header ads

তত্বাৱধায়কৰ একলম l জ্ঞানম্ ৩য় বৰ্ষ ১ম সংখ্যা

 তত্বাৱধায়কৰ একলম


 " জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক । জীৱনে শিকায় সময়ক সঠিক ভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ । " ― ড° এ পি জে আব্দুল কালাম ।

         লেখাৰ আৰম্ভণিতে শৈক্ষিক গোট , জ্ঞানম্, কামৰূপৰ তৰফৰপৰা সমূহ পঢ়ুৱৈ সমাজ , সাহিত্যপ্ৰেমী , লেখক , বিষয়া-কৰ্মচাৰী , শুভাকাঙ্খী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক শ্ৰদ্ধা আৰু মৰম নিবেদিছোঁ ।

        ' বিদ্যাঞ্জলি' ― ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ শিক্ষাৰ গুণগত মান বৃদ্ধি আৰু বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ এক অভিনৱ প্ৰয়াস ।

          শিক্ষানুষ্ঠানত সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ  জৰিয়তেহে বিদ্যালয় একোখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱ । অন্য সামাজিক অনুষ্ঠানৰ দৰে বিদ্যালয়ত এক সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সমাজৰ দায়িত্ব অধিক । সমাজ তথা স্থানীয় ৰাইজে সামূহিক দায়বদ্ধতা উপলব্ধি কৰি সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ জড়িয়তে বিদ্যালয়খনত স্বেচ্ছাই সেৱা /কাৰ্যকলাপ / অৱদান আগবঢ়াই শৈক্ষিক উত্তৰণত অৰিহণা যোগাব পাৰিলেহে বিদ্যালয়খনৰ  সামগ্ৰিক উন্নয়নৰ লগতে শিক্ষাৰ গুণগত মান বৃদ্ধি সম্ভৱ হ’ব ।

         উপৰোক্ত লক্ষ্য আগত ৰাখিয়ে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে ' বিদ্যাঞ্জলি ২.০ ' শীৰ্ষক এক অভিনৱ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।  ৰাষ্ট্ৰীয় শিক্ষানীতি ― ২০২০ ৰ কাৰ্যক্ৰমণিকাৰ লগত সংগতি ৰাখি শিক্ষাৰ মান উন্নয়নৰ এই প্ৰয়াসত সমাজৰ সৰ্বস্তৰৰ স্বেচ্ছামূলক অংশগ্ৰহণ , সেৱা , অৱদান , শৈক্ষিক সমৰ্থন , বিদ্যালয়ত প্ৰয়োজনীয় বিভিন্ন সা-সুবিধা , সামগ্ৰী , সম্পদ , সা-সৰঞ্জাম প্ৰদান আদি ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা পালন কৰাৰ লগতে বিদ্যালয়খনক সৰ্বাঙ্গ-সুন্দৰ কৰি গঢ়ি তোলাত শক্তি যোগাব । 

         বিদ্যাঞ্জলি আঁচনিৰ জড়িয়তে বিদ্যালয়সমূহত সমাজৰ দায়িত্বশীল ব্যক্তি , প্ৰতিষ্ঠান , স্বেচ্ছাসেৱী অনুষ্ঠান , শিক্ষানুৰাগী ব্যক্তি , সমাজকৰ্মী , শিক্ষক , অৱসৰপ্ৰাপ্ত শিক্ষক / শিক্ষাবিদ / চৰকাৰী বিষয়া-কৰ্মচাৰী , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , বিভিন্ন বৃত্তিত জড়িত যুৱক-যুৱতী , বিদ্যালয় পৰিচালনা সমিতি আদিয়ে  শৈক্ষিক সমৰ্থনৰ লগতে স্বেচ্ছাসেৱক হিচাপে প্ৰয়োজনীয় সেৱা / দান / বৰঙনি / অৱদান আগবঢ়াব পাৰিব । বিদ্যালয়খনত  সমাজৰ স্বেচ্ছাই অংশগ্ৰহণ আৰু অৱদান নিশ্চিত কৰিবলৈ সমাজ /স্বেচ্ছাসেৱকসকলৰ জ্ঞান আৰু দক্ষতাৰ ভাগ-বতৰা কৰাৰ পৰিবেশ সৃষ্টি  কৰাৰ লগতে তেওঁলোকে আগবঢ়াব বিচৰা সেৱা / কাৰ্যকলাপ / অৱদান আদিত অংশগ্ৰহণ কৰিব পাৰিব । এই ক্ষেত্ৰত  তেওঁলোকে সামগ্ৰী / সম্পদ / সেৱা / অৱদান আগবঢ়াবলৈ নিজৰ পচন্দৰ বিদ্যালয়খনৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব ।

