header ads

ভাৰতীয় শিক্ষা ব্যৱস্থাত বাপুজীৰ ভূমিকা l Assamese Article by Rajib Baruah

 ভাৰতীয় শিক্ষা ব্যৱস্থাত বাপুজীৰ ভূমিকা

               ১৯ শতিকাৰ মাজভাগৰ পৰা কুৰি শতিকালৈ পৃথিৱীত বহু মহান মনীষীয়ে জন্ম লাভ কৰিছিল । কিন্তু কোনোৱেই মহাত্মা গান্ধীৰ দৰে মানুহৰ চিন্তা আৰু কৰ্মজগতত গভীৰ প্ৰভাৱ পেলাব পৰা নাছিল । গান্ধীৰ আদৰ্শ আৰু কৰ্মই সমগ্ৰ মানৱজাতিৰ ওপৰত যি প্ৰভাৱ পেলালে তাৰ পৰিপ্ৰেক্ষিততেই বুদ্ধ আৰু যীশুখ্ৰীষ্টৰ পাছতেই মানুহে গান্ধীৰ স্থান নিৰূপণ কৰিব বিচাৰে । 

          ভাৰতীয় শিক্ষা ব্যৱস্থাত গান্ধীজীৰ বুনিয়াদী শিক্ষা হৈছে এক আকৰ্ষণীয় অধ্যয়ন আৰু গৱেষণাৰ বিষয় । উল্লেখযোগ্য যে , ইংৰাজ শাসন কালৰেই ই হৈছে এনে এক দেশীয় আৰু ভাৰতীয় শিক্ষা প্ৰচেষ্টা , যি পাশ্চাত্য শিক্ষাৰ প্ৰতি এক প্ৰত্যাহ্বান হৈ থিয় দিছিল । 

           ১৮৯৩ চনতেই গান্ধীজীয়ে কোম্পানীৰ বিচাৰ সংক্ৰান্তত ওকালতি কৰিবৰ বাবে দক্ষিণ আফ্ৰিকালৈ যায় । দক্ষিণ আফ্ৰিকাত বাপুজীৰ ভাৰতীয় শিশুসকলৰ শিক্ষাৰ দুৰৱস্থাৰ কথা দৃষ্টিগোচৰ হয় । দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সভালত প্ৰথম টলষ্টয় ফাৰ্ম স্থাপন কৰি নিজে এই অৱহেলিত শিশুসকলৰ শিক্ষাৰ বাবে এক পৰীক্ষামূলক ব্যৱস্থা উদ্ভাৱন কৰে । এই ফাৰ্ম আছিল এক প্ৰকাৰৰ গৃহ শিক্ষাৰ ব্যৱস্থা , য’ত তেওঁ পিতৃস্বৰূপে ঘৰুৱা পৰিৱেশত শিশুক শিক্ষা দিছিল । এই শিক্ষা আছিল ক্ৰিয়াভিত্তিক আৰু শিশুসকলে প্ৰতিদিনে ৮ ঘণ্টাকৈ দেহ-মন বিকাশৰ শিক্ষা লাভ কৰিছিল । এই শিক্ষা আছিল মৌখিক জাতীয় , য'ত কিতাপৰ ব্যৱহাৰ কৰা হোৱা নাছিল । বাপুজীয়ে প্ৰথমবাৰৰ বাবে কৰা এই শিক্ষামূলক পৰীক্ষা সফল হৈ উঠিছিল । 

