header ads

স্বাভিমানী ভাৰতবৰ্ষৰ স্বৰাজৰ ৭৫তম বৰ্ষপূৰ্তি l Assamese Article by Robin Pathak

 স্বাভিমানী ভাৰতবৰ্ষৰ স্বৰাজৰ ৭৫তম বৰ্ষপূৰ্তি


           আগষ্ট মাহটো আহিলেই মনটো কিবা ৰাই - জাই কৰি উঠে । উঠাৰে কথা । কত স্মৃতি বিজড়িত মাহেন্দ্রক্ষণ ক্ষণৰ কালজয়ী সাক্ষী , ইতিহাসৰ পাতেৰে নুৰিয়াই ৰখা হৈছে এই বিশেষ মাহটোত ! এৰা , কত - শত শৌৰ্য - বীৰ্য আৰু ত্যাগৰ মহিমামণ্ডিত কাহিনীৰে ভৰা আছিল পৰাধীন ভাৰতৰ ইতিহাস । ইতিহাসেই আমাক সকলোকে সমানে সোঁৱৰাই দিয়ে  অন্য এক ৰক্তাক্ত অথচ বৰ্ণিল ইতিহাসৰ ৰূপকথা । কত ত্যাগ , কত আহুতি , কত অকথ্য নিৰ্যাতন , কত বেদনাভৰা কৰুণ গাথাৰে ৰিক্ত আছিল ভাৰতৰ সুদীৰ্ঘ স্বাধীনতাৰ সংগ্ৰাম । এটা নহয় দুটাকৈ শতিকাযোৰা নিৰ্মোহ শোষণ । অবিস্ময়কৰ ! আমাৰেই দেশ অথচ আমাৰ ওপৰতেই বিদেশী ফিৰিঙিহঁতৰ ৰুক্ষ চকুৰ চাৱনি । উস্ ! কি এক অসহনীয় অনুশাসন ! অসহ্য , ব্যথাভৰা অনুশাসন !

           প্ৰাক্ স্বাধীনতাৰ কালৰ কথা । সময় আগবাঢ়িছিল গতানুগতিক । সকলোৰে ধৈৰ্যৰ বান্ধ লাহে লাহে সুলকি পৰিছিল । অপেক্ষা মাথো অপেক্ষা । ১৫ আগষ্ট , ১৯৪৭ চন । অৱশেষত সুদীৰ্ঘ দুশ বছৰীয়া ইংৰাজৰ ঔপনিবেশিক শাসনৰপৰা মুক্তি পালে ভাৰতে । দেশ স্বাধীন হ'ল । ঐতিহাসিক লালকিল্লাৰ আকাশত স্বাধীন ভাৰতৰ প্ৰথম পতাকা উৰিল । কিন্তু দেশখন খণ্ডিত হ'ল অনাকাংক্ষিত দুটাকৈ খণ্ডত । এফালে হিন্দুস্থান আৰু আনফালে পাকিস্তান । অন্ত পৰিল এক ক্ৰুৰতাৰে ভৰা পংকিল ইতিহাসৰ । সূচনা হ'ল এক নতুন অধ্যায়ৰ । এৰা ! কত আশা , কত পুঞ্জীভূত উল্লাসৰ সমাবেশ আছিল স্বাধীনতা দিৱসৰ এই বিশেষ দিনটো । অদূৰত শুনিবলৈ পোৱা গৈছিল এক বিজয়ৰ পদধ্বনি । সফলতাৰ জয়ধ্বনি । নিজ মাতৃভূমিৰ আত্মিক সুঘ্ৰাণ । চৌদিশে পাৰভঙা উছাহৰ হৰ্ষোধ্বনি । _ " ভাৰত মাতা কি জয় । বন্দে মাতৰম । শ্বহীদ হামাৰা অমৰ ৰহে _। " হয় , কত অক্লান্ত পৰিশ্ৰম , কত বিনিদ্ৰ ৰজনী , কত নিস্বাৰ্থ ত্যাগৰ বিনিময়ত হস্তগত হৈছে এই প্ৰাপ্য অধিকাৰ । আবাল বৃদ্ধ - বনিতা সমম্বিতে সাক্ষী হৈ ৰ'ল এক কালজয়ী সন্ধিক্ষণৰ । সকলো যেন উটি ভাহি গ'ল উল্লাসৰ সুবৰ্ণ অববাহিকাত । হোৱাৰেইতো কথা ।

