header ads

মানৱ সম্পদ সৃষ্টি আৰু আমাৰ কৰ্তৱ্য l Assamese Article by Hiranmayee Kakati

 মানৱ সম্পদ সৃষ্টি আৰু আমাৰ কৰ্তৱ্য                                       


             কোৱা হয় যে মানৱ জীৱন এক অমূল্য সম্পদ । এটি শিশু জন্মৰ পৰা ক্ৰমে শৈশৱ , কৈশোৰ অৱস্থাৰ মাজেৰে গৈ প্ৰাপ্তবয়স্ক অৱস্থাপ্ৰাপ্ত হোৱালৈকে ঘৰ, বিদ্যালয় আৰু সমাজৰ পৰা যি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষাৰ প্ৰভাৱতে নিজৰ ব্যক্তিত্ব বিকাশ হৈ এজন পূৰ্ণ বয়স্কপ্ৰাপ্ত ব্যক্তিত পৰিণত হয় আৰু দেশৰ মানৱ সম্পদৰূপে গণ্য কৰিব পৰাকৈ উপযুক্ত হৈ উঠে । এজন প্ৰকৃত সুচৰিত্ৰৱান , কৰ্মোদ্যমী , জ্ঞানী আৰু পৰোপকাৰী তথা কোনো বিশেষ বিষয়ত বিশেষভাৱে দক্ষতা আহৰণ কৰা ব্যক্তিক উপযুক্ত মানৱ সম্পদ ৰূপে গণ্য কৰিব পাৰি আৰু এনে ব্যক্তিসকলেই এখন সমাজক উজ্বলৰ পৰা উজ্বলতৰ কৰি তুলিব পাৰে ।

            বৰ্তমান সময়ত হত্যা , হিংসা , লুণ্ঠন আৰু নানা ব্যভিচাৰী ঘটনাৰ প্ৰাদূৰ্ভাৱেৰে সমাজৰ পৰিৱেশ দূষিত হৈ পৰাটো সততে দেখিবলৈ পোৱা যায় । প্ৰায় ক্ষেত্ৰতে অসহিষ্ণুতা , প্ৰতিশোধমূলক মানসিকতাৰে এচাম মানুহে হঠাতে উগ্ৰ ৰূপ ধাৰণ কৰি সমাজত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাটোও এক চিন্তনীয় বিষয় হৈ পৰিছে । এনে পৰিৱেশত শিশু এটিক সহজভাৱে ডাঙৰ দীঘল কৰি সমাজৰ এজন উপকাৰী ব্যক্তি তথা প্ৰকৃতাৰ্থত মানৱ সম্পদৰূপে গঢ়ি তোলাটোও এক প্ৰত্যাহ্বান যেনেই হৈ পৰিছে । কিন্তু সেয়ে হ'লেও এই দিশত আমি সকলোৱে সজাগ আৰু সতৰ্কতাৰে শিশুসকলক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব ।

           কোৱা হয় যে , আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক । গতিকে , আহকচোন এই ভৱিষ্যত নাগৰিকসকলক একোজন সুনাগৰিক আৰু দক্ষতা সম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ আমি অভিভাৱক , শিক্ষকসকল আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত সেই বিষয়ে চমুকৈ দুটামান কথাত আলোকপাত কৰোঁ ।

