header ads

উত্তাল সমুদ্ৰইহে দক্ষ নাবিকৰ জন্ম দিয়ে l Assamese Article by Hemen Chandra Hazarika

 উত্তাল সমুদ্ৰইহে দক্ষ নাবিকৰ জন্ম দিয়ে

            এগৰাকী নাবিক কিমান দক্ষ তাৰ উমান ল'বৰ বাবে আমি অপেক্ষা কৰিব লাগে সাগৰৰ উত্তাল তৰঙ্গৰ বাবে । কাৰণ সমূদ্ৰৰ উত্তাল তৰঙ্গইহে এজন দক্ষ নাবিকৰ জন্ম দিব পাৰে । এদিন এগৰাকী অনামী নাবিকে শান্ত সাগৰৰ বুকুত জাহাজ মেলি দিয়াৰ পূৰ্বে প্ৰাৰ্থনাত বহা দেখি যাত্ৰীসকলৰ মাজত গুণগুণনি উঠিছিল । দৰাচলতে নঘটা নেদেখা দৃশ্য । কাৰণ শান্ত সৌম্য সাগৰৰ বুকুত জাহাজ চলোৱাৰ আগতে প্ৰাৰ্থনাৰ প্ৰয়োজন কিয়  ? তেওঁলোকৰ মতে প্ৰাৰ্থনাৰ তেতিয়াহে আৱশ্যক যেতিয়া অশান্ত সাগৰৰ লহৰে জাহাজক খুন্দিয়াই নাবিকক অস্থিৰ কৰি তোলে । তেনে সময়তহে ঈশ্বৰ বা ভগৱানক প্ৰাৰ্থনা কৰিব লাগে ।

          নাবিকজনক সুধিলত নাবিকজনে কৈছিল, "যাত্ৰাকালত যদি আমাক প্ৰচণ্ড ধুমুহাই কোবায়, তেতিয়া যাতে মই সেই বাধা অতিক্ৰম কৰিব পাৰোঁ , তেনে শক্তি লাভ কৰিব পাৰোঁ তাৰ বাবে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ।"

          সময়ত জাহাজে নীলিম সলিল ৰাশিৰ বুকু ফালি যাত্ৰা আৰম্ভ কৰিলে । কিছুদূৰ আগবঢ়াৰ পিছতে সাগৰৰ বুকুত ধুমুহা আৰম্ভ হ'ল । যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগিল , লাহে লাহে ধুমুহাৰ গতি তীব্ৰ হ'বলৈ ধৰিলে , নাবিকজনে সকলোকে ধৈৰ্য ধৰিবলৈ ক'লে আৰু সকলো যাত্ৰীয়ে ঈশ্বৰৰ প্ৰাৰ্থনাত নিমগ্ন হ'ল । ঈশ্বৰৰ আশীৰ্বাদত সেই ধুমুহাৰ মাজেৰে কোনো বিঘিনি নঘটাকৈ জাহাজ গৈ গন্তব্য স্থানত উপনীত হ'ল । তেখেত যে এগৰাকী দক্ষ নাবিক সেইটো সময়ত প্ৰমাণ হ'ল । 

             আজিৰ তাৰিখত অতি চৰ্চাত থকা এটা বিষয় হৈছে শিক্ষা আৰু শিক্ষক । উৰহৰ খং ভগা ঢাৰিত কোবোৱা যেনহে হৈছে , তেনে অনুমান কৰিব পাৰি l অৱশ্যে সোণ পুৰিলেহে উজ্বল হয় , জুইত পুৰি কোবাই কোবাই তীখাৰে মন পচন্দৰ যিকোনো অস্ত্ৰ নিৰ্মাণ কৰিব পাৰি । আলোচনা , সমালোচনা , সন্মান , অপমান , তিৰষ্কাৰ এনেবোৰ দাবানলত পোৰা গৈ হাতুৰীৰ কোব খাই খাই শিক্ষক সকল সোণ হৈ জিলিকি থাকে চিৰদিন চিৰকাল । এটা কথা সকলোৱে জানে যে শিক্ষকে সকলোকে নিৰ্মাণ কৰে , সেই সকলে কিন্তু এগৰাকী শিক্ষক নিৰ্মাণ কৰিব নোৱাৰে । শিক্ষক এগৰাকী জীয়াই থাকোঁতেও বা মৃত্যুৰ পিছতো শিক্ষক হিচাপে জীয়াই থাকে মানুহৰ মাজত । সেইটো কোনেও কাহানিও নোহোৱা কৰিব নোৱাৰে । কিন্তু আন সকল ? সেয়া সকলোৱে জানে । কাৰণ শিক্ষকসকল Nation Builder । দোষ সকলোৰে আছে বা থাকিব । কেতিয়াবা অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে তাৰ বাবেও প্ৰস্তুত থাকিব লাগিব । সতী সীতাইও ৰামৰ ওচৰত অগ্নি পৰীক্ষা দিছিল ।

