header ads

উত্তৰ বিচাৰি l Assamese Drama by Krishna Kalita

 উত্তৰ বিচাৰি


         ( মঞ্চৰ বাওঁফালে দুজন শিশুৱে জুখি জুখি লোৰ পাটি কাটি থাকিব । এজনে পাটিৰ ওপৰত কুঠাৰখন ধৰিব আৰু আনজনে হাতুৰিৰে কোবাই থাকিব । সোঁফালে মালিকে চকী মেজ লৈ বহি থাকিব । )


      মালিক - ঐ পোৱালি , খৰধৰ কৰ । এনেকৈ নহ'ব । আজিও মিস্ত্ৰীজন নাহিল । তহঁতে পাটিবোৰ কাটি ৰেডি কৰি থ । সি আহিলে কালি জ্বালাই মাৰিব । ভালকৈ কিন্তু কাম নিসিজিলে দৰমহাও নিদিম বাপ্পেক্কে ।

      নবীন - দাদা , আমিতো কাম কৰিয়ে আছোঁ । এনেকৈ কৈ কৈ যোৱা মাহতো দৰমহা কাটিলে । দেহাই যিমান টানে সিমানহে কৰিব পাৰিম ।

      প্ৰবীন - আমাৰপৰা যে ইমান কাম বিচাৰে দৰমহাটো ডাঙৰৰ সমান দিয়েনে ?

      মালিক - হ'ব হ'ব , বৰ মুখ বাঢ়িছে তহঁতৰ । চুপ থাক ।

( এনেতে দোকানৰ গ্ৰাহক এজনৰ প্ৰৱেশ )

      গ্ৰাহক - কিহে শৰ্মা, কিবা খং কৰা যেন পাইছোঁ । কিনো হ'ল ?

      মালিক - অহ্ , আপুনি , আহক আহক , বহক । এএএ .... কি ক'ব আৰু । ইহঁতৰ মুখকেইখন বৰকৈ চলিছে হে ! হাত ভৰি কেইটাও সমানে চলিলে কথা নাছিল ।

      গ্ৰাহক - হ'ব দিয়কহে কিমাননো লাগি থাকিব ... সৰু সৰু ল'ৰা কেইটাইনো কিমান কাম কৰিব হে ! কলম পেঞ্চিল হাতত তুলি লোৱাৰ সময়ত ইহঁতৰ হাতত আপুনি লোৰ পাটি আৰু হাতুৰি তুলি দিছে । এতিয়া ইহঁতৰ বিদ্যালয়লৈ যোৱাৰহে সময় ।

      মালিক - এৰা , মই অন্ততঃ ইহঁতৰ ঘৰৰ চৌকাটো জ্বলাই ৰাখিছোঁ । এয়া লওঁক আপোনাৰ বিলখন । সোণকালে পেমেন্টটো কৰিব ।

      গ্ৰাহক - হ'ব হ'ব । এইবাৰ দৰমহা পালেই দি দিম। ইমান চিন্তা কৰিব নালাগে । যাওঁ এতিয়া ।

       মালিক - ঠিক আছে ঠিক আছে ।

( গ্ৰাহকৰ প্ৰস্থান । লগে লগে মালিকৰ ফোনটি বাজি উঠিব । )

      মালিক - ঐ , তহঁতে ভালকৈ কাম কৰি থাকিবি । মই ডেকাৰ দোকানত চাহ একাপ খাই আহোঁ । ( মালিকৰো প্ৰস্থান । দুয়োজনে লগে লগে অলপ জিৰাব )

      প্ৰবীন - এহ্ , ৰহ অলপ জিৰাই ল । মালিক আহিলেই কেও কেও লগাবই আৰু ।

      নবীন- দে দে হ'ব দে । আহ আমি অলপ খেলি লওঁ । আহ আহ । ( হাতত ধৰি প্ৰবীনক টানি আনিব । লগে লগে এটি শিশুগীতত দুয়ো নাচিব । গীত শেষ হোৱাৰ লগে লগেই )

