ইতিহাস প্ৰসিদ্ধ পৰ্যটনক্ষেত্ৰ , প্ৰত্নতত্ত্বৰ ৰত্নভাণ্ডাৰ ' মদন- কামদেৱ '
সুন্দৰৰ আলৌকিক মহিমাৰে ছন্দময় , সৌন্দৰ্য-দীপ্ত সুৰভিৰে প্ৰাণীজগতৰ মন বিমোহিত কৰি প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্যৰে মানুহৰ মনোৰাজ্যত আলোড়নৰ সৃষ্টি কৰা প্ৰকৃতিৰ লীলাভূমি হ'ল প্ৰসিদ্ধ মদন-কামদেৱ দেৱালয় । ইয়াৰ ৰূপ-মাধুৰ্যই মানুহৰ সৌন্দৰ্য পিপাসু মনক সদায় হাত-বাউলি মাতে প্ৰকৃতিৰ বিনন্দীয়া মেলালৈ । ব্ৰহ্মপুত্ৰ নদীৰ শৰাইঘাট দলঙৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূৱফালে ৰিণি ৰিণি দেখা যায় দূৰৰ গাঁওবোৰ আৰু সৰু-বৰ এলানি পাহাৰ । এই পাহাৰলানিৰ উত্তৰ-পূৱ ফালে বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৪ কিঃমিঃ দক্ষিণ পূবত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ ' দিৱানগিৰি ' বা ' মদন-কামদেৱ ' পাহাৰত প্ৰত্নতত্ত্বৰ ৰত্নভাণ্ডাৰ ' মদন-কামদেৱ ’ দেৱালয় অৱস্থিত । এই মদন-কামদেৱৰ দাঁতিয়েদি পূব দিশৰ পৰা বৈ অহা মদনকুৰি নৈখনে দেৱালয়ৰ প্ৰাকৃতিক শোভা দুগুণে বৃদ্ধি কৰি সোণত সুৱগা চৰাইছে ।
মদন-কামদেৱ নামৰ উৎপত্তিঃ
প্ৰবাদমতে এসময়ত সতীৰ পিতৃ দক্ষৰাজে এটি ডাঙৰ যজ্ঞ কৰিছিল ৷ পিতৃৰ যজ্ঞত দক্ষৰাজে শিৱৰ বাহিৰে সকলো দেৱতাকে নিমন্ত্ৰণ কৰিছিল । পিতৃৰ যজ্ঞত সতীদেৱীয়ে বিনা নিমন্ত্ৰণে যাবলৈ ওলোৱাত শিৱই সতীক বাধা দিছিল ৷ কিন্তু সতীয়ে স্বামী শিৱৰ বাধা নামানি পিতৃৰ যজ্ঞত গৈ বিনা নিমন্ত্ৰণে উপস্থিত হ'ল । পিতৃ দক্ষৰো জীয়েক সতীক দেখি দুগুণ খং উঠিল আৰু জীয়েকক নানাধৰণে গালি-শপনি পাৰি তিৰস্কাৰ কৰিলে । সতীয়ে তিৰস্কাৰত অতীষ্ঠ হৈ যজ্ঞস্থলীতে দেহত্যাগ কৰিলে । দেৱাদিদেৱ মহাদেৱে সতীয়ে দেহত্যাগ কৰা কথা জানি যজ্ঞৰ স্থলীলৈ গৈ খঙত সকলো বস্তু লণ্ড-ভণ্ড কৰিলে । শেষত সদাশিৱে শোকত বিহ্বল হৈ সতীক কান্ধত লৈ দেশ-বিদেশ ভ্ৰমি ফুৰিলে ৷ ইফালে ব্ৰহ্মা-বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ কাটি পেলালে । সতীৰ দেহৰ অংশ যি যি ঠাইত পৰিছিল সেই ঠাইবোৰ একো একোখন তীৰ্থত পৰিণত হৈছিল ৷