          আজি আমি সকলো এখন স্বাধীন দেশৰ নাগৰিক । চাওঁতে চাওঁতে ইংৰাজৰ শাসনৰপৰা মুক্ত হোৱা ৭৫ টাকৈ বছৰ অতিক্ৰম হৈ  গ'ল । সময়ৰ ঢাপত এটা নহয় দুটা নহয় , সাতোটাতকৈও অধিক দশক অতিবাহিত হৈ গ'ল চকুৰ পচাৰতে । সমগ্ৰ দেশে বছৰজোৰা কাৰ্যসূচীৰে  ' আজাদী কা অমৃত মহোৎসৱ ' অতি ধুম-ধামেৰে উদযাপন কৰিলে ।

           বিশ্বৰ একমাত্ৰ বৃহত্তম লোকতন্ত্ৰৰ আজি ১৩০ কোটিৰো অধিক জনসংখ্যা । ড৹ ৰাজেন্দ্ৰ প্ৰসাদ , ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণন , ড৹ কালামকে ধৰি পোন্ধৰজনকৈ ৰাষ্ট্ৰপতিয়ে দিল্লীৰ মছনদৰ শোভা বৰ্ধন কৰিছে । সৌ সিদিনা উৰিষ্যাৰ এগৰাকী সুদক্ষ আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়ানীয়ে পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে দেশৰ বাঘজৰী চম্ভালিছে ।

           আজিৰ সময়ত ভাৰতবৰ্ষৰ নাগৰিকে কি পাইছে বা নাই পোৱা , আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ স্থিতি কি - ইত্যাদি নিযুত ডলাৰৰ প্ৰশ্ন । উন্নয়নশীল দেশৰপৰা উন্নত দেশৰ শাৰীত থিয় হোৱাৰ দৌৰত ধাৱমান হোৱা দেশখনৰ আজি বাৰকুৰি সমস্যা নোহোৱা নহয় । সময়ে সময়ে দেখা দিয়া আভ্যন্তৰীণ অস্থিৰতা আৰু নিৰাপত্তা , বহিঃৰাষ্ট্ৰৰ আগ্ৰাসন আৰু আক্ৰমণৰ সঘন ভাবুকি । সন্ত্ৰাসবাদৰ দম্ভালিবোৰটো আছেই । তথাপি ভাৰতবৰ্ষই উন্নয়নৰ বিভিন্ন মাপকাঠিত বিশ্বৰ বহুতো উন্নত দেশৰ লগত সমানে থিয় হ'বলৈ সমৰ্থ হৈছে । শিক্ষা , প্ৰতিৰক্ষা , প্ৰযুক্তিবিদ্যা , চিকিৎসাসেৱা আদি প্ৰায়বোৰ খণ্ডত ভাৰতৰ স্থিতি আজি স্পষ্টৰূপত দৃশ্যমান । সাম্প্ৰতিক সময়ত ওচৰ - চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰৰ তচ্ নচ্ অৰ্থনৈতিক পৰিস্থিতিৰ বিপৰীতে ভাৰতৰ স্থিতি , বৈদেশিক মুদ্ৰাৰ ভঁৰাল তুলনামূলকভাৱে সন্তোষজনক । এইয়া অতিকে শুভলক্ষণ । 