          বিদ্যাঞ্জলি আঁচনিখনৰ ৰূপায়নৰ ক্ষেত্ৰত ' Vidyanjali 2.0 ' প'ৰ্টেলত প্ৰথমে বিদ্যালয় আৰু স্বেচ্ছাসেৱক সকলে পঞ্জীয়ন কৰিব লাগিব । নিৰ্দেশনাত উল্লেখিত ধৰণে প্ৰয়োজনীয় তথ্যসমূহ পূৰ কৰিব লাগিব আৰু বিদ্যালয়খনে স্বেচ্ছাসেৱকে প্ৰেৰণ কৰা যোগাযোগ নম্বৰৰ সহায়ত বাৰ্তালাপ কৰি প্ৰস্তাৱিত অৱদান সম্পৰ্কে সবিশেষ জানি লব আৰু স্বেচ্ছাসেৱকৰ লগত বিদ্যালয়খনে নিৰ্ধাৰিত কৰি দিয়া সময় অনুসৰি স্বেচ্ছাসেৱকৰ অৱদান আগবঢ়াব পাৰিব ।

         বিদ্যাঞ্জলি প'ৰ্টেলত উপলব্ধ আঁচনিখন ৰূপায়ণৰ নিৰ্দেশাৱলী অনুসৰি স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ দক্ষতা আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি  তলত উল্লেখিত ধৰণে সেৱা / কাৰ্যকলাপ / অৱদানসমূহ আগবঢ়াব পাৰে ―

১) বিষয় সহায়ক সেৱাৰ অধীনত শ্ৰেণী অনুযায়ী সকলো বিষয় ― বিজ্ঞান , গণিত , ইংৰাজী , পৰিৱেশ বিজ্ঞান , সমাজ বিজ্ঞান , ভাষা সম্পৰ্কীয় পাঠ লগতে কলা , বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও সেৱা ।

২) কলা আৰু হস্তশিল্প বিষয়ৰ অন্তৰ্গত সেৱা , যেনে ― স্থানীয় আৰু পৰম্পৰাগত কৃষ্টি-সংস্কৃতি , সংগীত , নৃত্য , নাট , উৎসৱ আদিৰ লগতে হাতেৰে প্ৰস্তুত কৰা সামগ্ৰী , পুতলা তৈয়াৰ কৰা ।

৩) যোগ অভ্যাস গঠন আৰু ক্ৰীড়া সম্পৰ্কীয় কাৰ্যকলাপত অংশগ্ৰহণ ।

৪) ভাষাজ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত সাধু কথা কোৱা , স্থানীয় ভাষাৰ মাধ্যমেৰে সৃষ্টিশীল গল্প , নাটক আৰু কল্পনা শক্তি বিকাশৰ বাবে পঠন , লিখন, শিকোৱা আদিত পাৰ্গত ব্যক্তিক জড়িত কৰা ।

৫) বৃত্তিমূলক কৌশল শিকন , দিব্যাংগ শিশুৰ সহায়ক শিকন , প্ৰাপ্তবয়স্ক শিক্ষা , শিশুৰ সাধু কথাৰ পুথি প্ৰস্তুতকৰণ , সাংস্কৃতিক আৰু ক্ৰিয়া-কলাপত অংশগ্ৰহণ ইত্যাদি সেৱা আগবঢ়াব পাৰে ।

