header ads

তত্বাৱধায়কৰ একলম l দ্বিতীয় বৰ্ষৰ চতুৰ্থ সংখ্যা

 তত্বাৱধায়কৰ একলম


"মানুহৰ জীৱনটো লাহ-বিলাহৰ বাবে নহয়, মহৎ সুন্দৰ কামত নিয়োগ কৰিবৰ বাবেহে --- ফ্লোৰেন্স নাইটিংগেল।"

বানাক্ৰান্ত শিবিৰৰ শৈক্ষিক সমৰ্থন -এক অনুভৱ :

        অসমৰ কেইখনমান জিলাৰ লগতে কামৰূপ জিলাৰ বহু সংখ্যক ৰাজহ চক্ৰৰ বাসিন্দাসকল প্ৰতি বছৰে বানপানীত আক্ৰান্ত হয় আৰু কিছু সংখ্যক পৰিয়াল শিবিৰত আশ্ৰয় লʼবলগীয়া হয়। আন বছৰৰ তুলনাত এইবাৰ আগতীয়াকৈ আৰু হঠাতে অহা বানৰ কবলত কামৰূপ জিলাৰ বহু গাঁও বানপানীয়ে বুৰাই পেলাইছে যদিও কামৰূপ জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰিছিল । এই বানাক্ৰান্ত শিবিৰৰ পৰিৱেশ সম্পৰ্কে কম –বেছি পৰিমাণে আমি সকলোৱে জ্ঞাত যদিও নিজে প্ৰত্যক্ষ নকৰিলে সহজে অনুধাৱন কৰিব নোৱাৰি । সৰহ সংখ্যক পৰিয়াল একেলগে থাকিব লগা হোৱাৰ লগে লগে শিবিৰত উপলব্ধ সুবিধাখিনিয়ে পৰ্যাপ্ত নহয় বাবে বহু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

       সাধাৰণতে শিবিৰত আশ্ৰয় লোৱা পৰিয়ালসমূহৰ বাবে চৰকাৰে বিশেষ সাহাৰ্যৰ ব্যৱস্থা গ্ৰহণ কৰিলেও তাত থকা শিশুসকলৰ কিন্তু বহুত ক্ষতি হয় । যেনে- দীৰ্ঘদিন ধৰি পঢ়া-শুনাৰ পৰা বঞ্চিত হোৱাৰ ফলত শিকন ঘাটি হয় , কিতাপ-পাতি নষ্ট হোৱাৰ লগতে বিভিন্নধৰণৰ বেমাৰত আক্ৰান্ত হয় আৰু শিশুসকল মানসিকভাৱেও দুৰ্বল হয়। নিজৰ ঘৰখন এৰি আন ঠাইত আশ্ৰয় লৈ থাকিবলগা হোৱাটো সঁচাই অসহনীয় । এই সময়ছোৱাত শিশুসকলৰ মানসিক সুস্থিৰতা বজাই ৰখা আৰু শৈক্ষিক সমৰ্থন আগবঢ়োৱাটো অতি জৰুৰী । এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ লগতে সচেতন নাগৰিক আৰু স্বেচ্ছাসেৱী সংস্থাসকলৰ দায়িত্ব আৰু কৰ্তব্য অপৰিহাৰ্য ।

       ২১ জুন,২০২২ তাৰিখে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক , জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক মহোদয়ৰ লগত হোৱা আলোচনামৰ্মে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত ক’ শ্ৰেণীৰ পৰা মহাবিদ্যালয়ত অধ্যয়নৰত ৫২ গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ তথ্যৰ বিষয়ে অৱগত হৈছিলোঁ। সেই শিশুসকলৰ মানসিক সুস্থিৰতা আৰু শৈক্ষিক সহায়তাৰ উদ্দেশ্যে এক সাতদিনীয়া কাৰ্য পৰিকল্পনা যুগুত কৰা হয় ।