      প্ৰবীন - ঐ‌ বʼল বʼল , কোনোবা আহিছে । মালিক হ'লে গাৰ ছাল বখলিয়াব ।

      প্ৰবীন - বʼল বʼল । ( পুনৰ কামত লাগি যাব । এনেকুৱা দেখাব যেন সিহঁতে কামে কৰি আছে । গাৰ ঘাম মচিব । এনেতে ধুনীয়া সাজ পৰিহিত মহিলা এগৰাকী ,  সিহঁতৰ বয়সৰ ছোৱালী এজনীৰ সৈতে প্ৰৱেশ কৰিব । )

       মহিলা - কি কৰিছা তোমালোকে ?

       প্ৰবীন - আছোঁ , বাইদেউ । ভালনে আপোনাৰ ?( ছোৱালীজনীক উদ্দেশ্যি ক'ব )

       বাইদেউ - ভাল ভাল । আহা অলপ জিৰাই লোৱাহি । কিবা এটা আনিছোঁ , খাই লোৱা । ( দুটা দামী আইচক্ৰীম দুয়োৰে হাতত তুলি দিব । দুয়ো বৰ কৌতূহলেৰে আইচক্ৰীম দুটা লৈ খাব ধৰিব । মহিলাগৰাকী চকীখনত বহিব আৰু ছোৱালীজনী সিহঁতৰ কাষলৈ আহিব । )

       ছোৱালী - দাদা , তোমালোকে যে ইয়াত ইমান কষ্ট কৰা , তোমালোক স্কুললৈ নোযোৱা কিয় ? তোমালোকৰ সপোন দেখিবলৈ মন নাযায়নে ? ক'লা মেঘবোৰ পাৰ হৈ শুভ্ৰ মেঘৰ মাজত খেলিবলৈ মন নাযায়নে ? মুক্ত বিহংগৰ দৰে উৰিবৰ মন নাযায়নে ?

      নবীন - আমাৰ সপোন দেখাৰ অধিকাৰ নাই । পাখিকটা চৰাই জানো উৰিব পাৰে ? মানুহৰ লাঞ্চনা-বঞ্চনা খাই হ'লেও কোনোমতে দুসাঁজ মিলাব পাৰিলেই আমাৰ জীৱন জীয়াই থকা যেন লাগে ।

      ছোৱালী - তেনেকৈ নক'ব দাদা ।

( এনেতে মালিকৰ প্ৰৱেশ )

       মালিক - কি নকবি অʼ মাজনী ? ( অলপ ৰৈ ) আৰু তহঁতে যে কাম - বন এৰি এনেকৈ লেকচাৰ কোবাই আছ ? চান্স পালেই হ'ল আৰু ন ?

       মহিলা - হেৰি , সিহঁতক মই অলপ জিৰাব দিছোঁ । এই গৰমখনত এই সৰু ল'ৰা দুটাক এনেকৈ কামত লগাবলৈ আপোনাৰ অলপো বেয়া লগা নাইনে ? আৰু , আৰু মই কিমানবাৰ কৈছোঁ ইহঁতক এইবোৰ কামত নলগাব ; নহ'লে আপুনি এদিন ফঁচিব ।

      মালিক - ইহঁতক ৰাখি মোৰ কিমান সুবিধা হৈছে , মইহে জানোঁ !

      মহিলা - এৰা , জানোঁ জানোঁ । এই এমাডিমা ল'ৰা দুটাক ৰাখি আপুনি কিমান extra টকা ঘটিছে দেখিছোঁ । এই ল'ৰা দুটাৰ শ্ৰমৰ টকাৰে খাবলৈ আপোনাৰ বেয়া নালাগেনে ?

