পথাৰখন
মোৰ চেতনাৰ অমল উপত্যকাত ―
পথাৰখন ― একাঁচল পোহৰ , এধানি সুখ
সহোদৰৰ দৰে কলিজাতে বান্ধ খাই থাকে
ওৰে দিন , ওৰে ৰাতি ―
ওমলা দিনৰ অকৃপণ লগৰীয়া ― পথাৰখন ।
শৈশৱতে বন্ধুত্বৰ সুদৃঢ় দুহাত আগবঢ়াই
পথাৰেই শিকাইছিল -- উদাৰতা আৰু বিশালতাৰ সংজ্ঞা
তেতিয়াৰে পৰা পথাৰ মোৰ প্ৰিয়বন্ধু – প্ৰিয়তম কবিতা ।
শব্দ-বৰ্ণ-শইচেৰে বিনন্দীয়া ।
প্ৰাচুৰ্যৰ অন্য নাম ― পথাৰ
আমাৰ আশাৰ সুৱাগী থলী
গৰখীয়া গীত শুনি টোপনি যোৱা
খৰালিৰ পথাৰখনত ―
ন-পানী পাই ব'হাগে গা ধোৱে ।
বাৰিষাৰ গধূলি দীঘলঠেঙীয়াৰ সাধু শুনি
বৰষুণে গীত জুৰে ওৰেটো ৰাতি --
পথাৰখন সাগৰ হয় ―–
পাতগাভৰু সুহুৰি এটাই পানী ভাঙি সাঁতুৰি ফুৰে ।
আবেলিৰ বেলি ঘৰমুৱা হ'লে
আলি ঢাকি বগলীয়ে সবাহ পাতে ...
বোকা-পানীত একাঁঠুৱা হৈ শাওণ আহে ―
জীয়া সপোন একোটাই পোখা মেলে
সৰু সৰু মানুহৰ আশাবোৰ নূপুৰৰ সুৰ হয় ―
ৰুণুক জুনুক .....
আহিনৰ সেউজীয়া বতাহ এছাটিয়ে আঘোণক ৰিঙিয়াই মাতে ―
আমোল-মোল শেৱালিৰ পদূলিৰে সোণামুৱা আঘোণে বাট বুলে ।
পথাৰখনে খিল্ খিলাই হাঁহে ...
চোতালত এচোতাল ৰ'দ ... মুখবোৰ পোহৰ পোহৰ
ধানৰ পথাৰত আঘোণৰ বিনন্দ বিলাস ।
পথাৰখন মোৰ -
কলিজাত বাজি থকা আধৰুৱা গানৰ বন-বিহগী সুৰ ....।
পূৰবী চুতীয়া l
সহঃ শিক্ষয়িত্ৰী,
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা l
শিক্ষাখণ্ড : ৰামপুৰ , কামৰূপ ।
0 Comments