            ঠিক তেনেদৰে এতিয়া সকলোৱে কেৱল শিক্ষকৰ অগ্নি পৰীক্ষা ল'বলৈহে যেন হেতা-ওপৰা লগাইছে ।

            এই পৰীক্ষাত কোনোবা হয়তো হাৰিব , কোনোবা জিকিব । শিক্ষকৰো শিকিব লগা বহুত আছে । দোষো নথকা নহয় , আত্ম সমালোচনা কৰি প্ৰথমে নিজক সংশোধন কৰাৰ প্ৰয়াস কৰক সকলোৱে । সকলোৰে পৰা নানাধৰণৰ মানসিক অত্যাচাৰ সহ্য কৰি কৰি এগৰাকী শিক্ষক কেনেদৰে কি মানসিকতাৰে জীয়াই থাকে এবাৰ অনুধাৱন কৰা দৰকাৰ । যিয়ে জাতি নিৰ্মাণ কৰে , মানৱ সম্পদ গঢ়াৰ খনিকৰজন পদে পদে লাঞ্ছিত হৈ থাকিব লাগে । শিক্ষক নহ'লে সমাজত কোনো কামেই সমাপন নহয় সেইটো ঠিক । ইয়াক কোনেও নুই কৰিব নোৱাৰে ।

             অৱশ্যে এটা কথা ঠিক লাঞ্চিত হ'লেও তেখেতে ধৈৰ্য ধৰিব নোৱাৰে , সেয়া নহয় । মানৱ সম্পদ গঢ়োতা সেই খনিকৰজনে অপমানকাৰীক সহজতে ক্ষমা কৰি দিয়ে । কাৰণ তেখেতে বুজে যে তেওঁলোকে কি কৈ আছে সেয়া নিজেই বুজা নাই , গতিকে প্ৰভু তেওঁক ক্ষমা কৰি দিবা ।

             তাৰবাবেই কিজানি আজি শিক্ষকসকল মূৰ তুলি কষ্ট কৰি জীয়াই আছে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত । কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত । তেওঁলোকৰ মাজত কটোৱা সময়খিনিৰ আনন্দ , তাৰ মাদকতা তাৰ মৰ্যাদা আনে উপলব্ধি কৰিব নোৱাৰে । এগৰাকী শিক্ষকৰ বিদায় মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলে হিয়া ঢাকুৰি কন্দা , অভিভাৱক সকলে কান্দা , সাবটি ধৰি এৰি নিদিয়া তেনে মূহুৰ্তৰ সাক্ষী আন হ'ব পাৰিবনে ?  এজন কাৰ্যালয়ৰ বিষয়া অথবা কৰ্মচাৰীয়ে কাৰ্যালয় এৰি যাবৰ দিনা কান্দিবনে কোনোবাই এনেদৰে ।

             গতিকে এনেদৰে সমালোচনা , তিৰস্কাৰ , অপমানৰ উত্তাল তৰঙ্গই একোজন সফল নাবিক হিচাপে জিলিকি থকাত শিক্ষকক সহায় কৰি থাকিব অনন্ত কাল । 

                        "জয়তু শিক্ষক সমাজ"  ।।

হেমেন চন্দ্ৰ হাজৰিকা

সহ: শিক্ষক,

বিৰোগাঁও মজলীয়া বিদ্যালয়।

শিক্ষাখণ্ড - ৰামপুৰ।

মোবাইল - ৯৮৬৪৪৪০২১

Post a Comment

0 Comments