( কাম কৰি থকা ল'ৰা দুটাই ভয়তে কাম বন্ধ কৰি একে ঠাইতে বহি থাকিব । )

      মালিক - সীমা নেচেৰাবা ।

      মহিলা - সীমা মই চেৰোৱা নাই । সীমা আপুনিহে চেৰাইছে ।

      দিনৰ দিনটো আপুনি কেৱল টকা টকা কৈ ঘূৰি ফুৰে । ঘৰখনত যে পত্নী আছে , ছোৱালী এজনী আছে , বৃদ্ধ মা - দেউতা আছে , এইবোৰৰ খবৰ ৰাখিছেনে ?

       মালিক - আহ্ , তুমি ইয়াতে এইবোৰ কি আৰম্ভ কৰিছা ? এইখন মোৰ দোকান । এইবোৰ কথা ঘৰত আলোচনা কৰিবা । মাইনাক লৈ তুমি যোৱা এতিয়া ।

       মহিলা - এৰা !  এইবোৰ আলোচনা কৰিবলৈ জানো আপুনি ঘৰত থাকে ? পুৱাই যি ওলাই আহে নিশা একেবাৰে ৰজাটো হৈ হে চোন ঘৰ সোমায়হি । পৰিয়ালটোক সামান্য সময় , সামান্য সুখ যদি দিবই নোৱাৰে তেন্তে ইমানবোৰ কষ্ট কাৰ কাৰণে ? কওঁক , কাৰ কাৰণে ?

      মালিক - তুমি যোৱা এতিয়া , নহ'লে...

      মহিলা - নহ'লে কি ?

      মালিক - ধেৎ ( মহিলাগৰাকীৰ গালত চৰ শোধাই দিব )

      ছোৱালী - দেউতা ? ( উচুপিব )

      মহিলা - ( কান্দি কান্দি ছোৱালীজনীৰ হাতত ধৰি মঞ্চ ত্যাগ কৰিব ) ব'লা মাজনী । ব'লা !

( মালিক চকীখনত বহি পৰিব । ল'ৰা দুটাই ভয়তে পুনৰ কাম আৰম্ভ কৰিব । অলপ পিছতেই অনিল মাষ্টৰ কিবা কামত আহিব । )

      মাষ্টৰ - বোলোঁ বোপা ভালে আছা ? 

      মালিক - অ' ছাৰচোন , আহক আহক । ( নিজে চকীৰপৰা উঠি তেওঁলৈ আনখন চকী আগবঢ়াই দি )

বহকচোন ।

      মাষ্টৰ - এৰা ! ( বহিব)

      মালিক - কিবা আছিল ছাৰ ?  মোক মাতিলেই হ'লহেঁতেন ।

      মাষ্টৰ - এৰা !  এ এ ... গ্ৰীল এখন বনাব লাগিছিল । কি বা দাম - দৰ চলি আছে হ'ব পাই !

      মালিক - দাম - দৰ পিছতো হ'ব ছাৰ । ঐ পোৱালি , যা , ডেকাৰ দোকানৰপৰা ছাৰৰ বাবে ভাল চাহ একাপ লৈ আহ । পইচা মই দিম বুলি ক'বি । ( নবীন কামৰপৰা উঠি যাব ওলাব । )

      মাষ্টৰ - ৰʼবা ৰʼবা , তুমি হ'বলা ইয়াতে কাম কৰা ? 

      নবীন - হয় ।

      মাষ্টৰ - হ'ব হ'ব । তোমালোকে অলপ জিৰাই লোৱা ।

       হেৰা বোপাই , তুমি হ'বলা কামটো বৰ ভাল কৰা নাই ! 

       মালিক - মই বুজা নাই ছাৰ ।

       মাষ্টৰ - এৰা , এই যে সৰু সৰু কণমানি দুটাক কামত ৰাখিছা , তুমি নাজানানে যে তুমি আইন উলঙ্ঘন কৰি আছা ?

