উত্তৰ গুৱাহাটী শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ চমু ইতিবৃত্ত
অসমত নৱবৈষ্ণৱ ধৰ্মই ষোল্লশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত তথা তেৰাৰ অনুগামী শ্ৰীদামোদৰদেৱ , শ্ৰীমাধৱদেৱ , শ্ৰীহৰিদেৱ , শ্ৰীগোপাল আতা প্ৰভৃতিৰ সহযোগত গা-কৰি উঠিছিল । তেৰাসবে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি এক বৃহৎ অসমীয়া জাতি গঠন কৰিবলৈ প্ৰয়াস কৰিছিল আৰু সেই অনুসৰি সফলো হৈছিল ৷ এই ক্ষেত্ৰত ইয়াৰ মূল কেন্দ্ৰ আছিল সত্ৰানুষ্ঠান । সেয়ে তেৰাসবে অসমৰ বিভিন্ন ঠাইত সত্ৰানুষ্ঠান পাতি ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰত ব্ৰতী হৈ পৰিছিল । এই সমূহৰ ভিতৰত এখন উল্লেখযোগ্য তথা আগশাৰীৰ সত্ৰ হৈছে মাজুলীস্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰ ।
এই সত্ৰৰ উৎপত্তি সম্পৰ্কত আলোচনা কৰিবলগীয়া হʼলে আমি অলপ আগলৈ ভুমুকি
মাৰিব লাগিব । শংকৰদেৱ , মাধৱদেৱ আৰু দামোদৰদেৱ বৰপেটাৰ পাটবাউসী সত্ৰত একেলগে থকাৰ সময়তে তেওঁলোকে উজনি খণ্ডলৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আলোচনা কৰে আৰু উপযুক্ত পাত্ৰ হিচাপে গোপালদেৱকে পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই কথা হৰিদেৱৰ কাণত পৰাত সেই কথাত সন্মতি প্ৰকাশ কৰি গোপালদেৱৰ লগত তেওঁৰ প্ৰধান শিষ্য যদুমণিদেৱকো পঠিওৱাৰ সিদ্ধান্ত কৰি উপযুক্ত সময়ত দুয়োজনাকে উজনিলৈ ধৰ্ম প্ৰচাৰৰ অৰ্থে পঠিয়ায় । যদুমণিদেৱে প্ৰথমে আধলীয়া গাঁৱত সত্ৰ পাতি থাকিল । আনহাতে গোপালদেৱে প্ৰথমে কাঁহীকুচিত সত্ৰ পাতে ৷ ইয়াৰ পাছত অʼত তʼত দুই চাৰিদিনকৈ থাকি শেষত কুৰুৱাবাহীতে সত্ৰ পাতি নিগাজিকৈ থাকিবলৈ লয় । সেই সময়ত তেওঁৰ লগত নিৰঞ্জনদেৱো পাঠক হিচাপে আছিল ৷ এই নিৰঞ্জনদেৱকে আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত সত্ৰ পাতি গুৰু মানি তামৰ ফলি দি সত্ৰখনক ৰাজ সত্ৰৰূপে স্বীকৃতি প্ৰদান কৰে ৷ যি ঠাইত সত্ৰখন পতা হৈছিল তাত এজোপা গছত আউনী পাণ বগাই আছিল আৰু ঠাইডোখৰৰ মাজে মাজে ওখ ঢিপযুক্ত হৈ আছিল যাক আটী বুলি কোৱা হয় ৷ সেইবাবে এই আউনী পাণ আৰু ওখ ঢিপ অৰ্থাৎ আটীক একলগ কৰি সত্ৰখনৰ নাম ৰখা হয় আউনীআটী সত্ৰ ৷ কালক্ৰমত সত্ৰখনৰ শিষ্য সংখ্যা বৃদ্ধি হʼবলৈ ধৰে আৰু শিষ্যবৰ্গৰ মাজত সু-সম্পৰ্ক স্থাপনৰ সুচল হোৱাকৈ আন ঠাইত শাখা সত্ৰৰ প্ৰতিষ্ঠা হʼবলৈ ধৰে , এইদৰে শাখা সত্ৰ বাঢ়ি গৈ বৰ্তমান ষোল্লখন হৈছেগৈ ৷ ইয়াৰ ভিতৰত অন্যতম তথা মুখ্য শাখাখনেই হৈছে বৰ্তমান উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ গাতে লাগি থকা শ্ৰীশ্ৰীআউনীআটী সত্ৰ ৷
এই সত্ৰখন সৃষ্টিৰ ক্ষেত্ৰতো ইয়াৰ ইতিহাস আছে ৷ এই সত্ৰখন প্ৰথমে স্থাপিত হৈছিল গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী অঞ্চলত । ইয়াক প্ৰতিষ্ঠা কৰিছিল লক্ষীৰাম দেৱ গোস্বামী ( ইং ১৮১৮-১৮২১খৃঃ ) প্ৰভুৱে । ইয়াৰ সঠিক চন-তাৰিখ সম্পৰ্কত বুৰঞ্জী নিমাত । তেতিয়াৰ পৰাই সত্ৰখন গুৱাহাটীত আছিল যদিও ইংৰাজৰ আগমনৰ লগে লগে ইংৰাজ চাহাবসকল সেই অঞ্চলতে থাকিবলৈ লোৱাত সত্ৰখনৰ আশ্ৰমী পৰিৱেশত বাধাৰ সৃষ্টি হʼবলৈ ধৰিলে । ইয়াকে দেখি সেই সময়ৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে উত্তৰ গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ লগত সত্ৰখনৰ সম্পৰ্কত আলোচনা কৰে ৷ বৰদলৈ ডাঙৰীয়া অশ্বক্লান্ত দেৱালয়ৰ অতি ঘনিষ্ঠ আছিল ৷ তেওঁ অশ্বক্লান্ত দেৱালয়ৰ দলৈৰ লগত সত্ৰখনৰ সম্পৰ্কত কথা পাতে আৰু সেই মৰ্মে কমল চন্দ্ৰ দেৱ প্ৰভুৱে দলৈৰ লগত কথা পাতি বৰ্তমান সত্ৰখন থকা ঠাইডোখৰৰ আশে-পাশে থকা মুঠ ৬০ বিঘা মাটি ১৯১৫ চনত লীজ হিচাপে লয় আৰু ১৯১৭ চনত ফটাশিল আমবাৰীৰ পৰা উক্ত ঠাইত প্ৰতিষ্ঠা কৰে । সেই সময়ৰ নিৰ্মাণ পদ্ধতিৰ যিহেতু আধুনিকীকৰণ হোৱা নাছিল সেয়ে এই অঞ্চলত পোৱা খেৰ , বাঁহ , কাঠ আদিৰেই সত্ৰখন সাজি উলিওৱা হৈছিল আৰু এই ক্ষেত্ৰত উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহায়-সহযোগিতা তথা শ্ৰম প্ৰশংসাৰ যোগ্য । পিছৰ পৰ্যায়ত নামঘৰ , প্ৰভুৰ বাসগৃহ তথা বৈষ্ণৱৰ বহাসমূহৰ ওপৰ ভাগ খেৰ-বাঁহৰ ঠাইত টিনপাত আৰু কাঠেৰে নিৰ্মিত হয় । সময়ৰ সোঁতত এইবোৰ ক্ৰমে জৰাজীৰ্ণ হৈ আহিবলৈ ধৰে । তেতিয়া সেই সময়ৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে তীৰ্থ ভ্ৰমণ কৰি আহি ইয়াৰ অভিজ্ঞতাৰে ১৯৫৭ চনৰ পৰা সত্ৰখন আধুনিক পৰ্যায়ত নিৰ্মাণ কৰিবলৈ লয় । যাৰ ফলস্বৰূপে সত্ৰৰ নামঘৰ টিনপাতৰ সলনি কংক্ৰীটৰ হোৱাৰ লগতে মণিকূটো তিনিটা গম্বুজযুক্ত হয় । আনহাতে প্ৰভুৰ বঙলাত আগৰ কাঠৰ চাংবঙলাৰ ঠাইত কংক্ৰীটৰ হয় আৰু বৈষ্ণৱৰ বহাসমূহতো সেই সময়ৰ আধুনিক পদ্ধতি প্ৰয়োগ কৰি আটকধুনীয়াকৈ সাজি উলিওৱা হয় । লগতে সন্মুখ ভাগত সু-উচ্চ তথা চালে চকুৰোৱা বাটচʼৰা , জাপি আকৃতিৰ বুলনি চʼৰাৰ লগতে আটকধুনীয়া ৰাঙলী চʼৰাৰ সৌন্দৰ্যই দৰ্শকক আকৰ্ষিত কৰে । ইয়াৰোপৰি সত্ৰখনৰ সন্মুখৰ দেৱালত খোদিত ধৰ্মীয় বাণীসমূহে সততে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে । ইয়াৰ পাছৰ পৰ্যায়ত বৰ্তমান সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ তত্ত্বাৱধানত যাদুঘৰ ( Musium ) এটা গঢ়ি তোলা হয় লগতে সুবিশাল ৰঙ্গমঞ্চ , অতিথি অভ্যাগত থকাৰ বাবে সুসজ্জিত অতিথিশালাৰ লগতে কাষতে কলা-সংস্কৃতি পৰিৱেশন তথা উপভোগৰ হেতু ব্ৰহ্মপুত্ৰৰ পাৰত আধুনিক কলাক্ষেত্ৰ এখন গঢ়ি তোলা হৈছে । লগতে অসম দৰ্শনৰ যোগেদি পুনৰ এটা অতিথিশালা নিৰ্মাণ কৰি উলিওৱা হৈছে ।
আউনীআটী সত্ৰখন ব্ৰহ্মসংহতিৰ অন্তৰ্গত দামোদৰীয়া সত্ৰ । গতিকে ইয়াত মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপিত হোৱাৰ লগে লগে নিত্য পূজা সেৱা চলি থাকে । যিজনাক আউনীআটী সত্ৰত গোবিন্দ মহাপ্ৰভু ৰূপে আখ্যায়িত কৰা হয় । নিত্য পূজাৰ পাছত নামঘৰত প্ৰসঙ্গ আৰম্ভ হয় । মূল সত্ৰত চৈধ্য প্ৰসঙ্গ হয় । কিন্তু এইখন শাখা সত্ৰ হিচাপে ইয়াত দহ প্ৰসঙ্গ হয় এই ধৰণে ― ৰাতিপুৱাৰ প্ৰসঙ্গ-প্ৰথম নামডাকনি পদ , ইয়াৰ পাছতে মহাপ্ৰভুৰ জাগৰণী পদ , কীৰ্তনৰ পদ , দুআশৰীয়া পদ , ঘোষা প্ৰসঙ্গ ( তাল বজাই ) , সংস্কৃত ভাগৱত পাঠ , পদ পাঠ , গায়ন-বায়ন । গধূলিৰ প্ৰসঙ্গ ― ঘোষা প্ৰসঙ্গ ( তাল বজাই ) , কীৰ্তন পাঠ । ইয়াৰ উপৰিও একাদশী সংক্ৰান্তিত কীৰ্তন পাঠৰ সলনি হিয়ানাম গোৱা হয় ৷ এইদৰে বিভিন্ন ধৰণে মহাপ্ৰভুৰ উপাসনা কৰা হয় ৷