           ভাৰতবৰ্ষক যুৱ প্ৰজন্মৰ দেশ বুলি কোৱা হয় । কিন্তু এই যুৱ প্ৰজন্মক সম্যক ৰূপত ব্যৱহাৰ কৰিব পৰা হোৱা নাই বা ব্যৱহাৰোপযোগী কৰিবলৈ দেশ এতিয়াও সক্ষম হোৱাহি নাই । যুৱ প্ৰজন্মৰ সংখ্যা আছে পিছে তেওঁলোকৰ উপযুক্ত দক্ষতা নাই । শক্তি আছে কিন্তু প্ৰয়োজনীয় সামৰ্থ নাই । ক্ৰমবৰ্দ্ধমান জনসংখ্যা , বিস্ফোৰিত নিৱনুৱা সমস্যা , পৰিদৃশ্যমান সামাজিক আৰু অৰ্থনৈতিক বৈষম্যতা পানীৰ দৰে স্পষ্ট । দিনক দিনে কোটিপতিৰ সংখ্যা যিদৰে বাঢ়িছে , দৰিদ্ৰৰেখাৰ তলৰ জনসংখ্যাও অনেক গুণে বাঢ়ি গৈ আছে । পোৱা আৰু নোপোৱাৰ ব্যৱধান বাঢ়িয়েই আছে । টুটি গৈ আছে সীমিত প্ৰাকৃতিক সম্পদৰ ভঁৰাল ।

         সেয়ে আমাৰ সকলোৰে আছে অনেক কৰণীয় । আছে অনেক ন - ন চিন্তাৰ অৱকাশ । এক সুসংবদ্ধ আৰু সবল ভাৰত গঢ়িবলৈ চিন্তাৰ অবধি , কামৰ ধৰণ লাগিব । প্ৰথমতে দেশ , তাৰ পাছত দল বা সংগঠন আৰু শেষতহে ব্যক্তি । বিভেদ , শত্ৰুতা , জাতি - ভেদ , উচ্চ - নীচ , ধনী দুখীয়াৰ ব্যৱধান পাহৰি সকলোৱে এক মহান ভাৰত গঢ়াৰ সংকল্প ল'ব লাগিব । স্বজনপ্ৰীতি , দুৰ্নীতি , ক'লা বজাৰ , আপোনপেটীয়া মনোভাব সামৰিব লাগিব । এলাহ নিহালি সামৰি ছাত্র-ছাত্রীসকলে নিজ নিজ পঢ়াত মনোনিৱেশ কৰিব লাগিব । তেওঁলোকৰ পঢ়াশুনাত জ্যেষ্ঠ সকলেও চকু দিব লাগিব । পৰিবেশ সংৰক্ষণত সকলোৱে উচ্চ প্ৰাথমিকতা দিব লাগিব । গছ থাকিলেহে মানুহ থাকিব । প্ৰকৃতি ধ্বংসযজ্ঞ ৰোধ কৰিব লাগিব । কৰ্মমুখী শিক্ষা ব্যৱস্থাত অধিক গুৰুত্ব দিব লাগিব । চৌদিশে আমূল পৰিৱৰ্তন আনিবলৈ সকলোৱে সংঘবদ্ধ আৰু মাৰ বান্ধি থিয় হ'ব লাগিব । এক সুষম আৰু সবল নেতৃত্বৰ সমাহাৰে সুদূৰপ্ৰসাৰী হস্ৰকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনা হাতত ল'ব লাগিব । 

       আমি নিশ্চয় সফল হ'ম । দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ সকলৰ ত্যাগৰ স্বীকৃতি আমি দিব পাৰিম । তেওঁলোকৰ আধৰুৱা সপোন সাকাৰ কৰিম । সেয়ে আমাৰ উঠি অহা প্ৰজন্মৰ দায়িত্ব অধিক । দেশ থাকিলেহে মান থাকিব । মান থাকিলেহে সম্ভ্ৰম থাকিব আৰু সম্ভ্ৰম থাকিলেহে জীৱনৰ সাৰ্থকতা বাঢ়িব । মানুহ নামৰ জীৱ শ্ৰেষ্ঠৰ জীৱন ধৰাৰ সাৰ্থকতা তেতিয়াহে পূৰ্ণ হ'ব ।

ৰবীন পাঠক ।

অৱসৰপ্ৰাপ্ত বেংক বিষয়া ,

বংশৰ , কামৰূপ , অসম

ম'বাইল নং - ৮৮১১০৬০২৮৪



Post a Comment

0 Comments