header ads

জীৱন পৰিক্ৰমা l Assamese Poem by Hriday Deka

 জীৱন পৰিক্ৰমা


জীৱনটো হ'ল এক কঠিন পৰীক্ষা ,

সেইবাবেইতো নকৰিবা কালৈকো আশা ৷

সকলোকে কৰিবা নিজৰ আপোন , 

তেতিয়াহে দেখিবা ৰজাৰ সপোন ।


যদিহে হ'ব বিচৰা তুমি স্বাধীন ,

কাম-ক্রোধক কৰিবা নিজৰ অধীন ।

পিতৃ-মাতৃ , গুৰুজনক কৰিবা ভকতি ,

তেহে পাবা জীৱনত শকতি ।


যদিহে হোৱা তুমি এলেহুৱা , অহংকাৰী ,

তেনেহ’লে হ'ব তোমাৰ জীৱন ভ্ৰষ্টাচাৰী ৷

কু-সংগ , পৰনিন্দা আৰু স্বাৰ্থপৰতা ,

এই তিনিৰ পৰা আঁতৰিলেহে আহে জীৱনৰ বিশালতা ।  


সৎ চিন্তা , পৰিশ্ৰম আৰু অধ্যয়ন ,

যিয়ে উজ্জ্বল কৰে সকলোৰে জীৱন - নয়ন ।

নাপাহৰিবা কৰ্তব্য আৰু সুজিবলৈ ঋণ ,

তেতিয়াহে হ’ব তোমাৰ জীৱন ৰঙীন । 


যি জনে কৰে সদায় অসৎ চিন্তা ,

তাৰ হেনো কমে আয়ুস ৰেখা ।

পৰচৰ্চা , ফাঁকি কথা আৰু অসৎ কৰ্ম ,

আনৰ লগতে কৰিব নিজৰো অনিষ্ট ।


যদিহে হ'ব বিচৰা জীৱনত সফল ,

এইবোৰত নহ’বা তুমি কেতিয়াও বিহ্বল ।

শ্ৰী হৃদয় ডেকা ।

সহকাৰী শিক্ষক ,

দক্ষিণ পাণ্টাণ জনজাতীয় এম. ই স্কুল ,

শিক্ষাখণ্ড :- ছয়গাঁও

মোবাইল  নং -7635879923.  

Post a Comment

0 Comments