সতীৰ শৰীৰৰ অংগসমূহ সুলকি পৰি সমাপ্ত হোৱাত সদাশিৱ গভীৰ ধ্যানত মগ্ন হ'ল । আনফালে স্বৰ্গৰ দেৱতাসকল মহাচিন্তাত পৰিল । পিছত শিৱৰ তপস্যা ভংগ কৰাৰ বাবে বিষ্ণুৰ মানসপুত্ৰ ' মদন ’ক শিৱৰ ওচৰলৈ পঠিয়ালে । মদনে পঞ্চশৰ নিক্ষেপ কৰি মহাদেৱৰ ধ্যানভঙ্গ কৰাত মহাদেৱ ক্ৰোধান্বিত হৈ তেওঁৰ তৃতীয় নয়নেৰে অগ্নিবৰ্ষণ কৰি মদনক ভস্মীভূত কৰিলে ৷ তেতিয়া মদনৰ পত্নী ৰতিদেৱীয়ে স্বামীৰ জীৱন পুনৰ দান দিয়াৰ বাবে মহাদেৱক স্তুতি কৰিলে আৰু ৰতিৰ স্তুতিত মহাদেৱ সন্তুষ্ট হৈ মদনক জীৱন দান দিলে । কিন্তু মদনে পূৰ্বৰ ৰূপ-সৌন্দৰ্য লাভ নকৰিলে । তেতিয়া ৰতিয়ে মহাদেৱক পুনৰ স্তুতি কৰাত মহাদেৱে ক'লে যে তেওঁ পুনৰ জীৱন দান কৰিব পাৰিব কিন্তু ৰূপ-সৌন্দৰ্য কামাখ্যা দেৱীয়েহে দিব পাৰিব ৷ গতিকে ৰতিয়ে মহাদেৱৰ কথামতে সেই ঠাইত চৈধ্যটা শিৱলিংগ স্থাপন কৰি কামাখ্যা দেৱীক স্তুতি কৰে আৰু কামাখ্যা দেৱী সন্তুষ্ট হয় । কামাখ্যা দেৱীয়ে মদনক পূৰ্বৰ ৰূপ-সৌন্দৰ্য পুনৰ দান কৰে । সেই তিথিটো আছিল চ'ত মাহৰ শুক্ল ত্ৰয়োদশী তিথি । কামাখ্যা দেৱীৰ বৰ অনুযায়ী উক্ত তিথিত সেই স্থানত পূজা-অৰ্চনা কৰিলে অক্ষয় পুণ্য লাভ হয় । কামদেৱে পুনৰ ৰূপ পোৱা বাবে তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষপুৰৰ সলনি কামৰূপ হয় আৰু মদনৰ নাম অনুসৰি সেই পৱিত্ৰ তীৰ্থস্থানৰ নাম মদন-কামদেৱ হয় । চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিক ' মদন-কামদেৱ ত্ৰয়োদশী তিথি ' হিচাপে এই দেৱালয়ত পৰম্পৰাগত ভাৱে পূজা-অৰ্চনা আৰু হোম-যজ্ঞৰে আড়ম্বৰপূৰ্ণভাৱে প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে আজিলৈকে ৷
বিৱৰণীঃ
কালিকা পুৰাণত এই তীৰ্থক্ষেত্ৰৰ মনোৰম বৰ্ণনা আছে ৷ স্বৰ্গীয় আনন্দ চন্দ্ৰ আগৰৱালা দেৱে ‘ কামৰূপৰ তীৰ্থ বিৱৰণ ’ প্ৰবন্ধত লিখিছে --' মণিকূট পৰ্বতৰ পূবে মৎস্যধ্বজ নামে এটা কুল পৰ্বত আছে , তাক দ্বিতীয় মদনাচল বুলিও কয় ৷ যি ঠাইত কামদেৱে মহাদেৱৰ নেত্ৰাগ্নিৰ দ্বাৰা দগ্ধ হৈ তপস্যাৰ দ্বাৰা বৃষধ্বজৰ আৰাধনা কৰি পুনৰাই পূৰ্বৰ শৰীৰ পাইছিল , তাতে মৎস্যৰূপী বিষ্ণুৱে পৃথিৱীলৈ চাই অৱস্থান কৰিছে ৷ তাতে শাশ্বতী নামে নদী আৰু কাম-সৰোৱৰ আছে ৷ শাশ্বতীৰ জলত স্নান আৰু কাম সৰোবৰৰ জলপান কৰিলে সকলো কাম-ক্ৰোধৰ পৰা বিমুক্ত হৈ শিৱলোকত থাকিব পাৰি ৷ কাম-সৰোবৰক মদনকুণ্ড বুলিও কয় ৷ তাৰ পৰা মদনকুৰি নামে নৈ বৈ আহিছে ৷ এই নৈখনকে কালিকা পুৰাণে শাশ্বতী বুলিছে ৷ এই তীৰ্থ কামৰূপ জিলাৰ মদাৰতলা মৌজাত ৷ মদন-কামদেৱ পৰ্বতৰ মাটিকালি প্ৰায় ৫,০০,০০০ বৰ্গ মিটাৰ ৷ মদন-কামদেৱৰ উত্তৰ দিশত মুকুটস্বৰূপ ভাস্কৰ্যপূৰ্ণ নৰসিংহ মটিয়া আৰু পশ্চিমত দলৈপীঠৰ বুকুত জল্পেশ্বৰ শিৱৰ স্থান ৷ মদন-কামদেৱ পৰ্বতত থকা দেৱালয়ৰ চৌপাশে ধ্বংসস্তূপত পৰিণত হোৱা এনে এচপৰা শিল নাই য’ত শিল্পীৰ হাতৰ পৰশ পৰা নাই ৷ কোন শিল্পীয়ে কাৰ পৃষ্ঠপোষকতাত কোন কালত এই অৰণ্যভূমিত আধুনিক সভ্যতাই গঢ় দিব নোৱাৰা এই দেৱৰপুৰে নিৰ্মাণ কৰিছিল সেই সম্পৰ্কে ইতিহাস নিমাত ৷ এই দেৱালয়ত এসময়ত হৰদত্ত-বীৰদত্তই ৰঙিয়াৰ পৰা ডেৰকুৰি মাইল ঘোঁৰা চেকুৰাই নিতৌ প্ৰত্যুষতে পূজা কৰিছিলহি ৷ তাৰ স্মৃতি ৰঙিয়াৰ পৰা মদন-কামদেৱৰ পাদদেশলৈ আজিও বহন কৰি আছে হৰদত্ত-বীৰদত্ত পথে ৷ এই ধ্বংসপ্ৰাপ্ত দেৱালয়খন ওঠৰ শতিকাত শিৱসিংহ ৰজাই মেৰামতি কৰে আৰু বীৰভূমিৰ পৰা গোবিন্দ মিশ্ৰ নামৰ নৈষ্ঠিক ব্ৰাহ্মণ এজনক বৰ্তমানৰ সাতৰ নামৰ চুবুৰিটোত সংস্থাপন কৰে আৰু মাটি-বৃত্তি দি তামৰ ফলি দান কৰে ৷ মিশ্ৰক সংস্হাপন কৰা ঠাইখন এসময়ত ‘ মিশ্ৰটোল ’ নামে জনাজাত হয় ৷ মাজতে ঐতিহাসিক দেৱালয় পৰিচালনা আৰু উন্নয়নৰ ক্ষেত্ৰত স্থবিৰতাই বিৰাজ কৰিছিল ৷ বহুবছৰ অৱহেলিত হৈ থকাৰ পিছত ১৯৭২ চনত চৰকাৰে এখন সমিতি গঠন কৰি দি দেৱালয় পৰিচালনাৰ ভাৰ ন্যস্ত কৰে ৷ এই পৰিচালনা সমিতিখনে ১৯৭২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ দৃষ্টিগোচৰ কৰাত প্ৰত্নতাত্বিক সঞ্চালকালয়ে দেৱালয়খন নিজৰ তত্ত্বাৱধানলৈ নিয়ে ৷ কিছুবছৰ বিৰতিৰ পিছত ১৯৮২-৮৩ চনত মদন-কামদেৱ পাহাৰৰ কিছু অংশত খনন কাৰ্য