header ads

ৰহস্যময় বাৰ্মুডা , বিজ্ঞানৰ বাবে যেন এক প্ৰত্যাহ্বান l Assamese Article by Nirala Deka

 ৰহস্যময় বাৰ্মুডা , বিজ্ঞানৰ বাবে যেন এক প্ৰত্যাহ্বান


            আমাৰ পৃথিৱীখনত এনে কিছুমান ৰহস্যময় ঘটনা সংঘটিত হয় যিবোৰৰ কাৰ্যকাৰণ সম্পৰ্কীয় কোনো বৈজ্ঞানিক ব্যাখ্যা আগবঢ়োৱাত বিজ্ঞানীসকল প্ৰায়েই ব্যৰ্থ হয় ৷ এনে ধৰণৰ ঘটনাসমূহক বহুতে সেয়ে অলৌকিক ঘটনা বুলিয়ে অভিহিত কৰিব বিচাৰে ৷ আনহাতে বহুতে ইয়াক সৃষ্টিকৰ্তাৰ অসীম ৰহস্য বুলিও ক'ব খোজে ৷ সাধাৰণ মানুহে অলৌকিক বুলি ক'ব খোজা এনেধৰণৰ ঘটনা বা ঘটনাৰ স্থানসমূহ কিন্তু যুগে যুগে অনুসন্ধিৎসু লোকসকলৰ চৰ্চা আৰু গৱেষণাৰ বিষয় হৈ আহিছে ৷ বহুতে এইবোৰৰ অনন্ত ৰহস্য উদ্‌ঘাটনৰ পথত নানা বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ আনকি অকাল মৃত্যু পৰ্যন্ত মূৰ পাতি ল'বলৈও কুণ্ঠাবোধ কৰা নাই এইসকলে ৷

           আটলাণ্টিক মহাসাগৰৰ বুকুত থকা বাৰ্মুডা ত্ৰিভুজ নামৰ মহাসাগৰীয় অঞ্চলটো আৰু ইয়াত ঘটা ঘটনাৱলীও তেনেধৰণৰ বিশ্বৰহস্যৰেই এক অংশ ৷ উত্তৰ আটলাণ্টিক মহাসাগৰৰ বুকুৰ এই বিশেষ ৰহস্যময় এলেকাটো গ্ৰেট ব্ৰিটেইন অধিকৃত দ্বীপ বাৰ্মুডা , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডা আৰু পুৱেৰ্ট'ৰিক' নামৰ ভূ-খণ্ডৰ মাজত অৱস্থিত এক বিস্তীৰ্ণ জলভাগ ৷ এই অঞ্চলটো আৰু ইয়াৰ আশে- পাশে থকা মহাসাগৰীয় জলভাগ হৈছে পৃথিৱীৰ বহুল ব্যৱহৃত সাগৰীয় জলপথবোৰৰ ভিতৰত অন্যতম ৷ এই বৃহত্তৰ অঞ্চলটোত থকা বন্দৰসমূহৰ পৰা আমেৰিকা , ইউৰোপ আৰু কেৰিবিয়ান দ্বীপৰ বিভিন্ন ঠাইলৈ প্ৰতিদিনেই অসংখ্য নাও আৰু জাহাজ চলাচল কৰে ৷ ত্ৰিভুজাকৃতিৰ এই অঞ্চলটোত সংঘটিত হোৱা নাও, জাহাজ আৰু উৰাজাহাজৰ ৰহস্যময় অন্তৰ্ধানৰ ঘটনাবোৰৰ কাৰণে বহুতে ইয়াক ' চয়তানৰ ত্ৰিভুজ ' বা ' ডেভিল্‌চ ট্ৰায়েঙ্গল ' বুলিও কয় ৷ ২০১৭ চনত প্ৰকাশিত এক তথ্য মতে এতিয়ালৈকে প্ৰায় ৫০খন জাহাজ আৰু ২০ খনতকৈও অধিক উৰাজাহাজ এই অঞ্চলৰ জলভাগত ৰহস্যজনকভাৱে নিখোজ হৈছে ৷ উল্লেখযোগ্য যে কোনোধৰণৰ দুৰ্ঘটনা অবিহনেই ৰহস্যময়ভাবে অন্তৰ্ধান হোৱা উক্ত জাহাজবোৰৰ কোনো ভগ্নাৱশেষো উদ্ধাৰ কৰিব পৰা হোৱা নাই এতিয়ালৈকে ৷ বৰঞ্চ নিখোজ হোৱা জাহাজবোৰৰ ভগ্নাৱশেষ উদ্ধাৰৰ বাবে যোৱা বহুকেইখন উৰাজাহাজো বাৰ্মুডাৰ সেই বিশেষ অঞ্চলটোত অন্তৰ্ধানহে হৈছিল ৷ কোনো এখন জাহাজ বা উৰাজাহাজৰ ভগ্নাৱশেষ নাইবা যাত্ৰীসকলৰো কোনো শুংসূত্ৰ পোৱা হোৱা নাছিল ৷ সকলোবোৰেই যেন নিশ্চিহ্ন হৈ গৈছিল মহাসাগৰৰ বুকুত ৷ সেয়ে বাৰ্মুডা সদায় সকলোৰে বাবে হৈ আহিছে কৌতূহল আৰু ৰহস্যৰ কেন্দ্ৰবিন্দু ৷