       ২২ জুন,২০২২ তাৰিখে মোৰ সহকৰ্মী ক্ৰমে চুইটি বেজবৰুৱা আৰু দেৱযানী দাসৰ লগত বিদ্যালয়খনত উপস্থিত হৈ প্ৰত্যক্ষ কৰোঁ এজাক শিশু ৰূমৰ ভিতৰে- বাহিৰে ইফাল-সিফাল কৰি ঘূৰি ফুৰিছে । এই দুৰ্যোগৰ পৰিস্থিতিত অন্ন -বস্ত্ৰ -বাসস্থানৰ উপৰিও শিশু তথা অভিভাৱক সকলৰো শৈক্ষিক সহায়ৰ প্ৰয়োজনীয়তা যে আছে, সেয়া বাৰুকৈয়ে উপলব্ধি কৰিলোঁ । আমি গৈ পোৱাৰ পিছত যেতিয়া শিবিৰৰ বাসিন্দাসকলে জানিব পাৰিলে যে , আমি শিক্ষা বিভাগৰ পৰা আহিছোঁ তেখেতসকলৰ যেন কিবা এটা ডাঙৰ অভাৱ পূৰ হ'ব , তেওঁলোকে তেনেকুৱা এটা ভাৱ প্ৰকাশ কৰিলে। চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অলকা বাইদেউ আৰু চকীদাৰ জিতুৰ জৰিয়তে অভিভাৱক সকলক শৈক্ষিক সমৰ্থনৰ বাবে সমগ্ৰ শিক্ষা কামৰূপৰ তৰফৰ পৰা ‘ৰং তৰাৰ মেল’ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণৰ প্ৰয়াস কৰা হৈছে বুলি অৱগত কৰা হয়। লগে লগে সকলো অভিভাৱকে নিজৰ নিজৰ শিশুসকলক বিদ্যালয়ৰ অধ্যক্ষা মহোদয়াই নিৰ্ধাৰণ কৰি দিয়া কোঠালৈ লৈ আহে । অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ চকুত যেন এক আশাৰ সঞ্চাৰ হৈছে , আনন্দ অনুভৱ কৰিছে , তেনে অনুভৱ হ'ল । সকলো শিশুয়ে হেতা ওপৰা লগায়- কোন আগত বহিব, কাৰ লগত বহিব ইত্যাদি । সীমাহীন আনন্দ পাইছে যদিও তাৰ মাজতে এটি কণমানি শিশুয়ে আকৌ ভয়তে কান্দিবলৈ ধৰিলে । মাকে জোৰ কৰিও বহুৱাব বিচাৰিও পৰা নাছিল । শিশুসকলৰ এনে এটি পৰিবেশত আমি তিনিগৰাকী্যে বিভিন্ন কৌশল প্ৰয়োগ কৰিব লগা হৈছিল । প্ৰথমে চকলেট ভগাই দিয়া , ছবি অঁকা আৰু লিখন সামগ্ৰী আদি ভগাই দিয়াৰ পিছত ছবি অঁকা তথা গীত,আবৃতি পৰিবেশন কৰিব দি এটি পৰিবেশৰ সৃষ্টি কৰা হয় । সমগ্ৰ শিক্ষা কামৰূপৰ জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়া মহোদয়ৰ উদ্যোগত ‘ৰং তৰাৰ মেল’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° ইন্দিৰা বৰদলৈ মহোদয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° তেজেন্দ্ৰ বৰদলৈ মহোদয়ৰ দ্বাৰা ৰচিত ‘ ৰঙা , কমলা , হালধীয়া , নীলা-নানা ৰঙৰ তৰাৰ মেলা ’ শীৰ্ষক এখনি শিশু উপযোগী পুথি ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়। কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে উৎসাহিত কৰাৰ এক মধুৰ অন্তৰঙ্গ আলাপত সকলোৱে অংশগ্ৰহণ কৰে। লেখকদ্বয়ে বিদ্যালয়লৈ যাব নোৱাৰিলেও শিবিৰতে শিশুসকলক কিতাপ পঢ়ি জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে। তেখেতসকলে এনেধৰণৰ পৰিবেশত থকা শিশুসকলৰ কল্যাণাৰ্থে আগবঢ়োৱা সহায়তাৰ বাবে নিজকে ধন্য মানে বুলি আমাক জানিবলৈ দিয়ে আৰু ভৱিষ্যতলৈ এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে । অভিভাৱকসকল খুবেই সুখী হোৱা পৰিলক্ষিত হ’ল। তাত থকা শিশুসকলৰ মাজত আধা সংখ্যক শিশু বেচৰকাৰী শিক্ষানুষ্ঠানৰ । কোৱা বাহুল্য যে , সেই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা শিশুসকলৰ খবৰ লোৱা দেখা নগ’ল।

          বানপীড়িত শিশুসকলক মানসিক আৰু শৈক্ষিক সমৰ্থন আগবঢ়াবলৈ কামৰূপ জিলাৰ শিক্ষা বিভাগৰ ফালৰ পৰা ২২ জুন,২০২২ তাৰিখৰ পৰা ২৭ জুন,২০২২ লৈ আয়োজন কৰা ' ৰং - তৰাৰ মেল ' শীৰ্ষক কাৰ্যসূচীত কেবাগৰাকীও সমল ব্যক্তিক শিশুসকলৰ মাজত বিদ্যায়তনিক আৰু সহ: বিদ্যায়তনিক দিশত পাঠদান কৰাৰ বাবে অংশগ্ৰহণ কৰোৱা হয়। চুইটি বেজবৰুৱা , দেৱযানী দাস আৰু ফুলপাহি নাথৰ উপৰিও বিশেষ সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিভিন্ন কাৰ্য সম্পাদন কৰে ক্ৰমে- ১) অংকৰ খেল খেলোঁ আহা- গিৰিন দাস,২) ওমলা ঘৰ সাজোঁ আহা-পূবালী শইকীয়া দাস , ৩) সাধু শুনোঁ আহা -অজন্তা ডেকা, ৪) প্ৰকল্প প্ৰস্তুত কৰোঁ আহা -পল্লৱী পাঠক আৰু সংগীতা কাকতি , ৫)গীতৰ সফুৰাঁ -মনবিনি দাস আৰু ৬) ভাওনা অভিনয়-অচ্যুত বৰা। তেখেতসকলে সম্পাদন কৰা এই ছয়দিনীয়া কাৰ্যাৱলীত কণমানি কেইগৰাকীয়ে বৰ অত্যুৎসাহেৰে সকলোবোৰ ক্ৰিয়াকলাপত ভাগ লয় আৰু দিনটো খুব আনন্দেৰে পাৰ কৰে । এয়াও এক মহানুভৱনতা ---------- ।

