header ads

দেউতা, ঋষভ প্ৰতীম বৈশ্য

 দেউতা


                                           দেউতা মানে হৈছে

যাৰ হাতত ধৰি আমি
প্ৰথম খোজ কাঢ়িবলৈ শিকোঁ ।
" আৰে ! ভয় কৰিছ কিয় ?
মই আছোতো ...। "
নিজে কষ্ট কৰি
সন্তানৰ ভবিষ্যত গঢ়া মানুহজন
হৈছে দেউতা ...
হাজাৰ শাসনৰ পিছতো
এটা মিঠা আদৰৰ মাত
হাজাৰ অভাৱৰ পিছতো
হাঁহি মুখেৰে সন্তানৰ
চাহিদা পূৰণ কৰা মানুহজন ...
দেউতা ...।
কঠোৰ পৰিশ্ৰমৰ পিছতো
ঘৰলৈ আহি সকলোৰে মুখত
হাঁহি বিৰিঙাই তোলা মানুহজন
দেউতা ...।



ঋষভ প্ৰতীম বৈশ্য
দশম শ্রেণী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া

Post a Comment

0 Comments