header ads

বয়ঃসন্ধি সমস্যা , প্ৰত্যাহ্বান আৰু অভিভাৱকৰ কৰণীয়, প্ৰবন্ধ, দুলুমনি কলিতা

বয়ঃসন্ধি  সমস্যা , প্ৰত্যাহ্বান আৰু অভিভাৱকৰ কৰণীয়  


"Adolescence is the period of srorm and stress of life . "-- Stanley Hall .  
                                   
                                   
          মাতৃ গৰ্ভত থাকি নিৰ্দিষ্ট সময়ত ভূমিষ্ঠ হোৱাৰ পিছত বা জন্মমুহূৰ্তৰ পৰা গোটেই জীৱনব্যাপি চলা শিশুৰ বিকাশ প্ৰক্ৰিয়াক বিখ্যাত দাৰ্শনিক ৰুছোৱে প্ৰধানকৈ চাৰিটা স্তৰত ভাগ কৰিছিল । সেইকেইটা হʼল ------ 
১/ শৈশৱকাল  ( infancy ) ,
২/ বাল্যকাল  ( Childhood ) ,
৩/যৌৱনকাল ( Adolescence ) , 
৪/ যৌৱনোত্তৰ কাল ( Maturity ) ৷

বয়স অনুযায়ী এই স্তৰসমূহ হৈছে----

শৈশৱকাল----জন্মৰ পৰা পাঁচ বছৰলৈ
বাল্যকাল ---৫ বছৰৰ পৰা ১২ বছৰলৈ
যৌৱনকাল --১২ বছৰৰ পৰা ১৮ বছৰলৈ
যৌৱনোত্তৰ কাল--- ১৮ বছৰৰ পৰা গোটেই জীৱন ব্যাপি ।

  ‌  জীৱনৰ এই স্তৰসমূহ বয়সৰ ওপৰত ভিত্তি কৰি কৰা হৈছে । গতিকে এটা স্তৰৰ সৈতে আনটো স্তৰ ওতঃপ্ৰোতভাৱে জড়িত । শিক্ষাকে আদি কৰি সকলোখিনি এই স্তৰৰ ওপৰত ভিত্তি কৰিয়েই প্ৰয়োগ কৰা হয় । ওপৰোক্ত আটাইবোৰ বিকাশৰ স্তৰৰ ভিতৰত যৌৱন কালছোৱা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু জটিল বুলি কোৱা হয় । কাৰণ এইটো স্তৰত এটা শিশুৱে সৰ্বাংগীন বিকাশ লাভ কৰি প্ৰাপ্তবয়স্ক হৈ পৰে ।  জনন সামৰ্থ্যৰ বিকাশ হৈছে যৌৱনকাল বা বয়ঃসন্ধিৰ আৰম্ভণি । ছোৱালীৰ ক্ষেত্ৰত মাহেকীয়াৰ আৰম্ভণি আৰু ল'ৰাৰ ক্ষেত্ৰত স্বৰভঙ্গৰ প্ৰাৰম্ভিক লক্ষণবোৰ এই স্তৰৰ ভিতৰত পৰে ৷ ল'ৰা-ছোৱালী উভয় লিঙ্গৰ বাবেই এই সময়ছোৱা অতিশয় গুৰুত্বপূৰ্ণ । দৈহিক পৰিৱৰ্তনৰ লগে লগে মনোজগতত হোৱা বিভিন্ন ধৰণৰ পৰিৱৰ্তনে সদ্য যৌৱনপ্ৰাপ্ত ল'ৰা-ছোৱালীক অস্থিৰ আৰু উতনুৱা কৰি তোলে । বিভিন্ন মনোবিজ্ঞানীয়ে যৌৱনকালৰ এই সময়ছোৱাক খলা-বমা , ডকা-চাকনৈয়াৰে ভৰা এছোৱা কষ্টদায়ক সময় বুলি অভিহিত কৰিছে. । দেহ আৰু মনৰ দ্ৰুত আৰু বহুমুখী বিকাশৰ বাবে যৌৱনকাল মানৱ জীৱনৰ এটা জটিল স্তৰ ।
  
   মনোবিজ্ঞানী সকলৰ মতে বয়ঃসন্ধি সময়ছোৱাৰ উল্লেখযোগ্য পৰিৱৰ্তন আৰু বৈশিষ্ট্য সমূহ হৈছে :―
   
