header ads

শিক্ষক দিৱসৰ ছাৰপ্ৰাইজ l Assamese Story by Nandan Pratim Thakuria

 শিক্ষক দিৱসৰ ছাৰপ্ৰাইজ



     ( মধুৱে শিক্ষক দিৱসৰ আগদিনা শিক্ষক দিৱসৰ বাবে ছাৰ - বাইদেউক কি ছাৰপ্ৰাইজ দিব সেই কথা আলোচনা কৰিবলৈ বন্ধুৰ ঘৰলৈ গৈ আছিল । বাটতে সি শিক্ষক এগৰাকীক লগ পালে । ) 

শিক্ষক : মধু , তুমি এই সন্ধিয়া সময়ত ক'লৈ গৈ আছা ?

মধু : ছাৰ , মই বন্ধু এজনৰ ঘৰলৈ গৈ আছোঁ ।

শিক্ষক : তুমি এতিয়া পঢ়িব লাগে নে বন্ধুৰ ঘৰলৈ যাব লাগে ?

মধু : ছাৰ , শিক্ষক দিৱস .. ( সি হঠাৎ সঁচাটো ক'ব ওলাইছিলেই কিন্তু ৰৈ গ'ল আৰু বুদ্ধি সাজিলে ) ছাৰ , বাইদেৱে শিক্ষক দিৱসৰ বিষয়ে ৰচনা লিখিব দিছে , কিন্তু মই বুজি নোপোৱা বাবে বন্ধুজনৰ লগত আলোচনা কৰি বুজিবলৈ যাওঁ ।

শিক্ষক : তেনেহ'লে তুমি যোৱা , ভালকৈ বুজি ল'বা ।

মধু : ( বন্ধুৰ ঘৰলৈ গৈ) তোমালোকৰ আলোচনা কৰা হ'লেই নেকি ?

বন্ধুবৰ্গ : আলোচনা কৰা হোৱা নাই , তুমি আহা ।

( মধু আৰু তাৰ বন্ধুবোৰে আলোচনা কৰিলে । পিছদিনা মধুৱে সোনকালে স্কুললৈ গ'ল । )

মধু : ( স্কুললৈ গৈ) তোমালোক আহিছাই নেকি ! মোৰ দেৰিয়েই হ'ল ।

( শ্ৰেণীকোঠাটো সজোৱাৰ পিছত ) আমি এতিয়া কোঠাটোৰ দৰ্জা জপাই থওঁ দিয়া ।

বন্ধুবৰ্গ : ( মধুৰ কথাত সমৰ্থন কৰি ) তুমি ঠিকেই কৈছা , আমি  দৰ্জা জপাই থৈ ছাৰ - বাইদেউক ছাৰপ্ৰাইজ দিম ।

( শ্ৰেণীকোঠাটোৰ  দৰ্জা জপাই থৈ ছাৰ-বাইদেউ স্কুল আহি পোৱাৰ পিছত মাতি আনি )

ছাৰ-বাইদেউ : তোমালোকে আমাক বন্ধ শ্ৰেণীকোঠাটোৰ কাষলৈ কিয় মাতি আনিছা ?

( মধুৱে দৰ্জাখন খুলি দিলে ) 

ছাত্ৰ-ছাত্ৰী : Happy teachers day !

ছাৰ-বাইদেউ : ( আচৰিত হৈ) তোমালোকে এইবোৰ কৰিছা ! ( এইবুলি কৈ শ্ৰেণীকোঠাটোৰ ভিতৰলৈ শিক্ষক-শিক্ষয়িত্ৰীসকল সোমাই গ'ল । )

ছাত্ৰ-ছাত্ৰী : হয় ছাৰ , হয় বাইদেউ । 

( ৰাজু আৰু তাৰ বন্ধুবোৰে শ্ৰেণীকোঠাটোত সেইদিনা বহুতো অনুষ্ঠান কৰিলে । বহুতে গান গালে , নাচিলে , কবিতা আবৃত্তি কৰিলে আৰু মধুৱে গান গালে । ) 


নাম : শ্ৰীনন্দন প্ৰতীম ঠাকুৰীয়া ।

শ্ৰেণী : ৬ষ্ঠ

বিদ্যালয় : বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয়

শিক্ষাখণ্ড : ৰামপুৰ ।

Post a Comment

0 Comments