আউনীআটী সত্ৰ উদাসীন সত্ৰ অৰ্থাৎ ইয়াত থকা সত্ৰাধিকাৰ তথা বৈষ্ণৱসকল অ-বিবাহিত । সেয়ে ইয়ালৈ গোঁসাই তথা বৈষ্ণৱ সকলক বাহিৰৰ সাংসাৰিক সমাজৰ পৰা অনা হয় । ইয়াত সুকীয়াকৈ কোনো সত্ৰাধিকাৰ নাথাকে মূল সত্ৰৰ সত্ৰাধিকাৰ জনেই ইয়াৰো সত্ৰাধিকাৰ । ঠিক সেইদৰে বৈষ্ণৱৰ ক্ষেত্ৰতো ইয়াৰ পৰা মূল সত্ৰলৈ যাব পাৰে আৰু মূল সত্ৰৰ পৰাও ইয়ালৈ আহিব পাৰে । এতিয়া আহো সত্ৰাধিকাৰ তথা বৈষ্ণৱ সকলৰ আনয়ণৰ ক্ষেত্ৰলৈ । এই ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম আছে। সকলোকে ইয়াত শৈশৱ অৱস্থাতে আনি শিকাই বুজাই লোৱা হয় ।
প্ৰথমতে সত্ৰাধিকাৰৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই নিৰঞ্জন দেৱৰ বংশৰ গোসাঁইৰ লʼৰা অনা হৈছিল । এই প্ৰক্ৰিয়া দশমজনা সত্ৰাধিকাৰ কুশৰাম দেৱলৈকে চলি আছিল । ইয়াৰ পাছত নিৰঞ্জন দেৱৰ বংশত তেনেকুৱা লʼৰা নথকাত তেতিয়াৰ পৰা এই প্ৰথাৰ সলনি হয় আৰু ইয়াৰ পাছৰেপৰা কুৰুৱাবাহী সত্ৰকে মুখ্য কৰি যদুমণিদেৱৰ পৰা বঢ়া চাৰি সত্ৰ ক্ৰমে -মাহৰা , ঘাৰমৰা , আধাৰ আৰু পটিয়ৰী সত্ৰৰ পৰা অনা হয় । এই ক্ষেত্ৰত লʼৰাৰ পৰিয়ালৰ লগতে সোঁৱৰণী চাই সুলক্ষণযুক্ত লʼৰাকহে অনা হয় । আৰু তেতিয়াৰেপৰা সত্ৰতে ৰাখি ধৰ্মীয় শিক্ষা তথা আন আন শিক্ষা দানৰ জৰিয়তে উপযুক্ত কৰি গঢ়ি তোলা হয় । সত্ৰত গোসাঁই তিনিজন থাকে-সত্ৰাধিকাৰ , ডেকা সত্ৰাধিকাৰ আৰু গোবিন্দপুৰীয়া । এওঁলোকৰ পৰ্যায়ক্ৰমে উত্তৰণ হয় । বৰ্তমানৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুক মাহৰা সত্ৰৰ পৰা অনা , আনহাতে দেৱানন্দদেৱ গোস্বামী প্ৰভুক পটিয়ৰী সত্ৰৰ পৰা অনা , গোবিন্দপুৰীয়াৰ বাবে বৰ্তমানলৈকে লʼৰা অনা হোৱা নাই ।
আকৌ বৈষ্ণৱ আনয়ণৰ ক্ষেত্ৰত কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায় । সেইবোৰ হৈছে ―
(১) পিতৃ-মাতৃয়ে সন্তান কামনা কৰি সত্ৰলৈ আগবঢ়ায় আৰু লʼৰা সন্তান জন্মিলে পাঁচবছৰৰ ওপৰ বয়সত সত্ৰত প্ৰদান কৰে ।
(২) একাধিক লʼৰা সন্তান জন্ম হʼলে তাৰে দুই এজনক সন্তৰ সঙ্গত থাকি সৎ হোৱাৰ মানসেৰে সত্ৰলৈ আগবঢ়ায় ।
(৩) সত্ৰৰ প্ৰয়োজন অনুসৰি বুঢ়াভকতে আত্মীয় বা শিষ্যমণ্ডলীৰ মাজৰ পৰা লʼৰা বিচাৰি আনে ।
(৪) কোনো সম্পৰ্কীয় লোক সত্ৰত থাকিলে সেইজনৰ লগতে সত্ৰত থাকিবৰ বাবে সত্ৰলৈ পঠিয়ায় ।