            ১৯১৫ চনৰ জানুৱাৰী মাহত বাপুজী ভাৰতলৈ ঘূৰি আহে আৰু ৰবীন্দ্ৰনাথৰ শান্তি নিকেতনত প্ৰায় ৪ মাহ শিক্ষকতা কৰে । ইয়াৰ পিছত তেওঁ নিজ ৰাজ্য গুজৰাটলৈ গৈ টলষ্টয় ফাৰ্মৰ আৰ্হিত সবৰমতী আশ্ৰম স্থাপন কৰে । এই আশ্ৰমত শিশু , মহিলা আৰু প্ৰাপ্তবয়স্ক নিৰক্ষৰ লোকসকলক ক্ৰিয়াভিত্তিক শিক্ষাৰ যোগেদি জীৱনৰ কেতবোৰ মৌলিক আদৰ্শ যেনে সত্য , অহিংসা , আত্মনিৰ্ভৰশীলতা আদি আয়ত্ত কৰিবলৈ শিকোৱা হৈছিল । লাহে লাহে তেওঁৰ শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি হৈ সৰ্বভাৰতীয় দিশত প্ৰচাৰ হৈছিল । 

            ১৯৩৫ চনত মহাৰাষ্ট্ৰৰ ৱাৰ্ধা ( wardha ) জিলাৰ ১১ মাইল দূৰৈত সেৱাগ্ৰাম অঞ্চলত তেওঁ আন এখন আশ্ৰম স্থাপন কৰে । ইয়াৰ পৰাই বাপুজীয়ে বুনিয়াদী শিক্ষা আৰু ৰাজনৈতিক ক্ৰিয়াকলাপ পৰৱৰ্তী কালত পৰিচালনা কৰিবলৈ লয় ।

            শিক্ষা সম্বন্ধে তেওঁৰ নতুন ধাৰণা আৰু উপলব্ধি ' হৰিজনা ' নামৰ কাকতত এলানি প্ৰবন্ধ আকাৰে প্ৰকাশ কৰে । এই প্ৰকল্পসমূহ জাতীয় নেতাসকলৰ মাজত ক্ৰমে জনপ্ৰিয় হৈ উঠিবলৈ ধৰে । ১৯৩৭ চনৰ ৩১ জুলাইত লিখা প্ৰবন্ধ এটাত তেওঁ প্ৰকাশ কৰে - " এটা জাতি স্বৰূপে আমি শিক্ষাত ইমানেই পিছপৰা যে , টকাৰ ওপৰত এই আঁচনি নিৰ্ভৰ কৰিব লগা হ'লে এই প্ৰজন্মৰ পৰা এক নিৰ্দিষ্ট ফল আশা কৰিব নোৱাৰোঁ । " গান্ধীজীৰ মতে " শিক্ষা আত্ম-নিৰ্ভৰশীল হোৱা উচিত । " বাপুজীয়ে কয় যে , প্ৰতিযোগিতামূলক হস্তশিল্পৰ শিক্ষাৰ যোগেদি শিশুসকলক স্বাৱলম্বী কৰি গঢ়ি তুলিব পৰা যাব । 

         গান্ধীজীয়ে ১৯৩৭ চনৰ ২২ আৰু ২৩ অক্টোবৰত দুদিনীয়া সৰ্বভাৰতীয় শিক্ষা সন্মিলন আৰম্ভ কৰিছিল । এই সন্মিলনত ভাৰতবৰ্ষৰ শিক্ষাবিদ , কংগ্ৰেছ নেতা-কৰ্মীসকল আৰু কংগ্ৰেছ শাসিত ৭ খন ৰাজ্যৰ শিক্ষামন্ত্ৰী সকল উপস্থিত আছিল । এই সন্মিলনত দেশৰ প্ৰাথমিক শিক্ষা সম্বন্ধে চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছিল :

১) সৰ্বভাৰতীয় ভিত্তিত ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে ৭ বছৰৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিব লাগে । 

২) শিক্ষাদানৰ মাধ্যম মাতৃভাষা হ'ব লাগে । 

৩) এই সময়চোৱাৰ শিক্ষা ব্যৱস্থা উৎপাদনমুখী কৰি তুলিব লাগে আৰু ইয়াৰ বাবে এবিধ প্ৰয়োজনীয় হস্তশিল্পৰ শিক্ষা দিব লাগে ।

