header ads

বিজ্ঞানৰ ইটো - সিটো l Pallabi Pathak

 বিজ্ঞানৰ ইটো - সিটো


মহৰ কথা জানো আহা --

১. কেৱল মাইকী মহে আমাক কামোৰে । আমাৰ তেজত থকা এক বিশেষ প্ৰ'টিনে মহৰ কণীৰ বৃদ্ধিত সহায় কৰে ।‌

২. পৃথিৱীত প্ৰায় ৩,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ মহ পোৱা যায় ।

৩. মহৰ জীৱন কাল দুমাহতকৈও কম ।

৪. মহবোৰ সাধাৰণতে শীতলৰক্তী প্ৰাণী । শৰীৰৰ উষ্ণতাৰ ক্ষেত্ৰত মানুহতকৈ ইহঁত কিছু ক্ষেত্ৰত বেলেগ হয় । জাৰকালিৰ দিনবোৰত ইহঁতে নিজকে শীতনিদ্ৰাত ৰাখে আৰু শৰীৰৰ উষ্ণতা বজাই ৰখাৰ চেষ্টা কৰে । গৰমৰ দিনত সেয়ে বেছিকৈ মহবোৰ ওলোৱা দেখা যায় । 

  ৫. মহে জন্মৰ প্ৰথম ১০ দিন পানীতেই থাকে । কণী ফুটি পোৱালি মহবোৰ ওলোৱাৰ সময়ছোৱাত মহৰ বাবে অতি প্ৰয়োজনীয় হয় পানী । কণী ফুটি ওলোৱা পোৱালি মহবোৰ যাক লাৰভা ( larvae) বুলি কোৱা হয় , ইহঁতে প্ৰথম অৱস্থাত স্থিৰ পানীত থকা জৈৱিক উপাদানসমূহকে আহাৰ হিচাপে গ্ৰহন কৰে ।

 ৬. মাইকী মহে এবাৰত ৩০০ টা লৈকে কণী পাৰে । মাইকী মহে মৰাৰ আগলৈকে তিনিবাৰলৈ কণী পাৰে।‌

  ৭. মহে ইয়াৰ শুঙৰ সহায়ত তেজ শুঁহি লয় । মাইকী মহক কণী পাৰিবলৈ এই তেজৰ প্ৰয়োজন হয় ।

  ৮. মহক এবিধ পৃথিৱীৰ ভিতৰতে মাৰাত্মক জীৱ বুলি কোৱা হয় , যিয়ে মাৰাত্মক ৰোগ ইজনৰ পৰা সিজনলৈ বহন কৰে । মহে মেলেৰিয়াৰ দৰে ভয়ানক ৰোগ বিয়পায় যিয়ে গোটেই পৃথিৱীতে প্ৰায় ৩০০ মিলিয়ন লোকক আক্ৰান্ত কৰিব পাৰে । 

   ৯. মহে ৭৫ ফুট আঁতৰৰপৰাই কাৰ্বন ডাই অক্সাইড গেছবিধ চিনাক্ত কৰিব পাৰে । কাৰ্বন ডাই অক্সাইড গেছ বিশেষকৈ মানুহে আৰু অন্য প্ৰাণীয়ে নিশাহত এৰি দিয়ে । মহে এই কাৰ্বন ডাই অক্সাইডৰ সহায়তেই নিজৰ খাদ্য বিচাৰি লয় । 

  ১০. মহে যেতিয়া আমাৰ শৰীৰত কামোৰে আৰু শৰীৰৰপৰা তেজ শুঁহি লয় , তেতিয়া তাৰ লালটিৰ কিছু অংশ আমাৰ শৰীৰত এৰি দিয়ে । এই লালটিয়ে আমাৰ শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰে আৰু কামোৰাৰ ঠাইডোখৰ উখহি ৰঙা পৰি যায় ।

সংগ্ৰহ :-   পল্লবী পাঠক l

সহঃ শিক্ষয়িত্ৰী , বিজ্ঞান l

শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়।

শিক্ষাখণ্ড :- ছয়গাঁও

Post a Comment

0 Comments