header ads

সঙ্গ l Assamese Microstory by Abala Baishya

 সঙ্গ


            এই ল’ৰাটোক লৈয়ে চিন্তা ; হৰেণৰ ঘৰত সি কি মোহন ভোগ পায় মই নাজানোঁ ।

বোৱাৰী , কিনো ভোৰ-ভোৰাই থাকা , সিনো কি বুজি পোৱা হৈছে ? 

 চুবুৰীয়া মানুহৰ ল’ৰা-ছোৱালীৰ মাজত অহা-যোৱা , খেলা-ধূলা থাকিবই ।‍ দুখীয়া হ'লেও হৰেণৰ ল’ৰা-ছোৱালীকেইটা সৎ , কৰ্মী আৰু জ্ঞানী ।

 সৎ সঙ্গই মানুহক সৎ হ'বলৈ শিকায় ।

 বৰকৈ গালি-গালাজ কৰি থাকিলে শিশু বেয়াহে হয় ।

 ' মা '

বকুলীৰ চকুত চকুপানী ।

অৱলা বৈশ্য l

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,

পি-কে-চি হাইস্কুল l

শিক্ষাখণ্ড : ছমৰীয়া l

Post a Comment

0 Comments