৪) এই শিক্ষাই শিক্ষকসকলৰ পাৰিশ্ৰমিকৰ কিছু অংশ যোগান ধৰিব পাৰিব লাগে । 

            বাপুজীৰ ৱাৰ্ধা ( wardha ) সন্মিলনত গ্ৰহণ কৰা শিক্ষাৰ এই আঁচনিক ৱাৰ্ধা আঁচনি ( warda scheme ) নামে জনা যায় আৰু ইয়াক জাতীয় শিক্ষা আঁচনি স্বৰূপে অভিহিত কৰা হয় । ৱাৰ্ধা শিক্ষা সন্মিলন পৰৱৰ্তী কাৰ্যব্যৱস্থা স্বৰূপে ১৯৩৮ চনত হৰিপুৰা নামে ঠাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । ৱাৰ্ধা শিক্ষা সন্মিলনৰ প্ৰস্তাৱ , জাকিৰ হুচেইন কমিটিৰ পৰামৰ্শ আৰু হৰিপুৰা কংগ্ৰেছৰ সিদ্ধান্ত কাৰ্যত পৰিণত কৰিবৰ বাবে কংগ্ৰেছ শাসিত ৰাজ্যবোৰত বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হয় । কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ ( Central Advisory Board ) ফালৰপৰাও বুনিয়াদী শিক্ষাৰ কাৰ্যকাৰীতাৰ সম্বন্ধে অধ্যয়ন কৰিবৰ বাবে ১৯৩৮ চনত বি. জি. খেৰক ( B. G. Kher Committee ) নিযুক্ত কৰা হয় । 

             ১৯৩৯ চনত হিন্দুস্তানী তালিমী সংঘ গঠন ( The All India Basic Education Society ) কৰাৰ লগতে মহাত্মা গান্ধীয়ে Nai Talim গঠন কৰে । বিহাৰ , মাদ্ৰাজ আৰু আনকি কাশ্মীৰতো এই শিক্ষাৰ বিকাশ ঘটে । বুনিয়াদী স্কুল আৰু শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যবোৰত স্থাপন কৰা হয় ।

            ১৯৪৪ চনত জাৰ্মান সকলক পৰাস্ত কৰি বিশ্ব মহাযুদ্ধত ইংৰাজসকলৰ জয় সুনিশ্চিত হৈ পৰে । ১৯৪৪ চনতেই ইংৰাজ চৰকাৰে চাৰ্জেণ্ট কমিটি ( Surgent Committee ) গঠন কৰে । এই কমিটিয়ে বুনিয়াদী শিক্ষাক ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা স্বৰূপে গ্ৰহণ কৰে । ইতিমধ্যে ৱাৰ্ধাত আন এখন জাতীয় শিক্ষা সন্মিলনত বুনিয়াদী শিক্ষাৰ অগ্ৰগতিৰ সম্বন্ধে বিচাৰ কৰি বুনিয়াদী শিক্ষাৰ বিস্তাৰৰ বাবে অধিক গুৰুত্ব দিয়া হয় । একেদৰে ৰাজ্যসমূহত বুনিয়াদী শিক্ষাৰ আইন প্ৰৱৰ্তন কৰি প্ৰাথমিক বিদ্যালয় সমূহ বুনিয়াদী স্কুললৈ ৰূপান্তৰিত কৰি তোলা হয় । ১৯৫৫ চনত অসমত এই আইন গ্ৰহণ কৰা হয় আৰু জাতীয়বাদৰ মনোভাৱ আৰু জাতীয় চেতনাই বুনিয়াদী শিক্ষাক ভাৰতীয় শিক্ষাৰ মৰ্যাদা প্ৰদান কৰে । 


লেখকৰ ঠিকনা:

ৰাজীৱ বৰুৱা।

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক,

হাজো বালক উচ্চ বুনিয়াদী বিদ্যালয়।

শিক্ষাখণ্ড: হাজো।

দূৰভাসঃ ৯৯৫৭৩১৩২০১



Post a Comment

0 Comments