ছয়গঞা উপভাষাৰ চমু আলোচনা ( সপ্তম খণ্ড )
ছয়গাঁৱৰ গাৰো ভাষা
গাৰোসকল অসমৰ কামৰূপ জিলাৰ দক্ষিণ সীমান্তত বসবাস কৰি আহিছে । তেওঁলোকৰ প্ৰব্ৰজন ইতিহাস আৰু লোককথাই এই বসবাসৰ কথাও বহন কৰিছে । এই জিলাত বসতি স্থাপন কৰা গাৰোসকলৰ মুঠ জনসংখ্যা প্ৰায় ২৯,১২৪ ( নথিভুক্ত নকৰা পৰিসাংখ্যিক প্ৰতিবেদন )। গাৰো বসতিপ্ৰধান অঞ্চলবোৰক পাঁচটা কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । অৰ্থাৎ (১) জয়পুৰ কেন্দ্ৰ , (২) হাহিম কেন্দ্ৰ , (৩) গোহালকোনা কেন্দ্ৰ , (৪) শান্তিপুৰ কেন্দ্ৰ আৰু (৫) উকিয়াম কেন্দ্ৰ । ২০১১ চনৰ লোকপিয়ল অনুসৰি ছয়গাঁৱত প্ৰায় ছয় হাজাৰ গাৰোলোকৰ বসতি । এই লোকসকলৰ মাতৃভাষা গাৰো । গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা । এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা । মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে । ছয়গঞা গাৰো সকলে তেওঁলোকৰ চুবুৰীয়া পাতিৰাভা বা আন অসমীয়া লোকৰ সৈতে বৰ্তমান ভঙা অসমীয়াতেই কথা পাতে । কিন্তু কিছুবছৰ আগলৈ এই অঞ্চলৰ শিক্ষিত লোক সকলে মান্য অসমীয়াত অথবা শিৱসাগৰ অঞ্চলত ব্যৱহৃত কথিত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিছিল । তাৰ মূল কাৰণ আছিল বৃটিছৰ সময়ত অসম - মেঘালয় অঞ্চলত খৃষ্টান মিছনেৰী সকলে ধৰ্ম বিস্তাৰৰ অৰ্থে শিক্ষাক অগ্ৰাধিকাৰ দিছিল । এই অঞ্চলৰ স্থানীয় মানুহক শিৱসাগৰৰ মিছনত শিক্ষকৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল । শিৱসাগৰৰ কথিত অসমীয়া ভাষাটোৱেই প্ৰশিক্ষণপ্ৰাপ্ত গাৰো যুৱক সকলৰ শিক্ষাদানৰ ভাষা হৈ পৰিছিল আৰু চুবুৰীয়া অসমীয়াভাষীৰ সৈতে সেই অসমীয়া ভাষাতেই কথোপকথন কৰিছিল । ছয়গাঁও অঞ্চলত প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল খৃষ্টান মিছনেৰী সকলে , সেই বিদ্যালয় খনত গাৰো যুৱক সকলে শিক্ষাদান কৰিছিল বুলি তথ্য পোৱা যায় । দক্ষিণ কামৰূপীয়া ভাষাটোৰ কথন শৈলী সুকীয়া যদিও গাৰো লোকসকলে তেওঁলোকৰ নিজা দোৱানতেই তেওঁলোকৰ মাজত কথা পাতে । অসমীয়া ভাষীৰ সৈতে সংমিশ্ৰণৰ যোগেদি বহু অসমীয়া শব্দ গাৰো ভাষাত সোমাইছে ।
ভাষাৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ আটাইতকৈ সহজ উপায় হ'ল দুয়োটা ভাষাৰ উমৈহতীয়া শব্দভাণ্ডাৰ বিচাৰি উলিওৱা । এই উমৈহতীয়া শব্দভাণ্ডাৰৰ ভিতৰত আমি ঋণৰ শব্দবোৰ ( loan word ) জানিব পাৰো , যি অৱশেষত প্ৰভাৱশালী বা সাধাৰণভাৱে ব্যৱহৃত ভাষাটো দেখুৱায় । গাৰোসকলৰ চুবুৰীয়া সম্প্ৰদায়বোৰৰ বেছিভাগ মানুহৰ সৈতে বাণিজ্যিক সহবাস তেওঁলোকৰ নেতাসকলৰ জৰিয়তে কৰা হৈছিল যিসকলে সমভূমিত ব্যৱহৃত ভাষাৰ অলপ বুজিব পাৰিছিল । এই নেতাসকলৰ জৰিয়তে শব্দবোৰ নিশ্চয় গাৰো ভাষালৈ প্ৰৱেশ কৰিছে । কেতিয়াবা ব্যৱসায়ীসকলৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰাও কিছু শব্দ গ্ৰহণ কৰা হ'ব পাৰে । অৱশ্যে , ' বজাৰ ' বা ' হাট ' সমূহ আছিল একমাত্ৰ স্থান য’ত আন ভাষাৰ শব্দ ধাৰ কৰা হৈছিল ।
একেদৰে , বিভিন্ন সময়ত কথোপকথনৰ জৰিয়তে প্ৰতিদিনে ব্যৱহাৰ কৰা বহুতো শব্দভাণ্ডাৰ গাৰো ভাষাত প্ৰবিষ্ট কৰা হৈছে । সুখ আৰু অসন্তুষ্টিৰ সাধাৰণ অনুভূতি প্ৰকাশৰ বাবে গাৰোত কোনো শব্দ নাছিল আৰু সেয়েহে ' চুক ' আৰু ' ডুক ' অৰ্থাৎ ' সুখ ' আৰু ' দুখ ' শব্দ দুটা গ্ৰহণ কৰা হৈছিল । যেনতেন ( যেনেতেনে ) , যতনকৱে ( যত্ন ) , বেৱাল ( বেহাল ) , কেৱা ( নাৱৰীয়া ) আদি শব্দও স্থানীয় অসমীয়া ভাষাৰ পৰাই সোমোৱা ।
কৃষিৰ খাদ্য বা পাচলিৰ নামবাচক শব্দ -
ছয়গঞা গাৰো মুল ছয়গঞা মান্য অসমীয়া
ডাবা ডাব ডাব ( নাৰিকল )
ৰচিন ৰহুন/নেহুৰ জৰি - বড় নহৰু
জিংকা জিকা জিকা
লেবু লেবু নেমু
আন কিছুমান শব্দ অসমীয়াৰ পৰা গাৰো ভাষালৈ সোমাইছিল , ছয়গঞা গাৰো লোক সকলৰ মাজতো তেনেকুৱা ব্যৱহৃত শব্দ কিছুমান হ’ল -
ছয়গঞা গাৰো মুল ছয়গঞা মান্য অসমীয়া
বকা বগা বগা
চাক্কোল চাকৰ চাকৰ
যঞ্জা যজা যমজ
টিক ঠিক ঠিক
নাগ্ৰা নাগাৰা নাগাৰা
তাবিছি তাবিজ তাবিজ
গাৰো সকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ আগমনৰ পিছৰে পৰা গাৰো ভাষাই যোগাযোগৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । সেই অনুসৰি কাৰ্যকৰী হোৱাৰ বাবে নতুন নতুন শব্দৰ প্ৰয়োজন আছিল । সেয়েহে এনে পৰিস্থিতিত অঞ্চলটোত ব্যৱহৃত অন্যান্য ভাষাৰ শব্দ গ্ৰহণ কৰিব লগা হৈছিল , যিখিনি পিছলৈ তেওঁলোকৰ মুখত থাকি গ’ল আৰু বাইবেল ৰচনাৰ কাৰণে ব্যৱহৃত হৈছিল । এই শব্দসমূহ গাৰো ভাষাত মান্য ভাষাৰ ৰূপ পালে । ছয়গঞা বহুতো শব্দসম্ভাৰো এনেকৈ দক্ষিণ কামৰূপ বা ছয়গাঁৱৰ গাৰো লোক সকলৰ মাজত শিপালে ।
ছয়গঞা গাৰো মুল ছয়গঞা মান্য অসমীয়া
বলি বলি বলি
চলন চলন চাল - চলন
বেজী বেজী বেজী
দল দেউল দৌল
( আগলৈ ... )
দীপাংকৰ ঠাকুৰীয়া ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ।
গৱেষণাৰ বিষয় - লোক সংস্কৃতি ।
0 Comments