header ads

শিক্ষাগুৰু | Assamese Poem by Puspanjali Panging Gaam

 শিক্ষাগুৰু

তুমি পৰম গুৰু

তুমিয়ে ব্ৰহ্মা

তুমিয়ে বিষ্ণু ,

তুমিয়ে মহেশ্বৰ ,

পিতৃ-মাতৃৰ পিছতেই

তোমাৰে স্থান ৷


আজিৰ এই পৱিত্ৰ ক্ষণত

তোমাক জনাওঁ সশ্ৰদ্ধ প্ৰণাম ,

হে জ্ঞানৰ জ্যোতি বিলাওঁতা

তোমাৰ পোহৰৰ অমৃতেৰে ,

জ্যোতিষ্মান হৈ আলোকিত হওঁ

তোমাৰ মহান ত্যাগেৰে ।

হে বটবৃক্ষৰূপী মানৱ ,

তোমাৰ ছত্ৰছায়াতে

শব্দৰ মালা গাঁঠিব শিকিছোঁ, 

শিকিছোঁ জীৱনৰ অংক ।

হে মানৱ সম্পদ গঢ়োঁতা

তোমাৰ ত্যাগ অতুলনীয় ,

যি নিজকে গলাই গ’ল ৷

পুষ্পাঞ্জলি পাংগিং গাম।

সহঃ শিক্ষয়িত্ৰী,

বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়।

শিক্ষাখণ্ড :- ছমৰীয়া ।

Post a Comment

0 Comments