ৰাষ্ট্ৰীয় একতাত হিন্দী ভাষাৰ গুৰুত্ব
এখন ৰাষ্ট্ৰ বা দেশৰ সৰ্বাঙ্গীণ উন্নতিত এটি সংযোগী ভাষা ( Link Language ) ৰ অতি প্ৰয়োজন । ভাষা অবিচ্ছিন্নভাৱে প্ৰবাহিত বোঁৱতী নদীৰ দৰে ; যিয়ে অনেক স্ৰোতৰ পৰা জলধাৰালৈ নিৰন্তৰ গতিৰে প্ৰবাহিত হৈ আহিছে । এখন ৰাষ্ট্ৰৰ একতা আৰু উন্নতিৰ বাবে এটি সংযোগী ভাষাৰ মহত্ব অতি গুৰুত্বপূৰ্ণ । কাৰণ নিজা ভাষা অবিহনে কোনো দেশেই উন্নতি সাধন কৰিব নোৱাৰে । সেয়েহে আধুনিক হিন্দী ভাষাৰ নিৰ্মাতা বাবু ভাৰতেন্দু হৰিশ্চন্দ্ৰই লিখিছে ― " নিজ ভাষা উন্নতি অহৈ, সব উন্নতি কো মূল / বিনু নিজ ভাষা জ্ঞান কে ; মিটত ন তনকো শূল ।। " এক সংযোগী ভাষা অবিহনে এখন ৰাষ্ট্ৰৰ সৰ্বাঙ্গীণ উন্নতি সাধন হ'ব নোৱাৰে । ভাৰতবৰ্ষ হ'ল সমন্বয়ৰ ৰঙ্গভূমি আৰু দেশখনৰ আদৰ্শই হ'ল এক জাতি, এক প্ৰাণ আৰু ঐক্য-সংহতি । এটি সংযোগী ভাষাইহে এখন দেশৰ মহামিলনৰ সেতু বন্ধাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । ভাষা এনে এটা মাধ্যম যাৰ জৰিয়তে প্ৰত্যেক প্ৰাণীয়ে নিজৰ ভাৱ-চিন্তা আনৰ আগত ব্যক্ত কৰিব পাৰে , ভাৱ বিনিময় কৰিব পাৰে । মহামানৱ মহাত্মা গান্ধীৰ মতে ৰাষ্ট্ৰভাষা হ'বলৈ হ'লে পাঁচটা বৈশিষ্ট্যৰ আৱশ্যক হয় । সেয়া হ'ল :-
(১) যি ভাষা চৰকাৰী বিষয়াই সহজেই বুজিব পাৰে ।
(২) যি ভাষাক সমগ্র ভাৰততে ধৰ্মীয়, অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্কৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিব পৰা যায় ।
(৩) যি ভাষা সমগ্র দেশৰ মানুহে সহজে বুজিব, শিকিব আৰু ক'ব পাৰে ।
(৪) যি ভাষা দেশৰ অধিকাংশ লোকে কয় বা ব্যৱহাৰ কৰে ।
(৫) এনে ভাষা নিৰ্বাচন কৰাৰ সময়ত ব্যক্তিগত স্বাৰ্থ নাৰাখি সামূহিক হিতৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত ।
গান্ধীজীৰ মতে আধুনিক ভাৰতীয় ভাষাবোৰৰ ভিতৰত কেৱল হিন্দী হ'ল এনে এটা ভাষা , য'ত এই আটাইবোৰ গুণ নিহিত হৈ আছে । কোনো এখন ৰাষ্ট্ৰ বা জাতিৰ আত্মাক জগাই তোলাৰ বাবে এটা সংযোগী ভাষা আৰু লিপি অনিবাৰ্য । এইক্ষেত্ৰত বহুতো পণ্ডিত আৰু মনীষীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিছে । পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল – " হিন্দী কা জ্ঞান ৰাষ্ট্ৰীয়তা কো প্ৰোৎসাহন দেতা হেই ঔৰ হিন্দী অন্য ভাষাও কী অপেক্ষা সবসে অধিক ৰাষ্ট্ৰভাষা কে যোগ্য হেই । বিভিন্ন স্থান বিশেষ কী বোলিয়া অপ্ নে অপ্ নে স্থান বিশেষ মে প্ৰমুখ ৰহেগী , কিন্তু ভাৰত কো এক সূত্ৰ মে বান্ধনে কে লিয়ে হিন্দী হী ৰাষ্ট্ৰভাষা হোনা চাহিয়ে । "
ৰাহুল সংস্কৃতায়নে কৈছিল – " কিসী দেশকো একতা কে সূত্ৰ মে বান্ধনে কা সবসে স্থায়ী সুদৃঢ় সাধন উসকী ভাষা হে । "
চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে কৈছিল – " য়দি ভাৰতীয় লোগ কলা, সংস্কৃতি ঔৰ ৰাজনীতি মে একতা ৰহনা চাহতে হেই তো ইসকা মাধ্যম হিন্দী হী হো সকতী হেই ।"
চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল – " ৰাষ্ট্ৰভাষা কৌনো ব্যক্তি য়া প্ৰান্ত কী সম্পত্তি নহী হেই, ইসপৰ সাৰে দেশ কা অধিকাৰ হেই "।
লোকমান্য তিলকে কৈছিল ― " ৰাষ্ট্ৰ কে একীকৰণ কে লিয়ে সৰ্বমান্য ভাষা সে অধিক বলশালী কোই তত্ত্ব নহী হেই । মেৰে বিচাৰ সে হিন্দী হী এসী ভাষা হেই ।"
শ্বেঠ গোবিন্দ দাসে কৈছিল – " দেশ কো এক সূত্ৰ মে বান্ধনে কে লিয়ে এক ৰাষ্ট্ৰীয় ভাষা কী আৱশ্যকতা হেই ।"
ইন্দিৰা গান্ধীয়ে কৈছিল – " দেশ কো একতা কে সূত্ৰ মে আৱদ্ধ কৰণে কী শক্তি কেৱল হিন্দী ভাষা মে হেই ।"
মোৰাৰজী দেশাইয়ে কৈছিল – " হিন্দী কো দেশ মে পৰস্পৰ সম্পৰ্ক ভাষা বনানে কা কোই বিকল্প নহী, অংগ্ৰেজী কভী ভী জনভাষা নহী বন সকতী ।"
ড° সুনীতি চেটাৰ্জীয়ে কৈছিল – " মে হিন্দী কা প্ৰেমী হুঁ । সাংস্কৃতিক জীৱন মে হিন্দী কে মহত্ত্ব কো ভলী-ভালী সমঝতী হুঁ । ভাৰতীয় একতা মে মুখ্য সাধন হিন্দী হী বন চুকী হেই । "
হিন্দী এনে এটা শক্তিশালী আৰু সমৃদ্ধিশালী ভাষা যিয়ে ৰাষ্ট্ৰভাষা আৰু ৰাজভাষাৰ ভূমিকা সফলতাৰে সম্পন্ন কৰি আহিছে । ই ভাৰতবৰ্ষৰ জনভাষা , সম্পৰ্ক ভাষা আৰু সংসৰ্গ ভাষাস্বৰূপ । ই ভাৰতৰ অন্য ভাষাৰ তুলনাত ব্যাপক , উদাৰ আৰু সমন্বয়কামী । এই ভাষাই নানান বৈচিত্রগত সংস্কৃতি আৰু কলাৰ একত্ৰীকৰণত ত্ৰিবেণীৰ ৰূপত কাম কৰি আহিছে । আমাৰ ভাৰতবৰ্ষত ভাৰতীয় সংবিধান পৰিষদে ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে হিন্দী ভাষাক ৰাষ্ট্ৰভাষা হিচাপে ঘোষণা কৰে আৰু তেতিয়াৰপৰাই লক্ষণীয়ভাৱে ইয়াৰ অভূতপূর্ব বিকাশ সাধন হৈ আহিছে । ইয়াৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰপৰা এই ভাষা সাংবিধানিকভাৱে প্ৰয়োগ হৈ আছে আৰু দেৱনাগৰী লিপিত লিখা হিন্দীক আইনসন্মতভাৱে ৰাজভাষা হিচাপে প্ৰয়োগ কৰা হয় । ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰাই ৰাষ্ট্ৰীয় একতাত হিন্দী ভাষাই ( ৰাষ্ট্ৰভাষা ) এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । যিকোনো স্বাধীন ৰাষ্ট্ৰৰ বাবে ৰাষ্ট্ৰীয় গীত , ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰভাষা ( ৰাজভাষা ) অতি মহত্বপূৰ্ণ । গণতান্ত্ৰিক দেশত ইয়াৰ মহত্ব আৰু ভূমিকা অতি বেছি । ই জনগণৰ মাজত ঐক্য, শান্তি , সম্প্ৰীতি আৰু দেশপ্ৰেম অক্ষুণ্ণ কৰি ৰাখে । হিন্দী ভাষাই ভাৰত ভূমিত সেই ভূমিকা পালন কৰি আহিছে । হিন্দী ভাষাৰ মহান উদ্দেশ্যই হ'ল ― ভাৰতবৰ্ষ এক হৈ থাকক , অবিভাজ্য হৈ থাকক , ৰাষ্ট্ৰীয় একতা বৰ্তি থাকক আৰু ৰাষ্ট্ৰৰ সৰ্বাঙ্গীণ উন্নতি হওঁক ।
তাৰিণীচৰণ কলিতা।
অৱসৰপ্ৰাপ্ত অধ্যাপক,
ছয়গাঁও মহাবিদ্যালয় l
0 Comments