      মালিক - কিনো ছাৰ , সকলোৱে চোন ৰাখিছে , তাতেনো কি হ'ল ? সিহঁতকতো মই দৰমহা দিওঁ ।

      মাষ্টৰ - এৰা , সকলোৱে  মানেনে ? তোমাৰ নিচিনা দুই চাৰিজনে ৰাখিছা । সকলোৱেনো ক'ত ৰাখিছে ? এতিয়াও সময় আছে , তুমি ইহঁতক বিদ্যালয়ত নামভৰ্তি কৰাৰ ব্যৱস্থা কৰা । ভাৰতীয় সংবিধানৰ ২৪ নং দঁফামতে ১৪ বছৰৰ তলৰ শিশুক কামত লগোৱাটো বা আৰ্থিক উৎপাদনশীল কামত লগোৱাটো আইগতভাৱে দণ্ডনীয় । কোনোবাই অভিযোগ দিলেই তুমি জোঁটত পৰিবা ।

      মালিক - এহ্ ছাৰ , আজি ১২/১৪ মাহ কাম কৰিলেই । ক'ত কিটো হ'ল?

      মাষ্টৰ- এৰা বোপা , শুনা তেন্তে । ভাৰতীয় সংবিধানৰ অধিসূচনা 4 অনুসৰি , এই আইনৰ অধীনত কোনো সংকটপূৰ্ণ কামত শিশুক জড়িত কৰিব নোৱাৰিবা । অধিসূচনা 4 ৰ অনুসৰি যি ব্যক্তিয়ে অধিসূচনা 3A ভংগ কৰি শিশুক শ্ৰমত লগায় বা শিশুক শ্ৰম কৰিবলৈ অনুমতি প্ৰদান কৰিব তেওঁক আইনৰ দৃষ্টিত দোষী বুলি মানি লোৱা হ'ব আৰু সৰ্বনিম্ন ৬ মাহৰপৰা ২ বছৰ পৰ্য্যন্ত কাৰাবাস খাটিবলগীয়া হ'ব পাৰে বা সৰ্বনিম্ন ২০ হাজাৰ টকাৰপৰা ৫০ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে । আৰু একে সময়তে দুয়োটা শাস্তিও প্ৰযোজ্য হ'ব পাৰে ।

      মালিক - আৰু মাক বাপেকে যে নিজে ল'ৰা ছোৱালীক কামত খটুৱায় ; তেতিয়া ? এই নবীনকতো মাক - বাপেকে নিজেই মোক গতাই দি গৈছে ।

      মাষ্টৰ- এৰা !  অধিসূচনা 3 Aৰ মতে পিতৃ - মাতৃ বা শিশুৰ অভিভাৱকে যদিহে ব্যৱসায়িক ভিত্তিত  শ্ৰম কৰাৰ বাবে শিশুক অনুমতি নিদিয়ে তেন্তে তেওঁলোকক শাস্তি বিহা নহয় । কিন্তু ...

      মালিক - কিন্তু ... কিন্তু কি ?

      মাষ্টৰ -  কিন্তু অধিসূচনা 3 আৰু 3A ভংগৰ যদি তথ্য প্ৰমাণ অভিভাৱক বা পিতৃ - মাতৃৰ বিৰূদ্ধে পোৱা যায় তেন্তে ন্যূনতম ১ বছৰৰপৰা ৩ বছৰ পৰ্য্যন্ত কাৰাবাস তেওঁলোকেও খাটিবলগীয়া হ'ব পাৰে ।

      মালিক - এহ্ , এই সব কিতাপে - পত্ৰইহে ভাল । বাস্তৱত কিনো ঘটিছে ? কোনে কাৰ অভিযোগ দিব ! কাৰ ইমান সাহস আছে যে মোৰ ওপৰত কেচ দিব ।

