header ads

চিত্রাচল পাহাৰৰ ইতিহাসৰ সুবাস বিচাৰি l Assamese Article by Barnali Das

 চিত্রাচল পাহাৰৰ ইতিহাসৰ সুবাস বিচাৰি


           প্ৰকৃতিৰ ৰম্যভূমি অসম , যাৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ । প্ৰাচীন জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্থল প্ৰাগজ্যোতিষপুৰৰ আছে এক সুকীয়া ঐতিহ্য । এই বিষয়ে আমি কম - বেছি পৰিমাণে জ্ঞাত । চৌদিশে সেউজীয়া পাহাৰেৰে আবৃত এইখন অসমৰ নান্দনিক সৌন্দৰ্য সৰ্বজন বিদিত । অতীতত বিভিন্ন ঋষি - মুনিৰ আবাসস্থলী বেদচৰ্চাৰ কেন্দ্ৰস্থল আছিল কামৰূপ । ইতিহাসে ইয়াৰ সাক্ষী বহন কৰি আহিছে ।

           মধ্যযুগীয় সময়ৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু সাংস্কৃতিক নিদৰ্শনৰ সাক্ষী হিচাপে অসমত অসংখ্য মন্দিৰ আৰু স্মৃতিচিহ্ন আছে । এই হিন্দু মন্দিৰ সমূহৰ লগত জড়িত হৈ আছে বহুতো পৌৰাণিক কাহিনী । Journal of Ecosystem and Ecography ত গুৱাহাটীৰ ১৮ খন পাহাৰ নথিভুক্ত কৰা হৈছে । ইয়াৰ প্ৰায়ভাগ পাহাৰতে একোখন তীৰ্থস্থানৰ অৱস্থিতি দেখিবলৈ পোৱা যায় ।

            গুৱাহাটী মহানগৰীৰ এক উল্লেখযোগ্য ঐতিহ্যমণ্ডিত পাহাৰ হৈছে চিত্রাচল পাহাৰ । এই পাহাৰতে অৱস্থিত নৱগ্ৰহ মন্দিৰ ।


          সেয়ে বহুতে এই পাহাৰ খনক নৱগ্ৰহ পাহাৰ বুলিও কয় । জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্থল এই নৱগ্ৰহ মন্দিৰ ভাৰতৰ একমাত্ৰ গ্ৰহৰ মন্দিৰ । এই মন্দিৰলৈ চেনিকুঠী আৰু শিলপুখুৰী war cemetery ৰ পৰা গাড়ী লৈ যাব পৰা সুন্দৰ পকী পথৰ ব্যৱস্থা আছে । এই মন্দিৰ কোনে , কেতিয়া নিৰ্মাণ কৰাইছিল , সেই বিষয়ে সবিশেষ জানিব পৰা নাযায় যদিও মন্দিৰৰ প্ৰাঙ্গণত পোৱা শিলালিপিৰ পৰা জানিব পাৰি যে এই মন্দিৰ ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাইছিল । ১৮৯৭ চনৰ বৰভূইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি সাধন হয় বুলি কোৱা হয় । পিছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত এই মন্দিৰটো পুনৰ মেৰামতি কৰি সজা হয় । এই মন্দিৰত প্ৰতিদিনে সূৰ্য , চন্দ্ৰ , মঙ্গল , ৰাহু , শনি , কেতু , বৃহস্পতি , বুধ আৰু শুক্ৰ এই নটা গ্ৰহৰ পূজা অৰ্চনা কৰা হয় । মন্দিৰটোত এই গ্ৰহসমূহৰ শিলাচিহ্ন আছে । প্ৰতিবছৰে মাঘ - ফাগুনৰ সংক্ৰান্তিৰ দিনৰ পৰা তিনিদিনীয়া মহাযজ্ঞ অনুষ্ঠিত কৰা হয় । এই মন্দিৰৰ লগতে সংলগ্ন হৈ আছে এটি শিৱ মন্দিৰ আৰু এটি গণেশ মন্দিৰো । এই মন্দিৰৰ প্ৰাঙ্গণতে পূৰ্বতে সংস্কৃত টোল আছিল । মন্দিৰৰ ওচৰতে থকা view point ৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পৰা যায় । এই অঞ্চলত বহুতো বান্দৰ আছে । বান্দৰবোৰৰ খেল - ধেমালিয়েও যাত্ৰীসকলক আনন্দৰ খোৰাক যোগায় ।

           এই মন্দিৰৰ নাতিদূৰত থকা এক ঐতিহ্যমণ্ডিত পুখুৰী হৈছে শকুন্তলা পুখুৰী , যিটো পুখুৰীৰ বিষয়ে হয়তো বহুতেই জ্ঞাত নহয় ।