   ১) দৈহিক পৰিৱৰ্তন ( physical development ):― যৌৱনকালত দ্ৰুত গতিত আৰু আকস্মিকভাৱে হোৱা বিভিন্ন দৈহিক পৰিৱৰ্তন যেনে - দৈৰ্ঘ্য , ওজন , শৰীৰৰ পেশী , মাংসপেশী , হাড় , মস্তিষ্ক আৰু আন আন অঙ্গ-প্ৰত্যঙ্গই পূৰ্ণতা লাভ কৰে । ফলত ল'ৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্বৰ অধিকাৰী হয় । ইয়াৰ উপৰিও ৰক্ত-সঞ্চালন , শ্বাস-প্ৰশ্বাস আৰু পৰিপাক ক্ৰিয়া দ্ৰুত হৈ পৰে ।
   
   ২) মানসিক বিকাশ ( Mental development ):― শাৰীৰিক বিকাশৰ লগে লগে এই সময়ত বুদ্ধিৰ দ্ৰুত গতিত বৃদ্ধি হয় । মস্তিষ্কৰ গঠন প্ৰায় সম্পূৰ্ণ আৰু পৰিপক্ক হৈ উঠে । সেইবাবে এই সময়ছোৱাক উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষা গ্ৰহণ কৰাৰ উপযুক্ত সময় বুলি অভিহিত কৰা হয় আৰু শিক্ষা ব্যৱস্থাও তেনেধৰণে প্ৰস্তুত কৰা হয় ৷
   
   ৩) আবেগিক বিকাশ ( Emotional development ):― যৌৱনকালত ল'ৰা ছোৱালীৰ আবেগ-অনুভূতিৰ যথেষ্ট পৰিৱৰ্তন হয় । এই সময়ছোৱাত সিহঁত যথেষ্ট আবেগিক হৈ পৰে আৰু বিভিন্ন ধৰণৰ আবেগ যেনে, মৰম , ভালপোৱা , ঘৃণা , আদিক যথেষ্ট গুৰুত্ব দিয়ে ৷ সেইবাবেই এই সময়ছোৱাত আবেগৰ বশৱৰ্তী হৈ বিভিন্ন ধৰণৰ সমাজবিৰোধী কৰ্মতো লিপ্ত হৈ পৰে । কাৰণ দ্ৰুত গতিত হোৱা শাৰিৰীক বিকাশে মন-মগজুৰ পৰিৱৰ্তন কৰে ৷ সেই বাবেই এই সময়ছোৱাত সিহঁতে তিৰস্কাৰ , গ্লানি আদি সহ্য কৰিব নোৱাৰি বিপথে পৰিচালিত হৈ পৰে ।
   
   ৪) নৈতিক বিকাশ ( moral development ):― এই সময়ছোৱাত ল'ৰা-ছোৱালী নৈতিক অধিকাৰ , দায়িত্ব আদিৰ বিষয়ে সচেতন হোৱাৰ লগতে নৈতিকতা আৰু আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হোৱাৰ প্ৰৱণতা বেছি হয় ৷
 
৫) সামাজিক বিকাশ ( social development ):― নিজৰ অধিকাৰ আৰু দায়িত্ববোধৰ প্ৰতি কিশোৰ-কিশোৰীসকল যথেষ্ট সচেতন হৈ উঠে । এই বয়সত ল'ৰা-ছোৱালীবোৰে নিজকে সমাজৰ অংশ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰে ৷ এই কাৰণে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ আৰু সমাজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সুবিধা পালেই আগভাগ লবলৈ আগবাঢ়ে । সকলো সামাজিক কাম-কাজৰ যোগেদি প্ৰশংসা লাভ কৰিবলৈ তেওঁলোকে বৰকৈ আগ্ৰহ প্ৰকাশ কৰে ৷

৬)যৌন প্ৰেৰণা ( sex drive ):― যৌন চেতনা কৈশোৰ কালৰ অন্যতম প্ৰধান বৈশিষ্ট্য ৷ ফ্ৰয়দৰ মতে যৌন চেতনা হ'ল বয়ঃসন্ধিৰ মূল প্ৰেৰণা ৷ এই সময়ছোৱাত সেইবাবেই সিহঁতে বিপৰীত লিংগৰ প্ৰতি আসক্ত হৈ পৰে ৷