      মাষ্টৰ - এৰা , ইয়াৰ বাবে থানাত গৈ কেচ দিলেও দিব পাৰে আৰু নিদিলেও বেলেগ ব্যৱস্থা আছে বোপাই । শিশুশ্ৰমিক দেখিলে বা অনাথ , শোষিত , নিষ্পেষিত শিশু দেখিলেই 1098  নম্বৰত ফোন কৰি শিশুটিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে তাত অভিযোগ দিব পাৰে। এনে কৰিলে অভিযোগকাৰীৰ গোপনীয়তাও ৰক্ষা কৰা হয় । কোনে, কেতিয়া 1098 ত ফোন কৰি তোমাক অসুবিধাত পেলায় গমেই নাপাবা ।

      মালিক - এহ্ , দেখা যাব ।

      মাষ্টৰ - যি ভাল দেখা কৰা । মই আহিছোঁ ।

      মালিক - ছাৰ , গ্ৰীলৰ হিচাপটো !

      মাষ্টৰ - এৰা , এই কণ কণ শিশুকেইটাৰ শ্ৰমেৰে নিৰ্মিত গ্ৰীলখনে মোক বৰকৈ আমনি দিব অ'। গ্ৰীলখন মই বেলেগতে বনাম দিয়া । এৰিলোঁ ।

( এনেতে এজন আৰক্ষী বিষয়াসহ আন এজন ব্যক্তিৰ প্ৰৱেশ ঘটিব । )

      আৰক্ষী - ৰʼব , ক'ত যায় ?

      মাষ্টৰ - আপুনি ?

      আৰক্ষী - এৰা । মই বাহিৰৰপৰা আপোনাৰ সব কথা শুনি আছোঁ । শিক্ষক হ'লেও আপোনাৰ কিন্তু আইনৰ বেছ কিছু জ্ঞান আছে ।

      মাষ্টৰ - এৰা , মই জনাখিনি ৰাইজক জনোৱাটো মোৰ কৰ্তব্য । এতিয়া মনা নমনাটো তেওঁলোকৰ ওপৰত ।

      আৰক্ষী - হয় হয় । এই কথাবোৰ নামানিলেই আমাৰ প্ৰয়োজন হয় । হিন্দীত এষাৰ কথা আছে নহয় - ' লাতৌ কা ভূত বাতৌ ছে নহী মানতা ' । চিপাহী , কি চাই আছা ? এখেতক এৰেষ্ট কৰা ।

( চিপাহী সোমাই আহি মালিকক হাতকেৰেয়া লগাব )

      মালিক - কিন্তু মোৰ অপৰাধ কি ?

      আৰক্ষী- আপোনাৰ বিৰুদ্ধে শিশু শ্ৰমিক ৰখাৰ গোচৰ ৰুজু হৈছে । ক্ষন্তেক আগতে কোনো এগৰাকী মহিলাই ১০৯৮ ত ফোন কৰি অভিযোগ দিছে । আপোনালোকৰ দৰে লোকক ৰোধিবৰ বাবে কঠোৰ শিশু সুৰক্ষা আইন আছে । আইনে আপোনাৰ ব্যৱস্থা লৱ ।

      মাষ্টৰ - এৰা , শিশুশ্ৰম ৰোধিবৰ বাবে এখন কটকটীয়া আইন থকা সত্বেও আমাৰ সমাজৰপৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই । ক্ষেত্ৰবিশেষে এতিয়াও আমাৰ সমাজত শিশুশ্ৰমিক  নিয়োজিত হৈ আছে । হোটেল , ৰেঁষ্টুৰা আদিৰ কথা বাদেই , বহু উচ্চশিক্ষিত পৰিয়ালতো ঘৰুৱা বনকৰা , কেঁচুৱা ৰখা আদি কামত শিশুসকল ব্যৱহৃত হৈ আছে । তেন্তে এই শিশুসকলে ন্যায় পাব কেতিয়া ?

      মালিক - কিন্তু মোক জেলত লৈ গ'লে ইহঁতৰ কি হ'ব ? ইহঁতক কোনে চাব ?

