header ads

নাটক, লাচিত বৰফুকন, মামণি কলিতা ,

 লাচিত বৰফুকন


 চৰিত্ৰসমূহ :

১/ স্বৰ্গদেউ 

২/ মন্ত্ৰী 

৩/ লাচিত বৰফুকন

৪/ মোমায়েক

৫/ সৈন্য 

৬/ বনুৱা

৭/ দূত
 ১ ম দৃশ্য 

( লাচিত বৰফুকনে পুৱতি নিশা গড় বন্ধা কাম চাবলৈ যাওঁতে গড় বন্ধা ঠাই , আগিয়াঠুৰিৰ পৰিস্থিতি )


লাচিত :- " মোৰ দেশতকৈ মোমাই ডাঙৰ নহয় "―

( বুলি একেঘাপে লাচিতে তৰোৱালেৰে মোমায়েকৰ মূৰটো কাটি মাটিত পেলাই দিয়ে । শুই থকা বনুৱা সকলে সাৰ পাই উঠে । )


সৈন্য : বনুৱাসকল , কামত ধৰা , কামত ধৰা । সেনাপতি বৰফুকন আহিছে । কামত গাফিলতি কৰা দেখি মোমায়েকক কাটি পেলালে । ভয়ংকৰ...

বনুৱা : ভগৱান , ৰক্ষা কৰা , ৰক্ষা কৰা । ধৰা সকলোৱে , জান-প্ৰাণ দি হ'লেও ৰাতিৰ ভিতৰতে গড়ৰ কাম শেষ কৰিবই লাগিব । নহ'লে ভীষণ বিপদ আহিছে দেশলৈ । বুজি লোৱা , বুজি লোৱা ।

সৈন্য : বহুত বিপদ , বহুত .. । পোহৰ হোৱাৰ আগতে গড় বন্ধা কাম শেষ নহ'লে ৰামসিংহই মোগল সৈন্যৰ বীৰত্বৰে আহি গুৱাহাটী দখল কৰি আমাক নি:শেষ কৰিব ।

বনুৱা : আমি আহোম বুলি মুখেৰে আমাৰ অসম বিচাৰিলেই নহ'ব । ধৰা সকলোৱে কামত , ধৰা ...

সৈন্য : ধৰা কামত , কাম শেষ নকৰিলে , এহাতে মোগল বাদশ্বাহে গুৱাহাটী দখল কৰি  আমাক মাৰিব । আনহাতে , বৰফুকন ডাঙৰীয়াই ডিঙি কাটিব । কাম শেষ কৰা ― নিজকে বচাবলৈ । অন্য উপায় নাই , অন্য উপায় নাই ..।

( লাচিত বৰফুকনৰ লগত অহা সৈন্যৰ মুখত বিপদৰ কথা শুনি বনুৱা সকলে জান-প্ৰাণ  দি কামত লাগি আৰু গড় বন্ধা কাম পোহৰ হোৱাৰ আগতে শেষ কৰিলে । এয়াই ইতিহাস প্ৰসিদ্ধ " মোমাই কটা গড় " )


.................................................
২ য় দৃশ্য


( ৰাজসভাৰ দৃশ্য । আলোচনা চলি আছে । )


স্বৰ্গদেউ :  মন্ত্ৰী , এগৰাকী উপযুক্ত সেনাপতিৰ প্ৰয়োজন । নহ'লে দিল্লীৰ পৰা আহি মোগল সম্ৰাট ঔৰংজেৱে , ৰাজপুত ৰজা ৰামসিংহৰ সৈতে গোপন ষড়যন্ত্ৰত মিলিত হৈ আমাৰ গুৱাহাটী আকৌ আক্ৰমণ কৰি সমগ্ৰ ৰাজ্যখনকে দখল কৰিব । ইতিমধ্যেই মোগলে-বঙালে সোতৰ বাৰ আক্ৰমণ কৰি সা-সম্পত্তি লুটি-পুতি নিলেই .. ।

মন্ত্ৰী : হয় স্বৰ্গদেউ , আমাৰ সা -সম্পত্তি নি নি আমাৰ ভড়াল উদং কৰিলে । হ'লেও দেশখন ৰসাতলে যাবলৈ দিব নোৱাৰোঁ ।

স্বৰ্গদেউ : তেন্তে যি আছে সেইখিনিকেই সাৰথি কৰি যুঁজিবলৈ শক্তি-সাহস থকা এগৰাকী উপযুক্ত সেনাপতিৰ সন্ধান কৰা হওঁক , শীঘ্ৰেই ।

মন্ত্ৰী : আমাৰ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত আছে । বৰ সাহসী আৰু সকলো কম-কাজতে বৰ পাকৈত ।

স্বৰ্গদেউ : মাতি পঠিওৱা হওক ।


লাচিত : (সেৱা জনাই ) স্বৰ্গদেউ , মোক কিবা হেতু মাতি পঠিয়ালে ?