           প্ৰকৃতাৰ্থত মাতৃগৰ্ভত এটি ভ্ৰূণে থিতাপি লোৱাৰ প্ৰথম দিনটোৰ পৰাই এটি মানৱ জীৱনৰ শিক্ষা আৰম্ভ হয় বুলি ক'ব পাৰি । পৌৰাণিক ভাৰতীয় দৰ্শনৰ পুথিসমূহত বৰ্ণিত বিভিন্ন কাহিনী , নীতিশিক্ষা আৰু সাম্প্ৰতিক কালৰ বৈজ্ঞানিক তথ্যৰ দ্বাৰাও এই কথা কোৱা হৈছে যে , মাতৃ গৰ্ভত থকা অৱস্থাৰ পৰাই যদি পৃথিৱীলৈ আহিবলগা সন্তানটোৰ শাৰীৰিক , মানসিক তথা বৌদ্ধিক দিশত উৎকৃষ্ট বীজৰ অংকুৰণ হ'বলৈ চেষ্টা কৰা যায় তেন্তে সেয়া কেতিয়াও অথলে নাযায় । গতিকে , এগৰাকী সন্তান সম্ভৱা মাতৃক পৰিপুষ্ট আহাৰ , মানসিক সংগ আৰু সহায় , সহযোগিতা আৰু উৎকৃষ্ট মানদণ্ডৰ গ্ৰন্থ অধ্যয়ন তথা আনন্দদায়ক পৰিৱেশৰ মাজত ৰাখি সন্তান জন্ম দিবলৈ সুবিধা কৰি দিয়াৰ প্ৰতি ঘৰ এখনৰ প্ৰতিজন ব্যক্তিয়ে সচেষ্ট হোৱাটোয়ে হৈছে উৎকৃষ্ট মানৱ সম্পদ এটি সৃষ্টিৰ বাবে ল'বলগা প্ৰথম পদক্ষেপ । তেনে পৰিৱেশৰ মাজত জন্ম হোৱা শিশু এটিয়ে জন্মৰ পিছত ঘৰখনৰ আদৰ যত্নৰ মাজত থাকি ডাঙৰ হৈ বিদ্যালয়ত প্ৰথমটো খোজ দিয়ালৈকে শিশুটিৰ প্ৰতি ঘৰখনৰ সদস্যসকলৰ বিশেষ  মনোযোগিতাৰো অতীৱ প্ৰয়োজন । যিহেতু ঘৰেই শিশুৰ প্ৰথম শিক্ষাৰ প্ৰতিষ্ঠান , গতিকে শিশু এটিৰ অন্ততঃ দহ বছৰমান বয়স পূৰ্ণ নোহোৱালৈকে পিতৃ-মাতৃয়ে বিশেষভাৱে শিশুটিয়ে সজ আচৰণ তথা সুব্যক্তিত্ব গঠনৰ বাবে দৰকাৰী মানৱীয় গুণসমূহ আহৰণ কৰাত গুৰুত্ব দিব লাগে । প্ৰায় তিনি বছৰমান বয়স পূৰ্ণ হোৱাৰ পিছত শিশু এটিয়ে লৱৰি ঢাপৰি লগৰীয়াৰ সৈতে খেলাধূলাৰ মাজেৰে কটাবলৈ ভাল পোৱা হৈ উঠে । অৰ্থাৎ , শিশুটি সেই সময়ত লাহে লাহে সামাজিক পৰিৱেশৰ মাজলৈ গতি কৰে । এনে সময়তে পিতৃ-মাতৃয়ে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে যাতে  শিশুটিয়ে লগৰীয়াৰ লগতো সৌহাৰ্দমূলক আৰু সহমৰ্মীভাৱেৰে আচৰণ কৰিবলৈ সমৰ্থ হয় । তাৰবাবে শিশুটিক নৈতিক শিক্ষা আৰু সজ চৰিত্ৰ গঠনৰ উদ্দেশ্য সম্বলিত সাধুকথা , বুজনি আদিৰ লগতে অভিভাৱক সকলে নিজেও সমাজত তেনে আচৰণ প্ৰদৰ্শন কৰিব লাগে যাতে শিশুটিয়ে পিতৃ-মাতৃ তথা ঘৰৰ অন্যান্য সদস্যসকলক অনুকৰণ কৰিয়ে লগৰীয়া তথা সমাজৰ সকলো ব্যক্তিৰ প্ৰতি সজ আচৰণ কৰাৰ গুৰুত্ব বুজি উঠে আৰু এনে আচৰণ আহৰণ কৰি নিজৰ ব্যক্তিত্বত সাধুতাক অন্তৰ্ভুক্ত কৰিবলৈ উদ্বুদ্ধ হৈ উঠে ।           