         প্ৰবাদ অনুসৰি ইতিহাস প্ৰসিদ্ধ বিশ্বামিত্ৰ মুনি আৰু মেনকাৰ কন্যা শকুন্তলাক যেতিয়া মেনকাই মৰ্ত্যত এৰি থৈ স্বৰ্গলৈ গুচি গৈছিল তেতিয়া সেই কণমানি কন্যাক তুলি - তালি ডাঙৰ - দীঘল কৰিছিল কন্ব মুনিয়ে । এই পাহাৰৰ নামনিতে হেনো কন্ব মুনিৰ এখন আশ্ৰম আছিল । সেয়ে বৰ্তমানেও এই অঞ্চলটো তেওঁৰ নামানুসাৰে কন্বাচল বুলি জনাজাত । [ বৰ্তমান মই এই কন্বাচলৰে এটি apartment ৰ বাসিন্দা । ] পাহাৰখনৰ নান্দনিক দৃশ্য অতিকৈ মনোৰম । পাহাৰৰ ওপৰৰ এই পুখুৰীটোৱেও ইয়াৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছে । কোৱা হয় এই পুখুৰীটোতে শকুন্তলাই হেনো গা ধুইছিল । সেয়ে শকুন্তলাৰ নামানুসাৰে পুখুৰীটোৰ নাম শকুন্তলা পুখুৰী হৈছে । যদিও সময়ৰ গতিত চাৰিওফালে কংক্ৰিটৰ ঘৰ গঢ় লৈ উঠিছে তথাপিও নিজৰাৰ কুলু - কুলু শব্দৰ মধুৰ ঝংকাৰে এই পাহাৰখনৰ মায়াময় পৰিৱেশ ম্লান কৰিব পৰা নাই । কোৱা হয় এই শকুন্তলা পুখুৰীৰটোত হেনো আগতে ৭টা কুঁৱা আছিল । বৰ্তমান এটাহে কুঁৱা দৃশ্যমান অৱস্থাত আছে । আদিতে এক বৃহৎ এলেকাৰ এই পুখুৰীৰটোৰ চাৰিওফালে এতিয়া মানুহৰ বসতি বাঢ়ি অহাত পুখুৰীটো পুতি পেলোৱাত ইয়াৰ নামমাত্ৰ অস্তিত্বহে ৰৈছেগৈ । স্থানীয় উন্নয়ন সমিতি খনে বৰ্তমান ইয়াৰ চোৱা - চিতা কৰি আছে । 

           এই পুখুৰীৰ ওচৰতে আছে বাপুজী নগৰ । ইয়াতো পুৰণি কালৰ বহুতো শিৱলিংগ উদ্ধাৰ হৈছে । স্থানীয় লোকসকলে এইসমূহ লিংগ একত্ৰিত কৰি এটি শিৱমন্দিৰ নির্মাণ কৰিছে ।


          এই মন্দিৰত নিতৌ পূজা - অৰ্চনা কৰা হয় । ইয়াৰ স্থানীয় বাসিন্দাসকলৰ মতে এই পাহাৰখনত সময়ে - সময়ে গৃহ নিৰ্মাণৰ বাবে মাটি খান্দোতে পুৰণি মাটিৰ কুঁৱা , কড়িৰে পূৰ্ণ টেকেলি আদিও উদ্ধাৰ হৈছিল ।

          এই পাহাৰখনত কেইবাটাও নিজৰা দেখিবলৈ পোৱা যায় বাবে পাহাৰখনৰ এক বৃহৎ অঞ্চলক নিজৰাপাৰ বুলি জনা যায় । ইয়াৰে এটি নিজৰাৰ গাতে লাগি থকা এটি শিলত গণেশৰ মূৰ্তি খোদিত কৰা আছিল আৰু পিছত স্থানীয় ৰাইজে তাত এটি গণেশ মন্দিৰ সাজি লৈ পূজা অৰ্চনা কৰিবলৈ লয় । 

           শকুন্তলা পুখুৰীৰ পৰা কিছুদূৰ আগবাঢ়ি আহিলে যিটো অঞ্চল পোৱা যায় সেইখিনি বৈদিক আশ্ৰম বুলি জনা যায় । হয়তো প্ৰাচীন কালত ঋষি - মুনি সকলৰ বেদচর্চা আৰু গৱেষণাৰ কেন্দ্ৰ আছিল এই অঞ্চল । হয়তো সেয়েহে ইয়াক বৈদিক আশ্ৰম বুলি নামকৰণ কৰা হল । এই বৈদিক আশ্ৰম পাৰ হৈ সুধাকণ্ঠ ড° হাজৰিকা দেৱৰ ঘৰৰ আগেৰে ( নিজৰাপাৰ ) চানমাৰি ওলাব পাৰি । বৰ্তমান এই গোটেই পথটোত গাড়ী মটৰ চলাচল কৰিব পৰাকৈ সুন্দৰ পকী পথৰ ব্যৱস্থা আছে । 


          এই পাহাৰখনৰ বিষয়ে বিশেষজ্ঞ সকলে বিতংকৈ জানিব পাৰিব । যিহেতু ইতিহাস একোটা জাতিৰ মেৰুদণ্ড স্বৰূপ , সেয়ে অকল চিত্রাচল পাহাৰে নহয় , পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰা অসমৰ পাহাৰে - ভৈয়ামে সিঁচৰতি হৈ থকা চহকী ইতিহাসৰ সমলসমূহৰ সংৰক্ষণৰ উচিত ব্যৱস্থা কৰিব লাগে । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা হাতত ল’লে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনতো ইয়াৰ কিছু সু - প্ৰভাৱ পৰিব বুলি আশা কৰিব পাৰি । 

বৰ্ণালী দাস l

সহ: শিক্ষয়িত্ৰী,

বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয় l

শিক্ষাখণ্ড : ৰামপুৰ l

Post a Comment

0 Comments