৬) স্বেচ্ছাসেৱকসকলে বিভিন্ন ধৰনৰ সামগ্ৰী / সম্পত্তি / সঁজুলি অৱদান আগবঢ়াব পাৰে । অৱদানসমূহ মূলত :- মৌলিক অসামৰিক আন্ত:গাঁথনি , মৌলিক , শ্ৰেণীকোঠাৰ প্ৰয়োজনীয় সামগ্ৰী / সঁজুলি , বুনিয়াদী বৈদ্যুতিক আন্ত:গাঁথনি ( বিজুলী পাংখা , টিউব লাইট , ৰান্ধনীশালৰ বাবে এগজস্ত ফেন , জেনেৰেটৰ , ইনভাৰ্টাৰ আদি ) , আন্ত:গাঁথনি ( কম্পিউটাৰ , LED projector , Smart TV , Printers , Tablets , লেপটপ আদি ) সহ: বিদ্যায়তনিক কাৰ্যকলাপ  আৰু ক্ৰীড়া সামগ্ৰী , স্বাস্থ্য আৰু সুৰক্ষা সহায়ক ( প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী , হাতধোৱাৰ সুবিধা , চেনিটাইজাৰ , অগ্নিনিৰ্বাপক যন্ত্ৰ , Wheelchair , Hearing Aids , Sanitary pad vending / disposal machines ) , শিশুৰ উপযোগী বিভিন্ন সামগ্ৰী / সঁজুলি , শিকন শিক্ষণ সামগ্ৰী , বিদ্যালয়ৰ কাৰ্যালয়ৰ বাবে প্ৰয়োজনীয় আচ্ বাব , ষ্টেচনাৰী ইত্যাদি । অৱশ্যে এই অৱদানসমূহ বিদ্যালয়ভেদে ভিন্ন হব ।

         এই সংক্ৰান্তত বিদ্যালয়খনৰ প্ৰধানগৰাকীয়ে বিশেষ ভূমিকা তথা সহযোগিতা আগবঢ়াব লাগিব তেতিয়াহে  বিদ্যালয়খনে সংশ্লিষ্ট স্বেচ্ছাসেৱকৰ পৰা প্ৰাপ্ত সেৱা / কাৰ্যকলাপ / অৱদানৰ সহায়ত বিদ্যালয়ৰ শৈক্ষিক উন্নয়নত সমাজৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰিব আৰু বিদ্যালয়খনো লাভান্বিত হ’ব বুলি আশা কৰিব পাৰি ।

         বিদ্যাঞ্জলি আঁচনিখন সঠিক ৰূপায়নৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা তথা সকলো বিভাগ / স্বেচ্ছাসেৱী অনুষ্ঠান / প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী সহযোগিতাত অভিভাৱক , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , মাতৃগোট , শিক্ষানুৰাগী ব্যক্তি , স্থানীয় দায়িত্বশীল ব্যক্তিসকলে এক জনসচেতনতা গঢ়ি তুলিব লাগিব আৰু বিদ্যালয়ত সমাজৰ অংশগ্ৰহণ সুনিশ্চিত কৰি বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণত এক গতি প্ৰদান কৰিব  ।

         সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ ইতিবাচক চিন্তা , আন্তৰিক সহযোগিতা তথা স্বেচ্ছাসেৱী মানসিকতাৰ জড়িয়তে শিক্ষানুষ্ঠানখনত প্ৰয়োজনীয় আন্ত:গাঁথনিৰ উন্নয়ন আৰু শৈক্ষিক সমৰ্থনত সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষই বিশেষ ভূমিকা গ্ৰহণ কৰাটো বাঞ্ছনীয় ।   

       ' তত্বাৱধায়কৰ  একলম ' ৰ শেষত জ্ঞানম্ ই-আলোচনীখনৰ ৩য় বৰ্ষৰ ১ম সংখ্যাটো প্ৰকাশ কৰোঁতে অজ্ঞাতে ৰৈ যোৱা তথ্যগত ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ ।

        আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।

        আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ 

শ্ৰদ্ধাৰে -

ফুলপাহি নাথ ,

তত্বাৱধায়ক , জ্ঞানম্ ই-আলোচনী , কামৰূপ l

আৰু জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments