সাঁথৰ
১ ) মাটিৰ তলৰ বগা বুঢ়ী , সাজ পিন্ধে কুৰি কুৰি -
- নহৰু ।
২ ) নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল ,
বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল -
- পূজাৰ প্ৰতিমা ৷
৩ ) কাণত ধৰি নাকত বহে -
- চশমা ।
৪ ) টুপ টুপ টুপলি পানী পালে মুকলি -
- জাল ।
৫ ) গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয় -
- যঁতৰ ৷
ফাৰহিন আখতাৰ l
শ্ৰেণী - পঞ্চম l
১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয় l
শিক্ষাখণ্ড - ছমৰীয়া l
0 Comments