header ads

স্বাধীনতাৰ অমৃত মহোৎসৱ l Assamese Article by Bhaskarjyoti Talukdar

 স্বাধীনতাৰ অমৃত মহোৎসৱ 


         ' স্বাধীনতাৰ অমৃত মহোৎসৱ ' হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ  উদ্‌যাপন আৰু দেশৰ গৌৰৱোজ্জ্বল ইতিহাসক স্মৰণ কৰাৰ এক প্ৰচেষ্টা । ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবাসীয়ে ২০০ বছৰীয়া বৃটিছ শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল । তেতিয়াৰপৰা ১৫ আগষ্ট তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় । ২০২২ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ হয় । দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া উদ্‌যাপনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উলহ - মালহেৰে পালন কৰা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ আনুষ্ঠানিক জয়যাত্ৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০২১ চনৰ ১২ মাৰ্চ তাৰিখে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা আৰম্ভ কৰিছিল । স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা লোণ সত্যাগ্ৰহ ( দাণ্ডি যাত্ৰা ) ৰ ৯১ সংখ্যক বাৰ্ষিকীও ২০২১ চনৰ ১২ মাৰ্চ তাৰিখে সম্পূৰ্ণ হৈ যায় । ২০২২ চনৰ ১৫ আগষ্টৰ ৭৫ সপ্তাহ পূৰ্বে এই উৎসৱৰ আৰম্ভণি হয় আৰু এয়া অহা ২০২৩ চনৰ ১৫ আগষ্ট পৰ্যন্ত চলিব । স্বাধীনতাৰ অমৃত মহোৎসৱৰ মূল উদ্দেশ্য হ’ল স্বাধীনতা সংগ্ৰামীসকলৰ লুপ্তপ্ৰায় কাহিনী পাহৰণিৰ গৰ্ভৰপৰা তুলি আনি ৰাইজক অৱগত কৰোৱা । এই মহোৎসৱ দেশৰ ৰাষ্ট্ৰীয় জাগৰণৰ এক বিশেষ উৎসাহ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আমাৰ সকলোৰে মাজত দেখা পোৱা উৎসাহ আৰু দেশৰ উৎসৱসদৃশ বাতাৱৰণ অতি স্বতঃস্ফূর্ত । এই সুযোগতে জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি যিসকলে প্ৰাণ আহুতি দিছিল তেওঁলোকৰ চৰণত প্ৰণিপাত জনাইছোঁ । তেওঁলোকৰ প্ৰেৰণা আৰু তেজস্বী ত্যাগময় চৰিত্ৰক আমি আদৰ্শৰূপে  আটায়ে স্মৰণ কৰিব লাগে আৰু তেওঁলোকৰ ত্যাগ আৰু বলিদানৰ কথা সমাজৰ সন্মুখত উপস্থাপন কৰিব লাগে । কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আগষ্ট মাহৰ ১৩ তাৰিখৰপৰা তিনিদিনীয়াকৈ “ হৰ ঘৰ ত্ৰিৰংগা ” অৰ্থাৎ প্ৰতি ঘৰতে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ দেশৰ জনসাধাৰণক আহ্বান জনায় । “ হৰ ঘৰ ত্ৰিৰংগা ” শীৰ্ষক কাৰ্যসূচীৰ প্ৰতি ৰাইজে ব্যাপক সঁহাৰি জনায় । কিন্তু অমৃত মহোৎসৱৰ আয়োজনৰ সময়ত ত্ৰিৰংগাৰ লহৰে আৱেগিকভাৱে উদ্বেলিত কৰি তোলা মুহূৰ্তটো বাস্তৱিক অৱস্থাত সিমান মধুৰ নহয় । কাৰণ , সাম্প্ৰতিক সময়ত দেশবাসী এক জটিল অৱস্থাৰ সন্মুখীন হৈছে । বিভিন্ন অৰ্থনৈতিক পৰিঘটনা আৰু দুবছৰীয়া ক’ভিডকেন্দ্ৰিক লক্‌ডাউনে বিধ্বস্ত কৰি পেলোৱা দেশৰ অৰ্থনীতি এতিয়াও পোন হৈ থিয় হ’ব পৰা নাই । মূল্যবৃদ্ধিৰ দাওদাওকৈ জ্বলা জুইকুৰাত দগ্ধ জনসাধাৰণ । কৰ্মচ্যুত আৰু ক্ৰমবৰ্ধমান নিবনুৱাৰ ভয়াবহ সমস্যাই বহু পৰিয়াল আৰু নতুন প্ৰজন্মৰ সন্মুখত অনিশ্চয়তাৰ এখন প্ৰকাণ্ড দেৱাল থিয় কৰাই দিছে । তদুপৰি পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিয়ে সৃষ্টি কৰা সংঘাতৰ ফলত সামাজিকভাৱে যি এক অস্থিৰতাৰ বতাহ বলি আছে সেয়াও শাম কটা নাই । এনে অৱস্থাত দেশখন ভৱিষ্যতৰ পথত কেনেদৰে আগবাঢ়ি যাব , তাৰ পথ নিৰ্দেশনা পোৱাৰ বাবে অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এখন ‘ বিকশিত ভাৰত ‘ ৰ আশা জাগ্ৰত কৰি পাঁচটা সংকল্প ল’বলৈ দেশবাসীক আহ্বান জনায় আৰু ভাৰতৰ স্বাধীনতাৰ ১০০ টা বৰ্ষৰ ভিতৰত স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰাৰ লক্ষ্য ৰাখিবলৈ আহ্বান জনায় । এই সংকল্প পাঁচটা হ’ল : (১) দেশৰ বিকাশত আত্মনিয়োগ কৰা , (২) সকলো ধৰণৰ দাসত্বৰপৰা এশ শতাংশ মুক্ত হোৱা , (৩) দেশৰ ঐতিহ্যক লৈ গৌৰৱবোধ কৰা , (৪) ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি বৰ্তাই ৰখা , আৰু (৫) দেশৰ প্ৰতি সৰ্বতো প্ৰকাৰে দায়বদ্ধ হোৱা ।

