header ads

ৰঙা - ক'লা খেল l Assamese Poem by Siddhartha Kumar Sarma

 ৰঙা - ক'লা খেল

108 ৰ চাইৰেণত

বাজি উঠে দুখৰ খবৰ ...

হাস্পতালৰ চাৰি বেৰৰ মাজত

সপোন-দিঠকৰ ভঙা-পতাৰ খেল ... জীৱনৰ ।

বগা কোট পিন্ধা মানুহৰ

খোজ বোৰ দীঘল হয় ..

বন্ধ কোঠাৰ ফালে ৷

বাহিৰত জ্বলি ৰোৱা

ৰঙা লাইটে 

হিচাপ কৰে জীৱন-মৰণৰ ―

সৰু সৰু মানুহৰ তেজৰ

দাম নাই ।

চকুপানী মচি মচি

ভাবে যে তাই !

কপালখন উকা হ'লে

পোনাটো নাহিব ,

বুকুখন আধৰুৱা হৈ ৰ'ব


চাইৰেণ বজাই নাহিলে 

সি , সি হৈয়েই আহিব 

ৰঙা ফোঁটে কথা ক'ব ,

পোনাটোও আহিব ―

বুকুখন উলাহে নধৰা হ'ব ।


সিদ্ধাৰ্থ কুমাৰ শৰ্মা।

চি.আৰ.চি.চি.

তিতকুছি (ক) মণ্ডল সমল কেন্দ্ৰ ।

Post a Comment

0 Comments