স্বৰ্গদেউ : হয় , মোগলৰ হাতৰ পৰা গুৱাহাটী চিৰদিনৰ বাবে উদ্ধাৰ কৰিব লাগে । তাৰ বাবে লাগে এগৰাকী উপযুক্ত দেশপ্ৰেমিক বীৰ সেনাপতি , যি আমাৰ দেশ ৰক্ষা কৰিব পাৰিব ।

লাচিত : হয় স্বৰ্গদেউ , দেশ ৰক্ষা আমাৰ প্ৰধান দায়িত্ব । মৃত্যু বৰণ কৰি হ'লেও আমি গুৱাহাটী উদ্ধাৰ কৰিবই লাগিব ।

স্বৰ্গদেউ : শুনিছোঁ , তুমি বহু বিদ্যাত পাকৈত । আজি আমাক তুমি কি কি জানা , অলপ আভাস দিব লাগে ।

লাচিত : হয় , মই পিতৃৰ পৰা বহু কিবাকিবি বিদ্যা শিকিছোঁ । 

স্বৰ্গদেউ : কি কি বিদ্যা জানা ?


লাচিত : ঘোঁৰা চালনা , তৰোৱাল চালনা , কাঁড় মৰা হাতী চলোৱা , নাও চলোৱা আদি ।

( স্বৰ্গদেউৱে লাচিতৰ বীৰত্বপূৰ্ণ কথা শুনি ভিতৰি সিদ্ধান্ত ল'লে । )

স্বৰ্গদেউ : ঠিক আছে , পৰীক্ষা কৰি লৈ আমি সিদ্ধান্ত ল'ম , তুমি সাজু হোৱাগৈ ।

লাচিত : হ'ব স্বৰ্গদেউ । (লাচিতৰ সপোন _ " সেনাপতি হোৱা " , সফল হ'ব ওলোৱা দেখি লাচিতে ভিতৰি ভিতৰি বৰ সুখ পায় । )

(পট পৰে )
৩য় দৃশ্য



( মঞ্চত লাচিত , সৈন্য আৰু দূতৰ সৈতে )


লাচিত : আফুগুটি ? হাঃ হাঃ হাঃ ...পটাত পিহিলে পানী হৈ যাব । ( খুব জোৰেৰে তাচ্ছিল্যৰ সুৰত হাঁহে । ) হাঃ হাঃ হাঃ... ।

সৈন্য : ডাঙৰীয়া , আপোনাক চিনি পোৱা নাই যে ? (মৃদু হাঁহি)

লাচিত: ( ৰামসিংহক উদ্দেশ্যি ) ৰামসিংহ , আফুগুটি পঠিয়াইছ ? আমাৰ সৈন্যৰ সমুখত তহঁতৰ সৈন্য কাটি চেঁও চেঁও কৰি পেলাম । চাওঁ , এটা চুঙাত এচুঙা বালি লৈ অহা হওঁঁক । আমাৰ সৈন্যৰ পৰাক্ৰমৰ উমান দিয়া হওঁঁক ।

( দূতে ভয় খায় ‌)

দূত , এইচুঙাটো লৈ যা , ৰাজপুত ৰজাক দি ক'বি , হাঁহিছে বৰফুকনে , আফুগুটি দেখি ..।


সৈন্য : আমাৰ সৈন্যৰ পৰাক্ৰমী দেশপ্ৰেমৰ নিদৰ্শন এয়া । ৰজাক দেখুৱাবি ..।


লাচিত : যা , ৰাজপুত ৰজাক যুদ্ধলৈ সাজু হ'বলৈ ক'গৈ । এইবাৰ দেখুৱাম আমাৰ আইক আমি কিমান ভাল পাওঁ । হা: হা: হা: !

( সকলোৱে হাঁহে )


............................................................................
  ৪ ৰ্থ দৃশ্য

( যুদ্ধ চলি থাকে )


লাচিত : আগুৱাই যোৱা ।


সৈন্য : আপুনি এই নৰীয়া দেহাৰে কিয় আহিছে বৰফুকনদেউ ?

লাচিত : নাই , এতিয়া মোৰ দেহৰ কথা ভাবিব নোৱাৰোঁ । দেশ থাকিলেহে দেহ থাকিব । মোৰ দেহত শেষবিন্দু তেজ থকালৈকে মই দেশৰ হকে যুঁজি যাম ।

সৈন্য : বৰফুকন ডাঙৰীয়া , দেশৰ কথা আগত ৰাখি নিজৰ জ্বৰকো নেওচা দি যুদ্ধলৈ আহিছে । গতিকে, আমি আৰু বেছি সাহসেৰে যুঁজ দিওঁ । ব'লা, আগুৱাই ব'লা...।


( সৈন্য বাহিনীয়ে দুগুণ উৎসাহেৰে যুঁজত নামিল ।যাকে যেনিয়ে পাই , শত্ৰু সৈন্যক কাটি-চিঙি মষিমূৰ কৰিলে । তাকে দেখি মোগল আৰু ৰাজপুত সেনা যুদ্ধক্ষেত্ৰ এৰি উভতি পলাবলৈ বাধ্য হ'ল । )


লাচিত : জয় , অসম মাতৃৰ জয় ।


সৈন্য : জয় , অসম মাতৃৰ জয় ।


লাচিত : জয় , মাতৃভূমিৰ জয় ।


সৈন্য : জয় , মাতৃভূমিৰ জয় । জয় , বৰফুকন ডাঙৰীয়াৰ জয় ।

( পট পৰে )
 

............................................................................
মামণি কলিতা

সহ: শিক্ষয়িত্ৰী: বেৰী গাঁও প্ৰাথমিক বিদ্যালয়

শিক্ষা খণ্ড : ৰাণী


Post a Comment

0 Comments