(৫) সত্ৰাধিকাৰ বা ৰাজমেধি ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰাইজৰ মাজলৈ যাওঁতে সত্ৰীয়া জীৱন শৈলীৰ প্ৰতি আকৃষ্ট হৈ লʼৰাই নিজেই সত্ৰলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰি সত্ৰলৈ আহে ।
(৬) সন্তানৰ সৰুতে নেৰা-নেপেৰা অসুখ হʼলে পিতৃ-মাতৃয়ে সত্ৰৰ উপাস্য দেৱতা গোবিন্দ মহাপ্ৰভুলৈ আগবঢ়ায় আৰু আৰোগ্য হোৱাৰ পাছত সত্ৰলৈ প্ৰদান কৰে ।
এইদৰে সত্ৰলৈ অহাৰ পাছত বহাৰ বুঢ়াভকতে সেই লʼৰাৰ খোৱা-লোৱা , কাপোৰ-কানি আৰু শিক্ষা-দীক্ষাৰ সকলো দায়িত্ব বহন কৰে ।
সত্ৰীয়া জীৱন হৈছে সদাচাৰী জীৱন । সদাচাৰৰ শিক্ষা শৈশৱৰ পৰাই দিয়া হয় । সেয়া হৈছে ডাঙৰৰ প্ৰতি শ্ৰদ্ধা , সৰুৰ প্ৰতি মৰম-চেনেহ , মৃদুভাষ্য , অতিথিৰ আপ্যায়ন ইত্যাদি । আনহাতে সদাচাৰৰ সৈতে চাৰিটা কথা জড়িত হৈ আছে সেয়া হৈছে ― ধুতি , বিধুতি , বাহী আৰু চুৱা । ধুতি হৈছে ৰাতিপুৱা শুই উঠি দন্তমাৰ্জন কৰি কিবা বাহী কৰ্ম থাকিলে ঠাই সৰা , ঠাই মোচা , বাচন-বৰ্তন ধোৱা , গোহালিৰ কাম কৰা ইত্যাদি ৷ এইবোৰ কৰাৰ পাচত শৌচাচাৰ কৰি স্নান কৰি ধুতি পিন্ধি খালী গাৰে গাত চেলেং লৈ থাপনাৰ ওচৰত বহি তিলক ধাৰণ কৰি ঈশ্বৰ উপাসনা কৰি সত্ৰৰ মণিকূট , নাম আৰু সত্ৰাধিকাৰ প্ৰভুক সেৱা কৰি বহালৈ আহি চাহ-জলপান কৰি দুপৰীয়া অন্ন গ্ৰহণ কৰালৈকে এইখিনি সময়ক ধুতি বুলি কোৱা হয় । দুপৰীয়া অন্ন গ্ৰহণৰ পাছত পোচাক কৰি থকা অৱস্থাটোক বিধুতি বুলি কোৱা হয় । আকৌ সন্ধিয়া স্নান কৰি পুনৰ ধুতি অৱস্থাত থাকি ৰাতিৰ অন্ন গ্ৰহণৰ পাছত পুনৰ বিধুতি অৱস্থালৈ যোৱা হয় । এই বাহী কৰ্ম কৰা সময়ছোৱাক বাহী বুলি ধৰা হয় । আনহাতে যিবোৰ বাচন বৰ্তন বা কাপোৰ কানি পিছদিনাখন বাহী হয় গতিকে সেইবোৰ পিছদিনা নোধোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰি । আনহাতে শৌচাচাৰ কৰাৰ পৰা স্নান কৰাৰ আগমূহৰ্তলৈকে এই সময়ছোৱাক চুৱা বুলি গণ্য কৰা হয় । এই সময়ছোৱাত ঘৰৰ ভিতৰলৈ প্ৰৱেশ নিষিদ্ধ । সত্ৰৰ ভকতসকল থকা ঘৰবোৰক বহা বুলি কোৱা হয় আৰু এই বহাৰ একোটা শাৰীক হাটী বুলি কোৱা হয় ৷ ওপৰত উল্লেখ কৰা এই প্ৰক্ৰিয়াখিনি মূল সত্ৰ আৰু শাখা সত্ৰৰ মাজত কোনো পাৰ্থক্য নাই ৷ উত্তৰ গুৱাহাটী শাখা খনত মুঠতে তিনিটা হাটী আছে ― পূৱহাটী , দক্ষিণহাটী আৰু পশ্চিমহাটী । বহা খনৰ বয়সস্থ ভকতজনেই বহাৰ মূল ৷ তেওঁৰ অধীনত যিসকল থাকে সেই সকলক তেখেতৰ আলধৰা বুলি কোৱা হয় আৰু তেওঁলোকে বুঢ়াভকতৰ আজ্ঞানুসৰি চলিব লাগে আৰু তেওঁলোকৰ সকলো দায়িত্ব বুঢ়াভকতজনে বহন কৰে । সত্ৰৰ বৈষ্ণৱসকলে সত্ৰত চলি থকা যিকোনো এটা কামৰ শিক্ষা আহৰণ কৰি সত্ৰলৈ সেৱা আগবঢ়ায় আৰু তাৰ বিনিময়ত সত্ৰৰ ভঁড়ালৰ পৰা এটি মাহেকীয়া ৰেচন প্ৰদান কৰা হয় ৷ ইয়াৰ অতিৰিক্ত খিনি সত্ৰলৈ অহা শিষ্য-প্ৰশিষ্য বা শুভাকাংশীয়ে আগবঢ়োৱা সেৱাতিৰ জৰিয়তে পুৰণ কৰা হয় ৷ এইদৰে বৈষ্ণৱসকলে নিজৰ জীৱন অতিবাহিত কৰে আৰু বৃদ্ধাৱস্থাত তেখেতৰ আলধৰাসকলে তেখেতৰ সেৱা-শুশ্ৰূষা কৰা নাইবা তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ প্ৰেতকৰ্মাদি কৰাটো বাধ্যতামূলক ।
সমাজৰ মাজত ধৰ্মীয় নীতি-জ্ঞান প্ৰদানৰ জৰিয়তে সমাজখনক সুশৃংখল ভাৱে ধৰি ৰখাটো সত্ৰখনৰ প্ৰধান কৰ্তব্য যদিও সমাজৰ উত্তৰণৰ অৰ্থে সমাজৰ শৈক্ষিক দিশৰ ওপৰত সহায়-সহযোগ আগবঢ়োৱাটোও সত্ৰখনৰ মুখ্য কৰ্তব্য ৰূপে বিবেচনা কৰা হয় । এই ক্ষেত্ৰত আমি প্ৰথমে উল্লেখ কৰিব লাগিব অসমৰ অতি পুৰণি হাইস্কুল আউনীআটী কমলদেৱ হাইস্কুল ৷ এই স্কুলখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেই সময়ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীকমলদেৱ গোস্বামী প্ৰভুৱে আৰ্থিক দিশেৰে সহায়-সহযোগিতা কৰি প্ৰতিষ্ঠা কৰা বাবে ৰাইজে তেওঁৰ নামেৰে স্কুলখনৰ নামকৰণ কৰে । ইয়াৰ পৰৱৰ্তী সময়ত সত্ৰাধিকাৰ হেমচন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে স্কুলখনলৈ এটা হলঘৰ আগবঢ়ায় ৷ আকৌ বৰ্তমানৰ সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৱে স্কুলখনৰ তোৰণখন নিৰ্মাণত অৰ্থ সাহাৰ্য দিয়ে । ইয়াৰ উপৰিও উত্তৰ গুৱাহাটী অঞ্চলৰ সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি হেমচন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে সত্ৰখনৰ সন্মুখতে তেখেতৰ ওপৰজনা সত্ৰাধিকাৰ লীলাকান্ত দেৱ গোস্বামী প্ৰভুৰ নামৰে সংস্কৃত টোল এখন প্ৰতিষ্ঠা কৰি দিয়ে । ইয়াৰোপৰি বৰ্তমানৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ প্ৰভুৱে সুবিশাল চিন্তা চৰ্চাৰে সত্ৰীয়া সংস্কৃতিক সমাজ ব্যৱস্থাত প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে এখনি সত্ৰীয়া নৃত্য-গীতৰ বিদ্যালয় স্থাপন কৰি উত্তৰ গুৱাহাটী অঞ্চলৰ শিশুসকলক নৃত্য-গীতৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ ইয়াত আমাৰ সত্ৰৰ বৈষ্ণৱ শ্ৰীলক্ষ্মীকান্ত কাকতি আৰু অতুল ভূঞাৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰি বিভিন্ন স্থানত ইয়াৰ পৰিৱেশন কৰি সমাদৰ লাভ কৰাৰ উপৰিও এইবেলি এই অনুষ্ঠানৰ চাৰিগৰাকী ছাত্ৰীয়ে ভাৰত চৰকাৰৰ চি চি আৰ টি বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷
সত্ৰত নিত্য প্ৰসঙ্গৰ উপৰিও বাৰ্ষিক কিছুমান উৎসৱ পালিত হয় ৷ এইবোৰৰ ভিতৰত মুখ্য হৈছে পালনাম । এই পালনাম প্ৰতিবছৰে কাতি মাহৰ ২৭ , ২৮ আৰু ২৯ তাৰিখে পালিত হয় । এই পালনাম গাঁও অঞ্চলৰ পালনামতকৈ অলপ ব্যতিক্ৰম । ইয়াত নামঘৰৰ মাজভাগত ভাগৱত স্থাপন কৰি তাৰ পাছত নামৰূপী সৰু ৰঙীয়াল নৌকা এখন স্থাপন কৰা হয় আৰু নৌকাৰ দুই কাষে দুশাৰী নৌকাৰ কাণ্ডাৰী স্বৰূপ বৈষ্ণৱে নাম লগায় । ইয়াত তাল বজোৱা নহয় আৰু পদ গোৱা নহয় মাত্ৰ নিৰ্দিষ্ট কেইটিমান ঘোষাহে দীঘলীয়াকৈ সুৰ লগাই বিৰতিৰ মাজে মাজে গোৱা হয় । আমাৰ এইখন সত্ৰৰ পালনামৰ বিশেষ বৈশিষ্ট্য হৈছে পালনামৰ দ্বিতীয় দিনাখন মাহ-প্ৰসাদৰ পৰিৱৰ্তে নিমখ আৰু কোমোৰা প্ৰসাদ ৰূপে ৰাইজৰ মাজত বিতৰণ কৰা হয় । এই নিমখ আৰু কোমোৰা ৰাইজে কাতি মাহৰ এক তাৰিখৰ পৰাই আৰম্ভ কৰি গোটেই মাহজুৰি সত্ৰৰ নামঘৰত আগবঢ়ায় । পালনামৰ দ্বিতীয় দিনা মহাপ্ৰভুৰ ওচৰত নিবেদন কৰি প্ৰসাদ হিচাপে ৰাইজৰ মাজত বিতৰণ কৰা হয় ৷ বাকী দুদিনত মাহ-প্ৰসাদ দিয়া হয় । পালনামৰ উপৰিও তিনিওটা বিহু পালন কৰা হয় । ইয়াৰ ভিতৰত কাতি বিহু বিশেষ উল্লেখযোগ্য । এই বিহুত নামঘৰৰ সন্মুখত তিনিযোৰ আকাশবন্তি জ্বলোৱা হয় । সেইদিনা আবেলি নামঘৰত হিয়ানাম গোৱাৰ পিছত মণিকূটৰ পৰা শালগ্ৰাম মহাপ্ৰভুক দেৱবাদ্য বজাই আকাশবন্তিৰ তলত তুলসীৰ ওচৰত স্থাপন কৰি মহাপ্ৰভুৰ লগতে তুলসী পূজা কৰা হয় । সেই সময়ত