পোৱা নগল ।

        জানা যুগশ্ৰী - ন জিলিঙনিৰে সমাজ পোহৰাব বিচৰা বিষ্ণুৰাভাৰ কাপ আছিল মুক জনতাৰ মানসিক খাদ্য । সেয়ে ৰাইজ পানী হৈ ৰাভা দেৱক মাছ ৰূপে সাঁতুৰিবলৈ সুবিধা কৰি দিছিল ।

       আজি ইমানতে এৰোঁ দেই । তোমালোকক বোৰ্ডত লিখি দিয়া ৰাভাদেৱৰ কিতাপৰ নাম সমূহ মনত ৰাখিবলৈ যত্ন কৰিবা দেই । অহা ক্লাচত ৰাভাদেৱৰ গীত আৰু তুলিকাৰ সৈতে চিনাকি হম।

( আগলৈ)


লেখকৰ ঠিকনা:

ৰাতুল গোস্বামী।

প্ৰধান সম্পাদক,

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী l

Post a Comment

0 Comments