শৰৎ আগমনি
শৰৎ মানেই যেন শুকুলা আকাশ
শৰৎ মানেই যেন তলসৰা শেৱালি
শৰতেই আনে শুভ্ৰ কুঁৱলী
শৰতেই আনে মহিষাসুৰ সংহাৰিনী ।
এছাটি শীতল মলয়াই বাতৰি দিয়েহি
নিয়ৰ আৰু কুঁৱলীৰ ...
সোণত সুৱগা চৰে গছ - বন - পাতত ,
মুকুতা মণি যেন নিয়ৰৰ টোপালত ।
শুভ্ৰ আঁচল উৰুৱাই ,
কুঁৱলীয়ে দিয়েহি শান্তি বিলায় ,
স্নিগ্ধ শেৱালিৰ সুবাসে
মন - প্ৰাণ জুৰ পেলায় ।
ধৰাক সৰগ ৰূপে শৰতেই সজায়
এক নৱ ৰূপত –
অতি আলফুলে ,
সেয়ে ভাল পাওঁ সুখময় শৰৎ ―
শুকুলা মেঘ , শেৱালি , নিয়ৰৰ স'তে কুঁৱলী ।
দিপিকা কলিতা l
সহকাৰী শিক্ষয়িত্ৰী,
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় l
শিক্ষাখণ্ড : ছমৰীয়া, কামৰূপ l
0 Comments