header ads

সম্পাদকীয় l ৩য় বছৰ ১ম সংখ্যা

 সম্পাদকীয়


" If God had so wished, he would have

made all Indians speak with one language ...

The unity of India has been and

shall always be a unity in diversity . "

- Rabindranath Tagore


          আমাৰ ভাৰতভূমি কেৱল প্রাকৃতিক দৃষ্টিকোণৰ পৰাই বৈচিত্র্যময় নহয় , ভাষা-সংস্কৃতিৰ ক্ষেত্রতো বৈচিত্র্যৰ বৰণীয়া মেলা । ভাষা মানুহৰ কেৱল ভাৱ প্রকাশ বা যোগাযোগৰ মাধ্যমেই নহয় ভাষা এটা জাতিৰ দাপোন , সভ্যতা-সংস্কৃতিৰ উত্তৰণৰ সোপান । এটা জাতিৰ প্রথম পৰিচয় তেওঁলোকৰ ভাষা । স্বাধীনতাৰ ৭৫ বর্ষ অতিক্রম কৰা ভাৰতবৰ্ষৰ সুপ্রাচীন ভাষা সংস্কৃত হ'লেও দ্বিতীয় জনবহুল গণতান্ত্রিক ৰাষ্ট্রখনৰ জনসাধাৰণৰ মাজত প্রায় ১৫০০ টা ভাষা-উপভাষাৰ প্রচলন আছে । স্বাধীনতাৰ পৰৱর্তী সময়ত ২২টা আঞ্চলিক ভাষাক স্বীকৃতি প্ৰদান কৰাৰ উপৰিও ভাৰতীয়  সংবিধান সভাই ১৭ অধ্যায়ৰ ৩৪৩ নং অনুচ্ছেদত হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে । বৃহৎ দেশখনৰ অধিকাংশ লোকেই এই ভাষাটো ব্যৱহাৰ কৰা আৰু সহজ বোধগম্যতাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে এই স্বীকৃতি প্ৰদান কৰা হৈছিল । বিভিন্ন ক্ষেত্রত বিভিন্নতা বা অনৈক্য থকা স্বত্বেও ভাৰতীয়লোকৰ মাজত এক সামূহিক জাতীয় চেতনা প্রবাহিত হৈ আছে , যিটো প্রত্যক্ষ কৰি পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতবর্ষক ' অনৈক্যৰ মাজত ঐক্যৰ দেশ ' বুলি অভিহিত কৰিছিল । ৰাষ্ট্রীয় ভাষা হিচাপে ভাৰতবর্ষৰ কোনো ভাষা নাই , কিন্তু চৰকাৰী ভাষা হিচাপে হিন্দীক আগস্থান দিয়া হৈছে । লগতে ইংৰাজী ভাষাকো দ্বিতীয় চৰকাৰী ভাষা হিচাপে গণ্য কৰা হৈছে । কাৰণ আমাৰ দেশখন ইংৰাজী ভাষা ব্যৱহাৰকাৰী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ । ভাৰতবৰ্ষৰ উত্তৰ আৰু মধ্য অংশৰ জনসাধাৰণে ঘাইকৈ হিন্দী ভাষা ব্যৱহাৰ কৰে কিন্তু দক্ষিণ আৰু পূব অংশৰ লোকসকলে নিজৰ আঞ্চলিক ভাষা ব্যৱহাৰতহে প্রাধান্য দিয়া দেখা যায় । স্বাধীনতাৰ পিছৰে পৰা গঠিত কেন্দ্ৰীয় চৰকাৰসমূহেও হিন্দীক ভাৰতৰ এক উমৈহতীয়া ভাষা হিচাপে প্রতিষ্ঠা কৰিবলৈ বিভিন্ন কার্যপন্থা হাতত লৈ আহিছে । বর্তমান কার্যনিৰ্বাহ কৰি থকা বিজেপি চৰকাৰেও হিন্দী ভাষাক অধিক গতিশীল কৰাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছে। শেহতীয়া ভাৱে হিন্দী দিৱসৰ চুৰাট সম্মিলনত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে ভাষণ প্রসঙ্গত কয় যে , হিন্দী ভাষা প্রতিযোগী বা প্ৰতিদ্বন্দী ভাষা নহয় ,  বৰং দেশৰ অন্য আঞ্চলিক ভাষাসমূহৰ বন্ধুহে । প্রতিটো ভাষাৰ বিকাশৰ বাবে হিন্দীয়ে পাৰস্পৰিক সহযোগিতাৰ মানসেৰে কাম কৰি আছে । তেওঁ লগতে উল্লেখ কৰে যে হিন্দীয়ে সমগ্র দেশক চৰকাৰী ভাষা হিচাপে একতাৰ ডোলেৰে বান্ধি ৰাখিছে । হিন্দী দেশৰ সকলো ভাষাৰ বন্ধু । ইয়াৰ সৰলতা , স্বতঃস্ফূর্ততা আৰু সংবেদনশীলতাই সকলোকে আকর্ষণ কৰে । ভাৰতবর্ষৰ কিছু কিছু ঠাইত বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সময়ে সময়ে এই ভাষাটোক মান্যতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি আহিছে । তথাপি দেশখনৰ সিংহভাগ লোকে আন্তৰিকতাৰে এই ভাষা ব্যবহাৰ কৰি ভাষাটো সমৃদ্ধ কৰাত অৰিহণা যোগাইছে । লগতে দেশখনৰ বিভিন্ন প্রান্তত প্রচলিত আঞ্চলিক ভাষাসমূহৰ সহাৱস্থান তথা বিকাশৰ বাবে এক সমন্বয়কাৰী ভাষা হিচাপে হিন্দীয়ে এক গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে । সেয়ে প্রতিবছৰে ১৪ ছেপ্তেম্বৰ দিনটো ' হিন্দী দিৱস ' ৰূপে উদযাপিত হৈ আহিছে আৰু ভাৰতবৰ্ষৰ ভাষিক বিচিত্ৰতাৰ মাজত ঐক্যৰ সেতু হিচাপে হিন্দী ভাষাক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ইয়াতে নিহিত হৈ আছে ।



নয়ন মণি দাস         পূৰবী চুতীয়া             মালব্য দাস

সম্পাদক                 সহঃ সম্পাদক          সহঃ সম্পাদক






Post a Comment

0 Comments