      আৰক্ষী - তাৰ চিন্তা আমি কৰিম । এওঁক গাড়ীত তোলা ।

( চিপাহীয়ে মালিকক মঞ্চৰপৰা লৈ যাব )

      স্বেচ্ছাসেৱক - তোমালোকক মই লৈ যাম। Child care home ত তোমালোকৰ থকা - খোৱা আৰু পঢ়াৰ সকলো দায়িত্ব লোৱা হ'ব ।

      প্ৰবীন - বৰ ভাল হ'ব । মোৰ যে লিখা পঢ়া কৰি ডাঙৰ মানুহ হোৱাৰ খুব মন । বৰ মজা বৰ মজা ।

      নবীন - কিন্তু , মই যাব নোৱাৰিম ।

      স্বেচ্ছাসেৱক - কিন্তু কিয় ? তুমি লিখা পঢ়া কৰি ভাল জীৱন এটি কটাব নিবিচাৰানে ?

      নবীন - বিচাৰোঁ। কিন্তু ...

      স্বেচ্ছাসেৱক - কিন্তু কি ?

      নবীন - প্ৰবীনক এদিন ৰাস্তাত অনাই বনাই ঘূৰি থকা দেখি মালিকে লৈ আহিল । তাৰ হেনো বানপানীত গোটেই পৰিয়ালটি উটি গ'ল । ভাগ্যক্ৰমে সি বাছিল । ঘৰ , মাটি সকলো বেলেগে কাঢ়ি ল'লে । গতিকে সি ইয়াতে থাকিল ।

      স্বেচ্ছাসেৱক - এৰা , তোমাৰ অসুবিধা কি ?

      নবীন - মোৰ দেউতাই ব্যাক্তগত কোম্পানী এটাত কাম কৰিছিল । মা , দেউতা আৰু তিনি বছৰীয়া ভনীজনীৰে আমি কোনোমতে চলি আছিলোঁ । কিন্তু  সকলো খেলিমেলি হৈ গ'ল । এটি দুৰ্ঘটনাই দেউতাৰ দুয়োখন ভৰি লৈ গ'ল । মায়ে দেউতাৰ লগতে অনবৰতে লাগি থাকিব লাগে । 

      এতিয়া ময়েই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী । মোক যদি আপোনালোকে লৈ যায় তেন্তে মোৰ পৰিয়ালৰ দায়িত্ব ল'ব কোনে কওঁক ।

      স্বেচ্ছাসেৱক - কিন্তু , শিশু শ্ৰম আইনবিৰুদ্ধ ।

      নবীন - হয় । মায়ে যেতিয়া মালিকৰ ওচৰত মোক জোৰ কৰি গতাই দিব আহিছিল , তেতিয়া মালিকেও এই একে কথাকে কৈছিল । কিন্তু শেষত মায়ে জোৰ কৰি মোক থৈ যায় । এতিয়া মই আপোনালোকৰপৰা উত্তৰ বিচাৰিছোঁ । কওঁক মোৰ পৰিয়ালটিৰ দায়িত্ব কোনে ল'ব । কওঁক । কোনে ল'ব ?

( সকলো নিস্তেজ হৈ ৰ'ব । কিছু সময়ৰ মৌনতা , তাৰ পিছত মাষ্টৰে ক'ব । )

