header ads

শৰৎ l Assamese Poem by Sewali Baishya

 শৰৎ 

মোৰ চোতালৰ শেৱালি জোপাই              

         শৰৎ অহাৰ বাতৰি দিলে ,

সন্ধিয়াৰ চেঁচা বতাহ জাকেও দেখোন

    কৈ গ'ল  মোক তাকেই কাণে - কাণে ।

সেউজীয়া পথাৰৰ দূৱৰি বনত

    নিয়ৰৰ মুকুতা সৰে ,

পূৰ্ণ চন্দ্ৰমাৰ ৰূপালী জ্যোৎস্নাই

      ধৰাৰ বুকুত দীপালী পাতে ।

দিনমণিৰ আগমনত বিলৰ পাৰত

         শৰালি হাঁহ জাকে

দেও দি দি নাচিছে - বাগিছে

    শৰৎ অহাৰ আনন্দতে ।

ফৰকাল আকাশে দিনৰ ভাগত আনে

        ৰাংঢালী ৰ'দৰ খবৰ ,

সন্ধিয়াৰ আকাশৰ শুকুলা ডাৱৰে বিলাইছে

        স্নিগ্ধ জোনাকৰ পোহৰ ।

দূৰৈৰ ক'ৰবাৰ পৰা আহিছে ভাঁহি

      শংখ - ঘণ্টাৰ ধ্বনি ,

সেয়ে হয়তো হ'ব পাৰে কোনোবা

             দুৰ্গোৎসৱৰ স্থলী ।

শৰতেই আনিছে শাৰদীয় বতৰা

         নিৰ্মল মেঘমুক্ত গগন ,

প্ৰকৃতি ৰাণীও গাভৰু হৈছে

        শৰতেই দিলে খবৰ ।

শ্ৰী শেৱালী  বৈশ্য l

প্ৰধান শিক্ষয়িত্ৰী,

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক l বিদ্যালয় ।

শিক্ষাখণ্ড - হাজো

Post a Comment

0 Comments