         প্ৰথম দিনটোত ঘটা আমোদজনক কথা এটিৰ বিষয়ে অকণমান উণুকিয়াব খুজিছোঁ । মাকৰ কোলাত কান্দি থকা শিশুটিৰ হাতত যেতিয়া ৰং পেঞ্চিল আৰু কাগজ যোগান ধৰিলোঁ , তেতিয়া সি ছবি আঁকিব আৰম্ভ কৰে আৰু আমাক দেখাবলৈ আহে । এবাৰ দেখাই আকৌ আঁকিবলৈ যায় । এনেদৰে অতি কমেও ৯/১০ বাৰ আঁকি আঁকি দেখুৱাই মনত আনন্দ লয়। আমিও তাৰ আগ্ৰহ দেখি উৎসাহিত হওঁ । অৱশেষত কান্দি থকা শিশুটিও স্বত: স্ফূৰ্ত ভাৱে শৈক্ষিক কাৰ্যসূচীত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে । এক অনাবিল আনন্দ উপভোগ কৰিছিলোঁ । শিশুজাকৰ মাজত অতিবাহিত কৰা এই অমূল্য সময়চোৱাত আমিও বহু কথা জানিলোঁ আৰু বুজিব পাৰিলোঁ । কামৰূপ জিলাৰ বিভিন্ন শিবিৰত চৰকাৰী কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰাৰ উপৰিও বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই মানসিক আৰু শৈক্ষিক সহযোগ আগবঢ়োৱা বুলি জানিব পাৰি বহুত আনন্দিত হৈছোঁ । শিবিৰত যেনেদৰে খাদ্য- সামগ্ৰী বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা লোৱাটো অতিকৈ প্ৰয়োজনীয় , ঠিক তেনেদৰে বিদ্যায়তনিক আৰু সহ: বিদ্যায়তনিক দিশত সহায়ৰ হাত আগবঢ়োৱাটোও সমানে গুৰত্বপূৰ্ণ । বানাক্ৰান্তত যেনেদৰে খাদ্যৰ অভাৱ হ’লে খাদ্যৰ অতীব প্ৰয়োজন হয় আৰু যদি কোনোবাই খোৱা বস্তু যোগান ধৰে , তেতিয়া সকলোয়ে সুস্থিৰ নিশ্বাস পেলায় । ঠিক তেনেদৰে শিশুসকলৰ শিক্ষাৰ বাবেও কিবা এটা সমৰ্থন পোৱাটোও একেই হৈছে যেন অনুভৱ হৈছিল। এই ক্ষেত্ৰত স্ব-ইচ্ছাই আগবাঢ়ি অহাটোও আন এক মহান কাৰ্য । এনে এক অনুভৱ যুগুতাওতে হোৱা ভুল- ক্ৰটিৰ মাৰ্জনা বিচাৰিছোঁ ।

দ্বিতীয়বৰ্ষৰ চতুৰ্থ সংখ্যা প্ৰকাশৰ বাবে যথাসময়ত প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সন্মানীয় সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা, উপদেষ্টামণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

         আলোচনীখনলৈ লেখা, ছবি, সাঁথৰ,কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । আপোনালোকে আলোচনীখনক আদৰি লোৱা আৰু আমাক সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত এক পৰিৱেশ সৃষ্টিত আগবঢ়োৱা সহায়ৰ বাবে শৈক্ষিক গোট, জ্ঞানম্ , কামৰূপৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

এই সংখ্যাৰ তত্বাবধায়কৰ কলম মহৎলোকৰ এষাৰ উক্তিৰে সামৰিছোঁ ------

" কি কৰা উচিত , সেইটো সুকলমে সম্পন্ন কৰা সময়খিনিয়েই হ'ল জীৱনৰ সৰ্বোত্তম সময় "---- এমাৰ্ছন ।

জ্ঞানম্-ই আলোচনীখন প্ৰকাশ কৰোতে অজ্ঞাতে ৰৈ যোৱা তথ্যগত ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ ।

আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ-

শ্ৰদ্ধাৰে-

ফুলপাহিনাথ,

তত্বাবধায়ক,জ্ঞানম্-ই আলোচনী,কামৰূপ

আৰু জিলা আঁচনি বিষয়া, সমগ্ৰ শিক্ষা,কামৰূপ।

Post a Comment

0 Comments