            ইয়াৰ পিছত আহিল বিদ্যালয়ত প্ৰৱেশৰ কথা। বিদ্যালয়ত শিক্ষকসকলে পাঠ্যপুথিৰ বিষয় আহৰণৰ দিশত শিশুসকলক সহায় কৰাৰ সমান্তৰালভাৱে  এই দিশতো অধিক গুৰুত্ব দিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কোনো কাৰণতে উশৃংখলতা , নৈতিক স্খলন তথা হিংসুক মানসিকতাই গা কৰি উঠিব নোৱাৰে । বিদ্যালয় এখন প্ৰতিটো শিশু , কিশোৰৰ জীৱনৰ প্ৰথমখন সামাজিক অনুষ্ঠান য'ত তেওঁলোকে নিজৰ ব্যক্তিত্ব গঠনৰ বাবে ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰিব পৰাকৈ এখন বহল সামাজিক ক্ষেত্ৰ লাভ কৰে । গতিকে এইখন ক্ষেত্ৰত থকাৰ সময়খিনিত তেওঁলোকে প্ৰতিটো সজ গুণ আহৰণ কৰিবলৈ যাতে আগ্ৰহী হৈ উঠিব পাৰে তেনে এক পৰিৱেশ গঢ়ি দিবলৈ শিক্ষকসকলে যত্ন কৰিব লাগে । এই ক্ষেত্ৰত অসমৰ বিদ্যালয়সমূহত তাহানিতে পাঠ্যপুথি হিচাপে প্ৰচলিত নীতিশিক্ষা আৰু চৰিত্ৰ পাঠৰ পুথিসমূহ পুনৰ প্ৰচলন কৰি তাৰবাবে পূৰ্বৰ দৰেই পুনৰ এটা বিশেষ পিৰিয়দ ৰাখি চৰ্চা কৰিব  পাৰিলেও নিশ্চয়কৈ সুফল লাভ কৰিব পৰা যাব বুলি ক'ব পাৰি । সমান্তৰালভাৱে বিদ্যালয়ত নিয়মীয়াকৈ ব্যায়াম বা যোগ চৰ্চা আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে ধ্যানৰ পিৰিয়দ একোটা ৰাখি তাৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক সুসংবদ্ধ জীৱন যাপনৰ বাবে শাৰীৰিক আৰু মানসিকভাবে সুস্থ সবল হিচাপে গঢ় দিবলৈ যত্ন কৰিব পাৰি । আমাৰ দেশ ভাৰতবৰ্ষত সেই প্ৰাচীন কালৰ পৰা আৰু প্ৰাক স্বাধীনতা বা স্বাধীনোত্তৰ কালৰো প্ৰতিজন মহান মনিষীয়ে নিজৰ জীৱন উৎকৃষ্ট ৰূপত গঢ় দিবলৈ যোগ আৰু ধ্যানৰ চৰ্চা কৰিছিল বুলি আমি সকলোৱে জানো । তেওঁলোকৰ এই আদৰ্শক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ আমিও চেষ্টা কৰিব লাগে তথা ইয়াৰ দ্বাৰা সমাজ এখনৰ ভৱিষ্যত কালৰ নাগৰিকসকল জীৱনৰ কলিতে এটা ভাল আকাৰ ল'বলৈ পৰিৱেশ দিয়াটো অতিকৈ প্ৰয়োজনীয় বিষয় বুলি ভাৱো । 

          বিদ্যালয় এখনত সাম্প্ৰতিক কালৰ দুখনমান নিৰপেক্ষ বাতৰি - কাকত আৰু চিন্তাৰ উৎকৰ্ষ সাধন কৰিব পৰা উচ্চ মানদণ্ডৰ আলোচনী ৰাখি নিয়মীয়াকৈ সেইবোৰ পাঠ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক উদ্গনি যোগোৱা বা পাৰিলে একো একোটা বাধ্যতামূলক পিৰিয়দ ৰাখিবলৈ চেষ্টা কৰিলেও শিক্ষাৰ্থীসকলৰ জ্ঞান অৰ্জনৰ ক্ষেত্ৰত প্ৰভূত সহায়ক হ'ব বুলি ভৱাৰ থল আছে । 

          শেষত কওঁঁ যে , এজন সফল আৰু সুস্থ তথা সুখী মানুহেহে যিহেতু সমাজখনক আগুৱাই নিবলৈ অধিক সক্ষম হয় গতিকে বৰ্তমানৰ শিশু , কিশোৰসকলৰ মানসিক তথা বৌদ্ধিক উন্নতিৰ লগতে শাৰীৰিকভাৱে সুস্থ সবল আৰু জীয়াই থকাৰ প্ৰচেষ্টাত অধিক শক্তিশালী হৈ থাকিবলৈ নিয়মিতভাৱে খেলা ধূলা আৰু নৃত্য গীত , নাটক আদিৰ কৰ্মশালা অনুষ্ঠিত কৰি বিদ্যালয়ৰ লগতে সমাজতো এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে সকলোৱে প্ৰচেষ্টা ৰাখি শিশুসকলক এই পৰিৱেশৰ মাজেৰে ভুল শুদ্ধ নিৰূপনৰ বাবে প্ৰকৃত সিদ্ধান্তক্ষম আৰু প্ৰকৃত মানৱীয় গুণসম্পন্ন ব্যক্তি হিচাপে গঢ় দিবলৈ আমি সচেতন হৈ উঠিব পাৰিলেই ভৱিষ্যতে নিশ্চয়কৈ আমি একোজন সুনাগৰিক তথা উৎকৃষ্ট মানৱ সম্পদেৰে ভৰা এখন সুস্থ , সবল , সুখী তথা সুন্দৰ সমাজ দেখিবলৈ পাম ।

হিৰণ্ময়ী কাকতি l

সহ: শিক্ষয়িত্ৰী,

বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয় l

শিক্ষাখণ্ড - ৰামপুৰ l

Post a Comment

0 Comments