      মাষ্টৰ - এৰা ঐ বাপু । তোমাৰ কথাৰ যুক্তি নোহোৱা নহয় । শিশু শ্ৰম বন্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা লোৱা দেখা গৈছে যদিও আটাইবোৰ সম্পূৰ্ণ ফলপ্ৰসূ হোৱা নাই । সাংবিধানিক ৰক্ষা কবচৰ ব্যৱস্থা কৰি আইন প্ৰণয়ন কৰা হৈছে যদিও এই আইন বিষয়া আৰু আমাৰ জনসাধাৰণৰ অসহযোগিতাৰ বাবে সমাধান হোৱা নাই । বহু ক্ষেত্ৰত কৰ্মৰত শিশু শ্ৰমিক এজনক মূল সুঁতিলৈ আনিবলৈ গৈ বিষয়া বা আৰক্ষী প্ৰশাসন বিমোৰত পৰে । কিয়নো এনেকুৱা বহু শিশু শ্ৰমিক আছে যি সকলে পৰিয়ালৰ দায়িত্ব বহন কৰি আছে । এনে ক্ষেত্ৰত শিশুক ন্যায় দিবলৈ যাওঁতে তেওঁ দায়িত্ব লৈ থকা পৰিয়ালটিৰ ভৰণ - পোষণৰ সমস্যা আহি পৰে । সেয়েহে শিশু শ্ৰমিক আইনখন ( সংশোধিত ) আৰু সংশোধনৰ প্ৰয়োজন আছে ।

      আৰক্ষী - হয় ছাৰ , আপুনি ঠিক কথাই কৈছে । আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক । এখন সুস্থ - সৱল শক্তিশালী দেশ গঢ়িবলৈ শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । বৰ্তমান নতুন শিক্ষা নীতি ২০২০য়ে যদিও শিক্ষা স্নাতক পৰ্যায়লৈ সম্পূৰ্ণ বিনামূলীয়া কৰিছে , তথাপিও অক্ষম পৰিয়ালৰ শিশুৰ সম্পূৰ্ণ দায়িত্ব তথা যিবোৰ পৰিয়ালৰ মূল উপাৰ্জন কৰোঁতা শিশু , তেনে পৰিয়াল চিনাক্ত কৰি তেওঁলোকৰো সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব । এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনবোৰে অধিক ক্ষিপ্ৰতাৰে কাম কৰিব লাগিব । অৱশেষত শিশু-শ্ৰম বন্ধ কৰাৰ বাবে আমি সমাজত সচেতনতা বৃদ্ধি কৰিব লাগিব । নহ'লে ই ভৱিষ্যত সমাজৰ বাবে দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব ।  নবীনে কৰা এই জটিল প্ৰশ্নটোৰ উত্তৰ আমিও বিচাৰিছোঁ । এনে শিশুৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব ? এই বিষয়টো যদি আমি মানৱতাৰ দৃষ্টিৰে চাওঁ , তেন্তে আমাৰ ভূমিকা কি হ'ব ?

      মাষ্টৰ - এৰা , প্ৰশ্নটি চৰকাৰলৈ এৰিলোঁ । তথাপিও আপোনালোকে শিশু শ্ৰমিক দেখিলে বা অনাথ , শোষিত , নিষ্পেষিত শিশু দেখিলে আৰক্ষীক তৎকালে জনাওঁক । আমি , চাইল্ড লাইন ইণ্ডিয়া ফাউন্ডেশ্বন হেল্পলাইন নম্বৰ 1098 ফোন কৰিও শিশুটিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ । বা প্ৰতিখন ৰাজ্যৰ অধীনত নিযুক্তি দিয়া ষ্টেট কমিশ্বনাৰলৈ ফোন কৰি অভিযোগ দিব পাৰোঁ । লেবাৰ কমিশ্বনাৰলৈও অনলাইনত অভিযোগ দিব পাৰোঁ ; নাইবা Pencil পৰ্টেলৰ শিশু শ্ৰম শাখাতো অভিযোগ দিব পাৰোঁ । মনত ৰাখিব --

 ' A child is meant to learn not to earn . '


                                                                    ~ সমাপ্ত ~

কৃষ্ণ কলিতা l

মন্ডল কেন্দ্ৰ সমন্বয়ক l

কুলহাটী চেছামুখ মন্ডল,

হাজো শিক্ষাখণ্ড l

Post a Comment

0 Comments