সত্ৰৰ বৈষ্ণৱ তথা ওচৰৰ ৰাইজে আকাশবন্তিৰ চাৰিওফালে ঘূৰি ঘূৰি সং-কীৰ্তন গায় আৰু আইসকলেও নাম গায় আৰু পূজাৰ অন্তত প্ৰসাদ বিতৰণ কৰা হয় ৷ এই আকাশবন্তি গোটেই কাতি মাহজুৰি জ্বলোৱা হয় ৷ বৰ্তমান স্থিতজনৰ ওপৰৰ তিনিজনৰ তিৰোভাৱ তিথি পালন আৰু শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ তিথি পালন কৰাৰ উপৰিও সত্ৰত জন্মাষ্টমী উৎসৱো পালন কৰা হয় । এই সত্ৰৰ আন এটা উল্লেখযোগ্য অনুষ্ঠান হৈছে মাঘী পূৰ্ণিমা তিথিৰ দিনাখন নামযজ্ঞ উৎসৱ পালন । এই উৎসৱ সত্ৰত পালিত হয় যদিও প্ৰকৃততে সমগ্ৰ উত্তৰ গুৱাহাটী ৰাইজে কমিটি গঠন কৰি ৰাইজৰ পৰাই প্ৰতি বছৰে পালন কৰি অহা হৈছে । ইয়াত অৱশ্যে গুৱাহাটীৰ বহুসংখ্যক লোকেও অংশগ্ৰহণ কৰে । এই উৎসৱটিয়ে প্ৰতিবছৰে ক্ৰমে প্ৰসাৰতা লাভ কৰি সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ ওলাইছে । এই উৎসৱটিত বৰ্তমান সময়ত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতি মন কৰিবলগীয়া ৷
এইদৰে এই অনুষ্ঠানটিয়ে প্ৰতিষ্ঠাৰ সময়ৰে পৰা বৰ্তমানলৈ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি চলি আহিছে । এইখিনিতে আমি এটা কথা কʼব লাগিব যে সত্ৰানুষ্ঠান ৰাইজৰ ৷ গতিকে ইয়াক জীয়াই ৰখাৰ দায়িত্বও ৰাইজৰ ৷ কাৰণ সত্ৰৰ প্ৰাণবায়ুৱে হৈছে ৰাইজ ৷ গতিকে প্ৰাণবায়ু অবিহনে কোনোৱে জীয়াই থাকিব নোৱাৰে ৷ সত্ৰত গোসাঁই তথা ভকত বৈষ্ণৱসকল ইয়াৰ ৰখীয়াহে ৷ গতিকে ৰখীয়াসকলক চোৱা-চিতা কৰাও ৰাইজৰে দায়িত্ব আৰু দায়িত্ব ৰাইজে সুচাৰুৰূপে পালন কৰি অহা বাবেই অনুষ্ঠানটি চলি আছে । আগলৈকেও এইদৰে ৰাইজে যাতে অনুষ্ঠানটি চলাই নিব পাৰে তাৰ বাবে শ্ৰীশ্ৰী গোবিন্দ মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে ৷
শ্ৰীযুত ত্ৰৈলোক্য মোহন শৰ্মা , ভড়ালী ,
আউনীআটী শাখা সত্ৰ , উত্তৰ গুৱাহাটী ।
যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে ক'লে ,
ৰজা হৈ ৰাম ৰজা হ'ব পাৰি
ৰুদ্ৰসিংহে দেখুৱালে ।
শংকৰাচাৰ্যৰ গুৰু অসমীয়া
কুমাৰিল ভট্ট নাম ,
জগত গুৰুৰো গুৰু হ'ব পাৰি
ভট্টই দেখালে কাম ।
( সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা )
0 Comments