            বাৰ্মুডাৰ বুকুত ঘটা ৰহস্যময় ঘটনাবোৰৰ কথা প্ৰথম পোহৰলৈ আহে ইং ১৯৫০ চনত ৷ সেই বছৰৰ ছেপ্তেম্বৰ মাহত ' দ্যা মিয়ামী হেৰাল্ড ' নামৰ কাকতখনত প্ৰকাশিত এডৱাৰ্ড ভান উইংকল জ'নচ্‌ নামৰ সাংবাদিকগৰাকীৰ এটা প্ৰবন্ধত বাৰ্মুডা অঞ্চলত সংঘটিত এনেধৰণৰ ৰহস্যময় ঘটনাসমূহ সম্পৰ্কে তথ্যসহ প্ৰকাশ কৰা হয় ৷ ইয়াৰ পিছতে বিখ্যাত নিবন্ধকাৰ জৰ্জ চ্যাণ্ডৰ আন এটা চমু নিবন্ধত ফ্লাইট-১৯ নামৰ উৰাজাহাজখনকে ধৰি আন বহুকেইখন জাহাজ আৰু উৰাজাহাজৰ ৰহস্যময় অন্তৰ্ধানৰ তথ্য প্ৰকাশ কৰা হয় ৷ উল্লেখযোগ্য যে চ্যাণ্ডৰ প্ৰবন্ধটোত উল্লিখিত ফ্লাইট-১৯ ৰ নিখোজ সম্পৰ্কীয় বাতৰিটোৱে বাৰ্মুডা ত্ৰিভুজত সংঘটিত এই ৰহস্যময় ঘটনা সম্পৰ্কে সেই সময়ত বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ পৰাই সমগ্ৰ বিশ্ববাসীৰ বাবে বাৰ্মুডা হৈ পৰে এক কৌতূহলৰ বিষয় ৷ আনহাতে ফ্লাইট-১৯ কে ধৰি পৰৱৰ্তী কালত সেই অঞ্চলটোত অন্তৰ্ধান হোৱা আন বহুকেইখন জাহাজ আৰু উৰাজাহাজৰ খবৰে ত্ৰাসিত কৰি তুলিছিল সাগৰীয় নাও , জাহাজ আৰু উৰাজাহাজ চালকসকলক ৷