চলায় ৷ খনন কাৰ্যত উদ্ধাৰ হোৱা অসংখ্য শিলামূৰ্তি , কাৰুকাৰ্য খোদিত শিলাখণ্ডৰ বাহিৰেও পোন্ধৰটা শিৱ মন্দিৰৰ ভগ্নাৱশেষ দেখা যায় ৷ খনন কাৰ্যৰ পৰা এই মন্দিৰটোৰ ২০০ ৰো অধিক দেৱ-দেৱীৰ মূৰ্তি পোৱা যায় ৷ এইবোৰৰ ভিতৰত নটৰাজ , চতুৰ্ভুজ , শিৱ , গণেশ , বিষ্ণু , ভৈৰৱ , উমা , সূৰ্য্য আৰু অসংখ্য অপৰিচিত দেৱীৰ মূৰ্তি আছে ৷ ইয়াৰ উপৰিও সিংহ , গজসিংহ , হস্তী , শিয়াল , কুকুৰ , আদিৰ চিত্ৰ খোদিত অসংখ্য শিলাখণ্ড উদ্ধাৰ কৰা হৈছে ৷ আন পৰিচিত আৰু অপৰিচিত দেৱ-দেৱীৰ মূৰ্তিও আৱিষ্কৃত হৈছে ৷ এইবোৰ ভাস্কৰ্যশৈলী দেখি কোনো কোনো পণ্ডিতে ‘ খাজুৰাহোৰ ’ ভাস্কৰ্যশৈলীৰ সৈতে সাদৃশ্য আছে বুলি কয় ৷ এই ঐতিহাসিক মন্দিৰবোৰৰ ভাস্কৰ্য ১০ ম শতিকাৰ শেষৰ পৰা ১২ শতিকাৰ আৰম্ভণিলৈকে কামৰূপত ৰাজত্ব কৰা পালবংশীয় ৰজা সকলৰ অৱদান বুলি কয় ৷ কোন শিল্পীয়ে , কি কাৰণত , কাৰ পৃষ্ঠপোষকতাত এই অৰণ্যভূমিত এই ভাস্কৰ্য কাটিছিল তাক ভাবিলে আচৰিত লাগে ৷ পাহাৰখনত একৈশটা মান মন্দিৰৰ ভগ্নাৱশেষ ওলাব পাৰে বুলি বিশেষজ্ঞসকলে ক’ব বিচাৰিছে ৷ ইংৰাজ চৰকাৰে পেৰা কাকত কৰি দেৱালয়ৰ নামত দিয়া লাখেৰাজ জমি ১১৮ বিঘা আছিল যদিও বৰ্তমান ২০ বিঘা জমিৰ উৎপাদনহে ভোগ কৰি আহিছে , বাকী জমি নানা ব্যক্তিলৈ হস্তান্তৰ হৈছে আৰু দেৱালয়ৰ দাঁতিৰ জমিও বেদখলকাৰীৰ গৰাহত পৰিছে ৷ প্ৰত্নতাত্বিক সঞ্চালকালয়ে খনন কাৰ্যত উদ্ধাৰ হোৱা মূৰ্তিবোৰৰ কিছুসংখ্যক মূৰ্তি সংৰক্ষণ কৰি বাকীবোৰ অনাদৃতভাবে পেলাই থৈ দিছে ৷ অনাদৃত মূৰ্তিবোৰ সযতনে সঠিক ঠাইত সংস্থাপন কৰিলে ই নিশ্চয় সৌন্দৰ্যবৰ্ধনত সহায়ক হ’ব ৷ বন বিভাগে বৃক্ষৰোপণ , পৰ্যটন বিভাগে এক জীৱন্ত ৰূপত গঢ়িবলৈ বিস্তৃত আচঁনি যুগত কৰি কৰ্মত অগ্ৰসৰ হৈছে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিভিন্নধৰণৰ বৃক্ষৰোপণ আাৰু সংস্থাপন কৰি এখন মনোমোহা বোটানিকেল গাৰ্ডেনৰ ব্যৱস্থা কৰি সৌন্দৰ্যবৰ্ধন কৰিবলৈ সক্ষম হৈছে ৷ মন্দিৰৰ চৌপাশে আৱৰি থকা প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈয়ে বৰ অনুপম ৷ মদন-কামদেৱৰ বহু অলৌকিক কাহিনী , আখ্যান আদি আছে ৷ এই দেৱালয়খনত বৰ্তমানো উমা-মহেশ্বৰ যুগল মূৰ্তিৰ সন্মুখত নৈমিত্তিক পূজা-আৰ্চনা কৰা হয় ৷ তদুপৰি প্ৰতিবছৰে চ’ত মাহৰ শুক্লা ত্ৰয়োদশীত মদন ত্ৰয়োদশী উৎসৱৰ উপৰি মহাশিৱৰাত্ৰি উৎসৱ ধুমধামেৰে পালন কৰা হয় ৷ মনোমুগ্ধকৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ আৰু শৈল ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শনসমূহ দৰ্শন কৰাৰ অভিপ্ৰায়েৰে বছৰটোৰ প্ৰায় সকলো সময়তে মদন-কামদেৱলৈ অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক , ভক্ত আৰু তীৰ্থযাত্ৰীৰ আগমন ঘটে । খৰালি বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত বিভিন্ন ঠাইৰ পৰা অগণন মানুহে মন্দিৰ দৰ্শন কৰাৰ লগতে বনভোজ খাবলৈ আহে ৷ এক জানুৱাৰীত লোকে লোকাৰণ্য হৈ পৰে মদন-কামদেৱ দেৱালয় ৷ প্ৰত্নতত্ত্বৰ ৰত্নভাণ্ডাৰ মদন-কামদেৱ দেৱালয়ৰ কাৰণে সকলোৱে নিষ্ঠাৰে কামত আগবাঢ়িলে হয়তো পূৰ্বাঞ্চলৰ ভিতৰত এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হৈ পৰিব । ইতিমধ্যে গুৱাহাটী দূৰদৰ্শনৰ প্ৰযোজনাত মদন-কামদেৱ দেৱালয়ত খনন কাৰ্যত উদ্ধাৰ হোৱা অসংখ্য ভাস্কৰ্যক লৈ চিত্ৰগ্ৰহণ কৰা ‘ ভগ্নাৱশেষ ’ নামৰ টেলিফিল্ম টি ভিৰ কাৰ্যসূচীত প্ৰচাৰ হোৱাৰ পৰাই উক্ত দেৱালয়ৰ গুৰুত্ব আৰু বেছি পৰিমাণে বৃদ্ধি পাইছে । আনহাতে এই পাহাৰৰ লগতে থকা বিলত কৃত্ৰিম হ্ৰদৰ সৃষ্টি কৰিব পাৰিলে এই ঠাই পৰ্যটকৰ আৰু বেছি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব ৷ পৰ্যটন বিভাগ আৰু বন বিভাগৰ যুটীয়া সহযোগত প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ ঐতিহাসিক গৱেষক তথা প্ৰত্নতাত্বিক সকলে যত্ন কৰিলে মদন-কামদেৱ নিশ্চয় এদিন পূবৰ হৰপ্পা-মহেঞ্জেদাৰো হিচাপে অসমৰ বুৰঞ্জীত চিহ্নিত হ’ব ৷
( বিঃদ্ৰঃ – প্ৰবন্ধটো যুগুত কৰোঁতে কেইবাখনো আলোচনী আৰু ‘ মদন-কামদেৱ ’ নামৰ গ্ৰন্থখনৰ সহায় লোৱা হৈছে ৷)
কমলেশ্বৰ ডেকা l
অৱসৰপ্ৰাপ্ত অধ্যক্ষ,
জৱাহৰজ্যোতি উঃমাঃ বিদ্যালয় l
0 Comments