header ads

কৰ্মৰ গীত ( শিশু কবিতা) l Assamese Poem by Amir Hussain Ahmed

    কৰ্মৰ গীত   ( শিশু কবিতা)


কৰ্ম আমাৰ ধৰ্ম         বুজোঁ তাৰ মৰ্ম

          কৰ্মক আমি পূজা কৰোঁ ,

আকাশত উৰিম         জগত জিনিম

           যদি সময়ত শৰ মাৰোঁ ৷


হিমালয় বগাম           সাগৰ সাঁতুৰিম

           ধমনীত তেজৰ শক্তি ,

কৰ্মৰ দুই হাত            নাশিম সংঘাত

           ঐক্যৰে কৰিম উন্নতি ৷


দেশৰ স্বাধীনতা         অটুট ৰাখোঁতা

           আমিয়ে মানৱ সম্পদ ,

আমি হ'ম কৃষক         শ্ৰমিক বণিক

           নাশিম দেশৰ বিপদ ৷


প্ৰথমতে শিক্ষা           গুৰুৰ ল'ম দীক্ষা

            প্ৰতিজ্ঞা হ'ব কৰ্মমুখী ,

কৰ্মতে সুখ্যাতি           যুগজয়ী কিৰীটি

            স্ব-নিৰ্ভৰে কৰিব সুখী ৷


কৰ্ম প্ৰিয়সকলে          থাকে শ্ৰমৰ ফালে

              অকামিলাক ঘিণ কৰে ,

নিজৰ কৰ্ম কৰি          সত্য পথত ঘূৰি

              জীৱন জুখিবা কৰ্মৰে ৷


কৰ্মতে প্ৰেৰণা            উন্মাদনা শাত্বনা

               কৰ্মই জয় কৰে চিত ,

মৌ মাখিৰ দৰে           শ্ৰমৰ মৰ্যাদাৰে

               নিতৌ গাবা কৰ্মৰ গীত ৷

আমিৰ হুছেইন আহমেদ l

অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ,

প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুল ,

শিক্ষাখণ্ড - ছমৰীয়া l

Post a Comment

0 Comments