           সি যি কি নহওঁক , আটলাণ্টিক মহাসাগৰৰ বুকুৰ এই বিশেষ অঞ্চলটোত উৰাজাহাজ বা নাও-জাহাজবোৰ নিখোজ হোৱাৰ সম্পৰ্কত ভূ-বিজ্ঞানীসকলে আগবঢ়োৱা ব্যাখ্যা সমূহতো ভিন্নতা দেখা গৈছে ৷ কিছুমানৰ মতে মহাসাগৰখনৰ সেই বিশেষ অঞ্চলটোৰ সাগৰতলিৰ ভূ-ভাগ এক বিশেষ ধৰণৰ অতি চুম্বকীয় ধৰ্ম-সম্পন্ন পদাৰ্থৰে গঠিত , যাৰ কাৰণে সাগৰীয় নাও-জাহাজ আদিকে ধৰি সাগৰপৃষ্ঠৰ বহু ওপৰেৰে পাৰ হৈ যোৱা উৰাজাহাজসমূহো এই অতি-চুম্বকীয় আকৰ্ষণত সাগৰতলিত ডুব যায় ৷ আনহাতে আন কোনো কোনোৱে ইয়াক বহিৰ্বিশ্বৰ প্ৰাণীৰ দ্বাৰা সংঘটিত পৰিঘটনা বুলিও ক'ব খোজে ৷ তেওঁলোকৰ মতে আটলাণ্টিকৰ বুকুৰ সেই বিশেষ অঞ্চলটো হয়তো বহিৰ্বিশ্বৰ কোনো অতি উন্নত সভ্যতাৰ প্ৰাণীৰ বাসস্থান আৰু তেওঁলোকেই হয়তো অতি উন্নত প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি এনেধৰণৰ ঘটনাসমূহ সংঘটিত কৰি আহিছে ৷ আন কিছুমানে আকৌ বাৰ্মুডাৰ সেই বিশেষ অঞ্চলটোত উৎপন্ন হোৱা ' মিথেন হাইড্ৰেট ' নামৰ প্ৰাকৃতিক গেছবিধৰ প্ৰভাৱতে এনেধৰণৰ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে বুলি কয় ৷ কাৰ্ল ক্ৰুজেনিকি নামৰ অষ্ট্ৰেলিয়ান বিজ্ঞানীজনে দাবী কৰে যে বাৰ্মুডা অঞ্চলত জাহাজ বা উৰাজাহাজবোৰৰ এনে অন্তৰ্ধানৰ ঘটনাত কোনো অস্বাভাৱিকতা বা ৰহস্য নাই ৷ তেওঁ দাবী কৰে যে বাৰ্মুডাৰ বুকুত হোৱা দুৰ্ঘটনাবোৰৰ বেছিভাগেই সংঘটিত হয় চালকৰ ভয়জনিত ভুল আৰু বেয়া বতৰৰ বাবে৷

          মুঠতে যিয়ে যি ব্যাখ্যা আগ নবঢ়াওঁক কিয় , আটলাণ্টিকৰ বুকুৰ বাৰ্মুডা ত্ৰিভুজৰ এই অঞ্চলটো বিশ্বৰ প্ৰতিজন অনুসন্ধিৎসু ব্যক্তিৰ বাবে বৰ্তমানেও এক ৰহস্য , এক বৃহৎ সাঁথৰ ৷ সাগৰীয় নাও , জাহাজ চালকসকলৰ বাবে বাৰ্মুডা হৈছে ত্ৰাসৰ অন্য নাম ৷ ৰহস্যময় এই অঞ্চলটোৰ ৰহস্য হয়তো আৰু কোনোদিনেই পোহৰলৈ নাহিব , কিয়নো বাৰ্মুডা অভিযান মানেই হৈছে অৱধাৰিত মৃত্যু ৷ গতিকে , বাৰ্মুডাৰ ৰহস্য উদ্‌ঘাটনৰ বাবে বাৰ্মুডাৰ বুকুত কোনোধৰণৰ গৱেষণা কৰাৰ কথা এতিয়াও কল্পনাতীত ৷ অদূৰ ভৱিষ্যতে যদি কোনো অত্যাধুনিক প্ৰযুক্তি কৌশলৰ সহায়ত বাৰ্মুডাৰ বুকুৰ ৰহস্য উদ্‌ঘাটন কৰিব পৰা যায় তেন্তে সেয়া হ'ব বিশ্ববাসীৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ এক অভিনৱ উপহাৰ ৷ আমি আশাা কৰিম সেই দিনটো যেন সোনকালেই আহে ৷

নিৰলা ডেকা l

সহঃ শিক্ষয়িত্ৰী ,

কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ।

শিক্ষাখণ্ড - কমলপুৰ।

Post a Comment

0 Comments