মণিমালাৰ সপোন
মণিমালাই সপোনত ফুৰিব খুজিলে
ঘৰৰ হাঁহজনীচোন ওচৰলৈ আহিলে !
" উঠা , উঠা মণিমালা , মোৰেই পিঠিত ,
দুয়ো গৈ ফুৰি আহোঁ চম্পাৱতীত ।। "
জাঁপ মাৰি মণিমালা পিঠিত উঠিল ,
মেঘৰ বুকুৱেদি দুয়ো উৰি গৈ থাকিল ।
পাহাৰ - পৰ্বতে আগুৰা বিশাল পথাৰ ,
গছ - গছনিৰে ভৰা সেউজীয়া ধৰা সুন্দৰ ।।
সোঁমাজত আছে এটি বিশাল পুখুৰী ,
সকলোৱে কয় , সেয়াই চম্পাৱতী ।
মাছ আৰু হাঁহৰ খেল-ধেমালি ,
দেখি বৰ ভাল লাগিল মণিমালাজনীৰ ।।
চম্পাৱতীৰ পাৰত মণিমালা বহিল ,
হাঁহজনী গৈ পানীত নামিল ।
সমনীয়া হাঁহৰ লগত সখা পাতিলে ,
মণিমালাই মাছৰ লগত খেলিবলৈ ল'লে ।।
" উঠা , মাজনী ৰাতিপুৱা হ'ল ,
স্কুললৈ যোৱাৰ সময় হ'ল "_
মাকৰ মাতত মণিমালাৰ টোপনি ভাগিল ,
পুৱাৰ বেলিটোৱে ক'লে " সপোন ভাগিল ।"
চুইটি বেজবৰুৱা ,
জিলা আঁচনি বিষয়া ( বিকল্প শিক্ষা আৰু মাধ্যমিক শিক্ষা )
সমগ্ৰ শিক্ষা , কামৰূপ l
0 Comments