মানুহজন গ'লগৈ গুছি
মানুহজন গ'লগৈ ...
দীঘল দীঘল খোজবোৰেৰে
তেওঁ এতিয়া বিচৰণ কৰে
আমাৰ
দীৰ্ঘশ্বাস আৰু
হুমুনিয়াহ বোৰত ... ।
এখন চন্দ্ৰতাপৰ দৰে
যিয়ে আৱৰি আছিল
আমাৰ
সৰু সৰু আব্দাৰবোৰক ,
খোৱামেজত যাৰ
সংগই দিছিল
আমাক জীৱনৰ দৰ্শন।
তেওঁ গুছি গ'লগৈ সোঁৱৰণি নৈ হৈ ...
জীৱনবোধৰ সকলো সংজ্ঞাৰে চহকী
তেওঁ আছিল
আমাৰ
অবিশ্বাসী সময়ৰ
সাহস ...
তেওঁ শিকাইছিল
আমাক
ধৈৰ্য্যৰ সৰল সূত্ৰৰে
কিদৰে
কৰা হয় জটিল
জীৱনৰ গণিত ।
আজি তেওঁ নাই আমাৰ মাজত ...
আজি তেওঁ নাই
আমাৰ উশাহ নিশাহৰ দূৰত্বত
যদিওবা
তেওঁৰ মাত-কথাবোৰৰ
অপসৃয়মান ছাঁ এটাই
খোজ কাঢ়ি ফুৰে
আমাৰ
হৃদয়ৰ
নিৰ্জন দ্বীপত ...
অনবৰত ... ।।
0 Comments