       প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বাধীনতাৰ অমৃত মহোৎসৱক কোটি কোটি ভাৰতীয়ৰ এটি পৰ্ব বুলি কোৱাৰ উপৰিও এই মহোৎসৱক স্বাধীনতা সংগ্ৰাম আৰু স্বাধীন ভাৰতৰ গৌৰৱময় প্ৰগতিৰ প্ৰতিফলন বুলি অভিহিত কৰে । স্বাধীনতাৰ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাসসম্বলিত তথ্যবোৰ সংৰক্ষণৰ বাবে যুৱপ্ৰজন্ম তথা বিজ্ঞজনক সহায়ৰ বাবে আহ্বান জনায় । তেখেতে সমগ্ৰ বিশ্বক এই দেশৰ স্বাধীনতা আন্দোলনৰ সাফল্যৰ ছবি তুলি ধৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰোপৰি যিসকল লোক লোকশিল্প , সাহিত্য , নাট , চলচ্চিত্ৰ আৰু ডিজিটেল বিনোদনৰ সৈতে জড়িত তেওঁলোকক অতীতৰ বিভিন্ন ঘটনাৱলী জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰিবলৈও তেখেতে পৰামৰ্শ দিয়ে । স্বাধীনতাৰ অমৃত মহোৎসৱ ভাৰতৰ সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাচ্ছন্দ্যৰো এক প্ৰতীক । স্বাধীনতাৰ এই সুক্ষণত দেশৰ একোজন সুনাগৰিক হিচাপে সকলো ভাৰতবাসীয়ে সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ সমস্যাসমূহ সমাধানৰ বাবে আৰু এখন শান্তি , সম্প্ৰীতি আৰু সমন্বয়ৰ ভাৰতবৰ্ষ গঢ়ি তুলিবৰ বাবে অংগীকাৰবদ্ধ হ’ব লাগে । তেতিয়াহে হাজাৰ বছৰীয়া সভ্যতা আৰু সংস্কৃতিৰ দেশ ভাৰতবৰ্ষ নিজগুণে বিশ্বত জিলিকি থাকিবলৈ সক্ষম হ’ব ।

                                                                                   

 উৎস সমূহ :    

(১) স্বাধীনতাৰ অমৃত মহোৎসৱ  অন্তৰৰ অনুভৱ : ফখৰুদ্দিন আহমেদ

 (২) সংবাদ পত্ৰ : অসমীয়া প্ৰতিদিন , নিয়মীয়া বাৰ্তা , আমাৰ অসম ।


শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ l

তৃতীয় বৰ্গৰ কৰ্মচাৰী,

বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় , 

কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও l

Post a Comment

0 Comments