বয়ঃসন্ধিৰ চাহিদা সমুহ ( Need of Adolescence ):―

১) মুক্ত সক্ৰিয়তাৰ চাহিদা ,
২)সমাজ জীৱনৰ চাহিদা ,
৩) নতুন জ্ঞানৰ চাহিদা ,
৪) অভিব্যক্তিৰ চাহিদা ,
৫) জীৱন দৰ্শনৰ চাহিদা ,
৬) বৃত্তিৰ চাহিদা ,
৭) নৈতিকতাৰ চাহিদা ,
৮) যৌন তৃপ্তিৰ চাহিদা ৷

বয়ঃসন্ধিৰ সমস্যা সমুহ (problems of adolescence):―  বয়ঃসন্ধিৰ লাগে লগে ল'ৰা-ছোৱালী উভয়ৰে শৰীৰ , মন , চিন্তা , ধাৰণা অনুভূতি আদিৰ অভাৱনীয় পৰিৱৰ্তন পৰিলক্ষিত হয় । এই প্ৰচণ্ড পৰিৱৰ্তনে বোৱাই অনা বিকাশৰ ফলত উৎপন্ন হোৱা বিভিন্ন চাহিদা পূৰণত পিতৃ-মাতৃ , অভিভাৱক আৰু শিক্ষক সকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । এই সমস্যাসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হৈছে অপৰাধ প্ৰৱণতা । এই সময়ছোৱাৰ বিভিন্ন অপৰাধমূলক আচৰণবোৰ হ'ল ---
১) যৌন প্ৰৱণতা ,
২) ক্ৰোধজাত অপৰাধ ,
৩) মিথ্যাভাষণ ,
৪) শৃংখলা ভংগৰ প্ৰৱণতা ,
৫) আক্ৰমণাত্মক প্ৰৱণতা ,
৬) নেতিবাচক মনোভাব ,
৭) অবাধ্য হোৱা ,
৮) পলায়ন ইত্যাদি । 

     বয়ঃসন্ধিৰ কালছোৱা যদিও অতি জটিল সময় , আমি ইয়াক কেৱল সমস্যা বুলি হাত সাৱটি বহি থকা উচিত নহয় ৷ ঘৰত, বিদ্যালয়ত আৰু সমাজত সুস্থ পৰিবেশ আমিয়েই গঢ়ি তুলিব লাগিব ৷ কাৰণ আজিৰ কিশোৰে পৰৱৰ্তী কালত দেশ শাসনৰ বাঘজৰী হাতত ল'ব । গতিকে এই সময়ছোৱাত সিহঁতক সুবাটে যোৱাৰ আদৰ্শ দেখুৱাব লাগিব । অসুস্থ গৃহ পৰিবেশত বহুতো ল'ৰা-ছোৱালী কৈশোৰ অৱস্থাত বিপথে পৰিচালিত হ'বলৈ বাধ্য হয় । ল'ৰা-ছোৱালীৰ বাবে আবেগিক নিৰাপত্তাৰ অভাৱ , আৰ্থিক অনাটন , পিতৃ-মাতৃৰ উশৃংখল জীৱন , ঘৰত শাসনৰ অভাৱ , হাই-কাজিয়াৰে কলুষিত গৃহ পৰিবেশ , মৰম-স্নেহৰ অভাৱ , ঘৰত অত্যাধিক শাসন আদি উপাদান আমাৰ ঘৰবোৰত নোহোৱা কৰিবলৈ আমি পিতৃ-মাতৃ সকলো সচেতন হব লাগিব ৷


     হেইলী ব্ৰনাৰ , লয়লা ক'ল , চাটি আদি বিখ্যাত মনোবিজ্ঞানীসকলৰ মতে যিহেতু ল'ৰা-ছোৱালী গৃহ পৰিবেশত আবেগিক আৰু মানসিক সংঘাতত ভোগে আৰু তেওঁলোক বিপথে পৰিচালিত হ'বলৈ ধৰে , গতিকে পিতৃ-মাতৃ আৰু অভিভাৱকৰ এই ক্ষেত্ৰত ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু অপৰিসীম।



 দুলুমনি কলিতা
           খণ্ড সমল ব্যক্তি
           শিক্ষাখণ্ড : হাজো
    

Post a Comment

0 Comments